প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগ কৰি বিকাশ ঘটোৱা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
পথ, ৰে’ল, মেট্ৰ’ আৰু আঞ্চলিক পৰিবহণ ব্যৱস্থাসমূহত নিৰন্তৰ সংহতকৰণৰ সৈতে এক বহুমুখী পৰিবহণ কেন্দ্ৰ হিচাপে পৰিকল্পনা কৰা হৈছে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক
বছৰি ২.৫০ লাখ মেট্ৰিক টনৰো অধিক চম্ভালিব পৰাকৈ বিমানবন্দৰত এটা মাল্টি-মডেল কাৰ্গো হাবো অন্তৰ্ভুক্ত কৰা হৈছে, যাক প্ৰায় ১৮ লাখ মেট্ৰিক টনলৈ সম্প্ৰসাৰণ কৰিব পৰা যাব
প্ৰথমতে বিমানবন্দৰত প্ৰতি বছৰে ১ কোটি ২০ লাখ যাত্ৰীৰ (এম পি এ) যাত্ৰী পৰিচালনাৰ সামৰ্থ্য থাকিব, যাক ৭০ এম পি এ পৰ্যন্ত বৃদ্ধি কৰিব পৰা যাব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৮ মাৰ্চত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত তেওঁ গৌতম বুদ্ধ নগৰৰ জেৱাৰত অৱস্থিত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ মাজেৰে খোজ কাঢ়ি যাব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়টো উদ্বোধন কৰিব আৰু এই উপলক্ষে এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উদ্বোধনে গোলকীয় বিমান পৰিবহণৰ কেন্দ্ৰ হোৱাৰ দিশত ভাৰতৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এন চি আৰ)ৰ বাবে এক প্ৰধান আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ হিচাপে পৰিকল্পনা কৰা এই বিমান বন্দৰটোৱে দেশৰ বিমানবন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰে। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক দিল্লী এন চি আৰ অঞ্চলৰ বাবে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে বিকাশ ঘটোৱা হৈছে, যিটো ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিপূৰক। দুয়োটা বিমানবন্দৰে একেলগে এক সংহত বিমান পৰিবহণ ব্যৱস্থা হিচাপে কাম কৰিব, যান-জঁট হ্ৰাস কৰিব, যাত্ৰীৰ ক্ষমতা সম্প্ৰসাৰণ কৰিব, আৰু দিল্লী এনচিআৰক বিশ্বৰ আগশাৰীৰ বিমান পৰিবহণ কেন্দ্ৰৰ ভিতৰত স্থাপন কৰিব।

 

নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ভাৰতৰ সৰ্ববৃহৎ গ্ৰীণফিল্ড বিমানবন্দৰ প্ৰকল্পসমূহৰ ভিতৰত অন্যতম। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ (পি পি পি) আৰ্হিৰ অধীনত প্ৰায় ১১,২০০ কোটি টকাৰ মুঠ বিনিয়োগত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়টোৰ বিকাশ ঘটোৱা হৈছে। বিমানবন্দৰটোত প্ৰথমতে প্ৰতি বছৰে ১ কোটি ২০ লাখ যাত্ৰীৰ (এম পি এ) পৰিচালনা কৰাৰ ক্ষমতা থাকিব, সম্পূৰ্ণ বিকাশৰ পিছত ৭০ এম পি এ পৰ্যন্ত পৰিসৰযোগ্যতা থাকিব। ইয়াত ৩,৯০০ মিটাৰ দৈৰ্ঘ্যৰ ৰানৱে আছে যি বহল আকাৰৰ বিমান পৰিচালনা কৰিব পাৰে, লগতে দক্ষ, সকলো বতৰত দিনটোৰ ২৪ ঘণ্টাই কাম-কাজ কৰিব পৰাকৈ ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম (আই এল এছ) আৰু উন্নত এয়াৰফিল্ড লাইটিঙকে ধৰি আধুনিক নেভিগেচন প্ৰণালী আছে।

 

বিমানবন্দৰটোত এক শক্তিশালী কাৰ্গো ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে এক মাল্টি-মডেল কাৰ্গো হাব, য'ত এক সংহত কাৰ্গো টাৰ্মিনেল আৰু লজিষ্টিক জ'ন আছে। কাৰ্গো সুবিধাটো বছৰি ২.৫০ লাখ মেট্ৰিক টনৰো অধিক চম্ভালিব পৰাকৈ আৰ্হি প্ৰস্তুত কৰা হৈছে, যাক প্ৰায় ১৮ লাখ মেট্ৰিক টনলৈ সম্প্ৰসাৰণ কৰিব পাৰি আৰু ইয়াত ৪০ একৰজোৰা এলেকাত ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহল (এম আৰ অ’) সুবিধা আছে।

 

এক বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু আন্তঃগাঁথনি প্ৰকল্প হিচাপে আৰ্হি প্ৰস্তুত কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ লক্ষ্য হৈছে শূন্য নিৰ্গমন সুবিধা হিচাপে কাম-কাজ পৰিচালনা কৰা, শক্তি-দক্ষ ব্যৱস্থা আৰু পৰিৱেশগতভাৱে দায়বদ্ধ অনুশীলনসমূহক একত্ৰিত কৰা। ইয়াৰ স্থাপত্য নক্সাই ভাৰতীয় ঐতিহ্যৰ অনুপ্ৰেৰণাৰ পৰা প্ৰস্তুত কৰা হৈছে যত পৰম্পৰাগত ঘাট আৰু হাভেলীৰ কথা মনত পেলাই দিয়া উপাদানবোৰ অন্তৰ্ভুক্ত হৈছে, যাৰ ফলত আধুনিক আন্তঃগাঁথনিৰ সৈতে সাংস্কৃতিক সৌন্দৰ্য্যৰ সংমিশ্ৰণ ঘটিছে।

 

কৌশলগতভাৱে যমুনা এক্সপ্ৰেছৱে'ৰ কাষত অৱস্থিত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক পথ, ৰে'ল, মেট্ৰ' আৰু আঞ্চলিক পৰিবহণ ব্যৱস্থাসমূহৰ সৈতে সংহতকৰণৰ জৰিয়তে এক বহুমুখী পৰিবহণ কেন্দ্ৰ হিচাপে পৰিকল্পনা কৰা হৈছে, যি যাত্ৰী আৰু কাৰ্গোৰ বাবে দক্ষ সংযোগ নিশ্চিত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.