প্ৰধানমন্ত্ৰীয়ে ৬,১০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে বিভিন্ন বিমানবন্দৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত কেইবাটাও উন্নয়নমূলক পদক্ষেপো উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ২ বজাত তেওঁ আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব। ইয়াৰ পিছত, বিয়লি প্ৰায় ৪:১৫ বজাত তেওঁ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব। এই চিকিৎসালয়খনত বিভিন্ন চকুৰ ৰোগৰ বাবে বিস্তৃত পৰামৰ্শ আৰু চিকিৎসাৰ ব্যৱস্থা উপলব্ধ হ’ব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে উপস্থিত জনসাধাৰণক সম্বোধনো কৰিব।

বিমান সংযোগ বৃদ্ধিৰ প্ৰতিশ্ৰুতি অনুসৰি, প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৮৭০ কোটি টকা ব্যয়েৰে বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱে সম্প্ৰসাৰণ, নতুন টাৰ্মিনেল ভৱন নিৰ্মাণ আৰু সংশ্লিষ্ট কামৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ আগ্ৰা বিমানবন্দৰত ৫৭০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া, দৰভংগা বিমানবন্দৰত প্ৰায় ৯১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া আৰু বাগডোগ্ৰা বিমানবন্দৰত প্ৰায় ১৫৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া চিভিল এনক্লেভৰ আধাৰশিলাও স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰেৱা বিমানবন্দৰ, মা মহামায়া বিমানবন্দৰ, অম্বিকাপুৰ আৰু সৰসাৱা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব, যাৰ মুঠ ব্যয় ২২০ কোটি টকাৰো অধিক। এই বিমানবন্দৰসমূহৰ যাত্ৰী অহা-যোৱাৰ সৈতে জড়িত সংযুক্ত ক্ষমতা বছৰি ২.৩ কোটিতকৈ অধিক যাত্ৰীৰ হ’বগৈ। এই বিমানবন্দৰসমূহৰ ডিজাইন, অঞ্চলটোৰ ঐতিহ্য গঠনৰ সাধাৰণ উপাদানসমূহৰ দ্বাৰা প্ৰভাৱিত আৰু ডিজাইনত তাৰ অনুকৰণ কৰা হৈছে।

ক্ৰীড়াৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি প্ৰদানৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে খেলো ইণ্ডিয়া আঁচনি আৰু স্মাৰ্ট চিটি মিছনৰ অধীনত ২১০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মিত বাৰাণসী ক্ৰীড়া কমপ্লেক্সৰ পুনৰ উন্নয়নৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰিব। এই প্ৰকল্পৰ লক্ষ্য হৈছে এটা অত্যাধুনিক ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ, য’ত থাকিব ৰাষ্ট্ৰীয় উৎকৃষ্টতাৰ কেন্দ্ৰ, খেলুৱৈৰ হোষ্টেল, ক্ৰীড়া বিজ্ঞান কেন্দ্ৰ, বিভিন্ন ক্ৰীড়া অনুশীলনৰ খেলপথাৰ, ইনড’ৰ শ্বুটিং ৰেঞ্জ, কম্বেট ক্ৰীড়া খেলপথাৰ ইত্যাদি। তেওঁ লগতে লালপুৰৰ ড০ ভীমৰাও আম্বেদকাৰ ক্ৰীড়া ষ্টেডিয়ামত ১০০খন বিচনাযুক্ত ছোৱালী আৰু ল’ৰাৰ হোষ্টেল আৰু ৰাজহুৱা মণ্ডপ (পেভিলিয়ন) উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে সাৰনাথত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত অঞ্চলসমূহৰ বাবে পৰ্যটন উন্নয়নৰ কাম উদ্বোধন কৰিব। এই উন্নীতকৰণসমূহৰ ভিতৰত আছে পথচাৰীৰ বাবে অনুকূল পথ নিৰ্মাণ, নতুন নলাৰ লাইন আৰু উন্নত নিষ্কাশন ব্যৱস্থা, স্থানীয় হস্তশিল্প বিক্ৰেতাক উদ্গনি দিবৰ বাবে আধুনিক ডিজাইনৰ ভেণ্ডিং কাৰ্টৰ সৈতে সংগঠিত ভেণ্ডিং ষ্টেণ্ড ইত্যাদি।

প্ৰধানমন্ত্ৰীয়ে বানাসুৰ মন্দিৰ আৰু গুৰুধাম মন্দিৰত পৰ্যটন উন্নয়নৰ কাম, উদ্যানৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উন্নয়ন আদিৰ দৰে আন কেইবাটাও পদক্ষেপৰো উদ্বোধন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 08 আগষ্ট 2026
August 08, 2026

Infrastructure + Inclusion + Innovation: How PM Modi’s Agenda is Rewiring India’s Growth Engine