বাৰাণসীত প্ৰায় ২২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰকল্পসমূহে একাধিক খণ্ডক সামৰি ল'ব : আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা, পৰ্যটন, নগৰ উন্নয়ন, সাংস্কৃতিক ঐতিহ্য আদি
স্মাৰ্ট বিতৰণ প্ৰকল্পৰ অধীনত বিভিন্ন কামৰ আধাৰশিলা স্থাপন আৰু বৈদ্যুতিক আন্তঃগাঁথনিৰ মাটিৰ তলৰ কামৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
সাংস্কৃতিকভাৱে উল্লেখযোগ্য জলভাগ সংৰক্ষণৰ লক্ষ্যৰে বিভিন্ন কুণ্ডত পানী বিশুদ্ধকৰণ আৰু ৰক্ষণাবেক্ষণৰ কামৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী
৯.৭ কোটিৰো অধিক কৃষকলৈ ২০,৫০০ কোটিতকৈ অধিক ধন হস্তান্তৰ কৰি পিএম-কিষানৰ ২০ সংখ্যক কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
পিএম-কিষান আৰম্ভ হোৱাৰ পৰা মুঠ বিতৰণ কৰা ধনৰ পৰিমাণে ৩.৯০ লাখ কোটি টকা অতিক্ৰম কৰিলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্টৰ পুৱা ১১ বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষে সভাত ভাষণ দিব।প্ৰকল্পসমূহে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা, পৰ্যটন, নগৰ উন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্যকে ধৰি একাধিক খণ্ডক সামৰি ল'ব , যাৰ লক্ষ্য হৈছে বাৰাণসীৰ সামগ্ৰিক নগৰ পৰিৱৰ্তন, সাংস্কৃতিক সজীৱতা, উন্নত সংযোগ, আৰু জীৱনৰ মান বৃদ্ধি কৰা।

বাৰাণসীৰ পথ সংযোগ উন্নত কৰাৰ বাবে তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ বাৰাণসী - ভাদোহী পথ আৰু ছীটাউনি- শ্বুল টংকেশ্বৰ পথৰ সম্প্ৰসাৰণ  আৰু শক্তিশালীকৰণৰ কামৰ শুভাৰম্ভ কৰিব; আৰু মোহন শৰাই - আদলপুৰা পথত যানজঁট লাঘৱ কৰিবলৈ হৰদত্তপুৰত ৰে'লৱে অভাৰব্ৰীজ মুকলি কৰিব। তেওঁ দলমণ্ডী, লাহৰতৰা-কোতৱা, গংগাপুৰ, বাবাতপুৰ আদিকে ধৰি একাধিক গ্ৰাম্য আৰু নগৰীয়া কৰিডৰ তথা  লেভেল ক্ৰছিং ২২চি আৰু খালিছপুৰ য়াৰ্ডত ৰে'লৱে অভাৰব্ৰীজকে ধৰি একাধিক গ্ৰাম্য আৰু নগৰীয়া কৰিড’ৰত ব্যাপকভাৱে পথ সম্প্ৰসাৰণ আৰু শক্তিশালীকৰণৰ আধাৰশিলা স্থাপন কৰিব।

অঞ্চলটোৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট বিতৰণ প্ৰকল্পৰ অধীনত বিভিন্ন কামৰ আধাৰশিলা স্থাপনৰ লগতে ৮৮০ কোটিৰো অধিক মূল্যৰ মাটিৰ তলত স্থাপন কৰিব বৈদ্যুতিক আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰিব  ।

পৰ্যটনৰ  বৃহৎ উত্থানৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে ৮টা নদীৰ পাৰৰ কুচ্চা ঘাটৰ পুনৰ উন্নয়ন, কালিকা ধামত উন্নয়নমূলক কাম, শিৱপুৰৰ ৰংলিদাস কুটীয়াত পুখুৰী  তথা  ঘাটৰ সৌন্দৰ্য্যবৰ্ধন, দুৰ্গাকুণ্ডৰ পুনৰুদ্ধাৰ আৰু পানী বিশুদ্ধকৰণ আদিৰ শুভাৰম্ভ কৰিব। তেওঁ কর্দমেশ্বৰ মহাদেৱ মন্দিৰত পুনৰুদ্ধাৰ কামৰ আধাৰশিলা স্থাপন কৰিব; কেইবাজনো স্বাধীনতা সংগ্ৰামীৰ জন্মস্থান কাৰ্খিয়াওনৰ উন্নয়ন; সাৰনাথ, ঋষি মাণ্ডৱী, আৰু ৰামনগৰ জ’নত চিটি ফেচিলিটি চেণ্টাৰ; লামাহীত থকা মুন্সি প্ৰেমচান্দৰ পূৰ্বপুৰুষৰ ঘৰৰ পুনৰ উন্নয়ন আৰু সংগ্ৰহালয়ৰ উন্নীতকৰণ আদিৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ কাঞ্চনপুৰত এখন নগৰীয়া মিয়াৱকী বনাঞ্চলৰ উন্নয়নৰ লগতে শ্বহীদ উদ্যান তথা আন ২১খন উদ্যানৰ পুনৰ উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধনৰ আধাৰশিলা স্থাপন কৰিব।

