প্ৰধানমন্ত্ৰীয়ে কলকাতাত প্ৰায় ১৮,৬৮০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
এই প্ৰকল্পসমূহে পথ আন্তঃগাঁথনি, ৰেলৱে, বন্দৰ আৰু জাহাজকে প্ৰমুখ্য কৰি একাধিক খণ্ডক সামৰি লৈছে
প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পশ্চিম বংগত ছটা পুনৰ উন্নীত ৰেল ষ্টেচন উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ মাৰ্চত পশ্চিম বংগ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে কলকাতাত প্ৰায় ১৮,৬৮০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

অঞ্চলটোৰ পথ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ উদ্দীপনা স্বৰূপে প্ৰধানমন্ত্ৰীয়ে ৪২০ কিমিৰো অধিক দৈৰ্ঘ্যৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব, ইয়াৰ মূল্য প্ৰায় ১৬,৯৯০ কোটি টকা। উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছেঃ পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৯ আৰু পশ্চিম বংগৰ ৰাষ্ট্ৰীয় ঘাইপথ-১১৪ ৰ কিছু অংশ। এই প্ৰকল্পসমূহে পথ সুৰক্ষা বৃদ্ধি, যাত্ৰাৰ সময় হ্ৰাস, যানজঁট আৰু প্ৰদূষণ লাঘৱ, আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন আৰু পৰ্যটনক প্ৰসাৰিত তথা অঞ্চলটোৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কেইবাটাও নতুন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ-১১৬এ ৰ ২৩১ কিমি দৈৰ্ঘ্যৰ চাৰি-লেন খড়গপুৰ–মৰেগ্ৰাম অৰ্থনৈতিক কৰিডৰ অংশৰ পাঁচটা পেকেজ। খড়গপুৰ আৰু শিলিগুড়িৰ মাজৰ অৰ্থনৈতিক কৰিডৰৰ অংশ হিচাপে এই প্ৰকল্প পশ্চিম বংগৰ পশ্চিম মেদিনীপুৰ, বাংকুৰা, হুগলী, পূৰ্ব বৰ্ধমান, বীৰভূম আৰু মুৰ্ছিদাবাদৰ মাজেৰে পাৰ হৈ যাব। পোনপটীয়া খড়গপুৰ–মৰেগ্ৰাম সংযোগে যাত্ৰাৰ দূৰত্ব প্ৰায় ১২০ কিমি হ্ৰাস কৰাৰ লগতে প্ৰায় সাতৰ পৰা আঠ ঘন্টাৰ যাত্ৰাৰ সময় ৰাহি কৰিব। এই কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৬, ৰাষ্ট্ৰীয় ঘাইপথ-১৯, ৰাষ্ট্ৰীয় ঘাইপথ-১৪ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১২ কে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰো লগ লাগিব। ইয়াৰ ফলত বহু-কৰিডৰ সংযোগ শক্তিশালী হ’ব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-১৪ ত ৫.৬ কিমি দৈৰ্ঘ্যৰ চাৰি-লেন দুবৰাজপুৰ বাইপাছ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব, ইয়াৰ ফলত যাত্ৰাৰ সময় প্ৰায় এঘন্টা হ্ৰাস পাব। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-১৪ ত কাংছাবাটি আৰু শিলাবাটি নদীৰ ওপৰত অতিৰিক্ত চাৰি-লেন গুৰুত্বপূৰ্ণ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও জাহাজ আৰু বন্দৰ-সম্পৰ্কীয় প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ হালডিয়া ডক কমপ্লেক্সত ২ নং বাৰ্থৰ যান্ত্ৰিকীকৰণ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পই কাৰ্য্যক্ষম, দ্ৰুত আৰু পৰিবেশ-অনুকূল সামগ্ৰী পৰিচালনাৰ সুবিধা প্ৰদান কৰিব। এই প্ৰকল্পই কাৰ্গ’ পৰিচালনা ক্ষমতা বৃদ্ধি কৰিব, দক্ষ সম্পূৰ্ণ ৰেক ৰেল ল’ডিং ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিব, মূল পাৰ্ফমেন্স সূচকৰ অগ্ৰগতি সাধন কৰিব, বিপজ্জনক কাৰ্য্যকলাপত মানুহৰ সংস্পৰ্শ হ্ৰাস কৰি সুৰক্ষা বৃদ্ধি কৰিব আৰু নিয়োগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে খিদ্দেৰপুৰ ডকত (ডক ১ – পশ্চিম) পুনৰুজ্জীৱন প্ৰকল্প উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত একাধিক বন্দৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ হালদিয়া ডক কমপ্লেক্সত ৫ নং বাৰ্থৰ যান্ত্ৰিকীকৰণ। আন-আন প্ৰকল্পসমূহৰ ভিতৰত আছে কলকাতা ডক চিষ্টেমত বাস্কুল ব্ৰীজৰ পুনৰ নবীকৰণ; কিডাৰপ'ৰ ডক-I (পূব) আৰু ডক-II (পূব) ত নিষ্কাশন ব্যৱস্থাকে প্ৰমুখ্য কৰি য়াৰ্ড উন্নয়ন; হাওৰা ব্ৰীজ পাইলনৰ পৰা নিমতলা ঘাটলৈকে কলকাতা ৰিভাৰফ্ৰন্ট সুৰক্ষাৰ কাম; কলকাতা ডক চিষ্টেমত ইণ্ডেনচাৰ মেম’ৰিয়েল কমপ্লেক্সৰ ওচৰত ৰিভাৰ ক্ৰুজ টাৰ্মিনেল আৰু নদী পৰ্যটন সুবিধাৰ বাবে টাৰ্মিনেল বিল্ডিং নিৰ্মাণ।