তদুপৰি সাংস্কৃতিকভাৱে উল্লেখযোগ্য জলভাগ সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰামকুণ্ড, মন্দাকিনি, শংকুলধাৰা আদিকে ধৰি বিভিন্ন কুণ্ডত পানী বিশুদ্ধকৰণ আৰু ৰক্ষণাবেক্ষণৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চাৰিটা ভাসমান পূজন মঞ্চ স্থাপন কৰিব। গ্ৰামাঞ্চলত খোৱাপানীৰ সুবিধা সুনিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জল জীৱন অভিযানৰ অধীনত ৪৭খন গ্ৰাম্য খোৱাপানী আঁচনিও উদ্বোধন কৰিব।

সকলোৰে বাবে গুণগত শিক্ষাৰ দৃষ্টিভংগীক আৰু আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে পৌৰসভাৰ সীমাৰ ভিতৰত ৫৩টা বিদ্যালয় ভৱনৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰিব। ইয়াৰ উপৰি  তেওঁ কেইবাটাও শৈক্ষিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, য’ত নতুন জিলা পুথিভঁৰাল নিৰ্মাণ আৰু জাখিনী, লালপুৰ আদিত চৰকাৰী হাইস্কুলৰ সজীৱ কৰি তোলাকে ধৰি কেইবাটাও শিক্ষামূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

স্বাস্থ্যৰ আন্তঃগাঁথনিৰ এক বৃহৎ উত্থানৰ বাবে  প্ৰধানমন্ত্ৰীয়ে মহামনা পণ্ডিত মদন মোহন মালবিয়া কেন্সাৰ চেণ্টাৰ আৰু হোমি ভাবা কেন্সাৰ হাস্পতালত ৰবটিক চাৰ্জাৰী আৰু চিটি স্কেনৰ সুবিধাকে ধৰি উন্নত চিকিৎসা সঁজুলি স্থাপনৰ শুভাৰম্ভ কৰিব। ইয়াৰ উপৰি  তেওঁ এখন হোমিঅ’পেথিক কলেজ আৰু হস্পিতালৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি  তেওঁ এটা পশু জন্ম নিয়ন্ত্ৰণ কেন্দ্ৰ তথা   কুকুৰৰ যত্ন কেন্দ্ৰও উদ্বোধন কৰিব।

বাৰাণসীত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে তেওঁৰ দৃষ্টিভংগীক আৰু আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে ড০ ভীমৰাও আম্বেদকাৰ ক্ৰীড়া ষ্টেডিয়ামত কৃত্ৰিম হকী টাৰ্ফ উদ্বোধন কৰিব। আইন প্ৰয়োগকাৰী কৰ্মীৰ সুবিধাৰ্থে প্ৰধানমন্ত্ৰীয়ে প্ৰদেশিক আৰ্মড কনষ্টেবলৰী (পিএচি) ৰামনগৰত ৩০০ জনীয়া বহুমুখী হল উদ্বোধন কৰাৰ লগতে কুইক ৰেচপন্স টিম (কিউআৰটি) বেৰেকৰ আধাৰশিলা স্থাপন কৰিব।

কৃষক কল্যাণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব পি এম কিষানৰ ২০ সংখ্যক কিস্তি। সমগ্ৰ দেশৰ ৯.৭ কোটিৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ২০,৫০০ কোটিতকৈ অধিক ধন স্থানান্তৰ কৰা হ’ব। এই শুভাৰম্ভনিৰ লগে লগে আৰম্ভণিৰ পৰাই আঁচনিৰ অধীনত কৰা  মুঠ ব্যয় ৩.৯০ লাখ কোটি টকা অতিক্ৰম কৰিব।

প্ৰধানমন্ত্ৰীয়ে কাশী সংসদ প্ৰতিযোগীতাৰ অধীনত স্কেচিং প্ৰতিযোগিতা, পেইন্টিং প্ৰতিযোগিতা, ফটোগ্ৰাফী প্ৰতিযোগিতা, খেল-ধেমালি প্ৰতিযোগিতা, জ্ঞান বৃদ্ধিৰ  প্ৰতিযোগিতা আৰু ৰোজগাৰ মেলাকে ধৰি বিভিন্ন অনুষ্ঠান আৰু প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্টেল উদ্বোধন কৰিব। লগতে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দিব্যাংগজন আৰু বৃদ্ধ হিতাধিকাৰীলৈ ৭৪০০ৰো অধিক সহায়ক সাহায্য বিতৰণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on respecting the diverse cultures of the world
June 29, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam:

“देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥"

The Subhashitam emphasizes that respecting the diverse cultures of the world fosters a sense of trust and cooperation among people, and strengthens mutual understanding and brotherhood.

The Prime Minister wrote on X;

दुनिया की अलग-अलग संस्कृतियों का सम्मान करने से लोगों के बीच विश्वास और सहयोग की भावना बढ़ती है। इससे आपसी समझ और भाईचारा और मजबूत होता है।

देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