ৰেল খণ্ডত প্ৰধানমন্ত্ৰীয়ে পুৰুলিয়া-আনন্দ বিহাৰ টাৰ্মিনেল (দিল্লী) এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। ইয়াৰ ফলত পশ্চিম বংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মাজত ৰেল সংযোগ শক্তিশালী হ’ব।

প্ৰধানমন্ত্ৰীয়ে অমৃত ষ্টেচন আঁচনিৰ অধীনত পুনৰ উন্নীত কৰা ছটা ৰেল ষ্টেচনো উদ্বোধন কৰিব। এই ষ্টেচনসমূহৰ ভিতৰত আছে কামাখ্যাগুৰি, অনাৰা, তামলুক, হালদিয়া, বাৰাভূম আৰু ছিউৰী।

প্ৰধানমন্ত্ৰীয়ে দুটা ৰেল প্ৰকল্পও ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিবঃ বেল্ডা আৰু দন্তানৰ মাজত ১৬ কিমি দৈৰ্ঘ্যৰ তৃতীয় ৰেলপথ তথা কলাইকুণ্ডা আৰু কানিমোহুলিৰ মাজত অট’মেটিক ব্লক চিগনেলিং ব্যৱস্থা। এই প্ৰকল্পসমূহে ৰেলৰ সুৰক্ষা আৰু সময়োপযোগিতাৰ অগ্ৰগতি সাধন, যানজঁট হ্ৰাস আৰু অঞ্চলটোৰ যাত্ৰীসকলৰ সামগ্ৰিক ইজ অৱ ট্ৰেভেলৰ বৰ্ধন ঘটাব।

এই পদক্ষেপসমূহে পশ্চিম বংগ আৰু পূব ভাৰতৰ আন্তঃগাঁথনিক শক্তিশালী কৰা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন আৰু অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ অবিৰত দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses pride in Indian lifter Rishikanta Singh Chanambam for winning Silver Medal
July 26, 2026

Prime Minister Shri Narendra Modi today expressed his pride in Indian lifter Rishikanta Singh Chanambam for winning a Silver Medal and also achieving his personal best. PM Modi stated that his determination and outstanding performance have brought immense joy to the nation.

Shri Modi wished that he may continue to scale greater heights and inspire many young athletes, conveying best wishes for his future endeavours.

In a post on X, the Prime Minister shared:

"Very proud of Indian lifter Rishikanta Singh Chanambam for winning a Silver Medal and also achieving his personal best. His determination and outstanding performance have brought immense joy to the nation. May he continue to scale greater heights and inspire many young athletes. Best wishes for his future endeavours!

#CWG2026"