‘মহাপৰিনিৰ্বাণা মন্দিৰ’ত ‘অভিধম্ম দিৱস’ৰ কাৰ্যক্ৰমত ভাগ ল’ব
কুশীনগৰত ৰাজকীয় চিকিত্সা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু কুশীনগৰৰ বহুকেইটা উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০অক্টোবৰ, ২০২১ত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১০বজাত তেওঁ কুশীনগৰত স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। ইয়াৰ পিচতে তেওঁ মহাপৰিনিৰ্বাণা মন্দিৰত প্ৰায় ১১.৩০বজাত অনুষ্ঠিতব্য ‘অভিধম্ম দিৱস’ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১.১৫বজাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কুশীনগৰত স্থাপন কৰা বহুকেইটা উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।

কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উদ্বোধন

শ্ৰীলংকাৰ কলম্বোৰ পৰা প্ৰদৰ্শনীৰ বাবে অনা পবিত্ৰ বুদ্ধৰ অৱশেষ কঢ়িয়াই অনা ১২গৰাকী প্ৰতিনিধিকে ধৰি শতাধিক বৌদ্ধ ভিক্ষু কঢ়িয়াই অনা এখন বিমানৰ অৱতৰণৰে শুভাৰম্ভ হব কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ। এই প্ৰতিনিধি দলটোত শ্ৰীলংকাত থকা বৌদ্ধধৰ্মৰ চাৰিওটা ‘নিকাট’ বা পন্থ- ‘আছগিৰিয়া’, ‘অমৰাপুৰা’, ‘ৰামন্যা’, ‘মালৱাট্টা’ৰ ‘অনুনায়াকা’(উপ মুৰব্বী)ৰ লগতে শ্ৰীলংকা চৰকাৰৰ কেবিনেট মন্ত্ৰী নমল ৰাজাপাক্ষৰ নেতৃত্বত পাঁচগৰাকী মন্ত্ৰীৰ এটি দলো আহিব।

২৬০কোটি টকাৰ বিনিয়োগৰে কুশীনগৰ বিমানবন্দৰটোন নিৰ্মাণ কৰি উলিওৱা হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ভগবান বুদ্ধৰ ‘মহাপৰিনিৰ্বাণ স্থল’লৈ অহা পৰ্যটকসকলক পোণপতীয়াকৈ সেৱা আগবঢ়োৱাৰ লক্ষ্যৰেই এই বিমানবন্দৰটি নিৰ্মাণ কৰি উলিওৱা হৈছে। তদুপৰি বিমানবন্দৰটোৱে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ সমীপবৰ্তি বহুকেইখন জিলাৰ যাতায়াতৰ ক্ষেত্ৰতো বিশেষ সহযোগিতা আগবঢ়োৱাৰ লগতে অঞ্চলসমূহৰ বাণিজ্যিক আৰু নিয়োগ সম্ভাৱনীয়তাও বহু পৰিমাণে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। 

মহাপৰিনিৰ্বাণা মন্দিৰ অভিধম্মা দিৱস

প্ৰধানমন্ত্ৰীয়ে ‘মহাপৰিনিৰ্বাণা মন্দিৰ’ত ভগবান বুদ্ধৰ মূৰ্তিত প্ৰণাম জনাই ‘অৰ্চনা’ আৰু ‘চিৱাৰ’ আগবঢ়োৱাৰ উপৰি মন্দিৰ চৌহদত এটি বুধিবৃক্ষৰ পুলিও ৰোপণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘অভিধম্ম দিৱস’ উপলক্ষে আয়োজিত এক কাৰ্যক্ৰমতো অংশগ্ৰহণ কৰিব। উল্লেখ্য যে তিনিমাহ ধৰি উদযাপিত ‘বৰ্ষাবাস’ অথবা ‘বষা’ৰ সামৰণি হিচাপে উদযাপিত এই দিৱসৰ কাৰ্যক্ৰমত শ্ৰীলংকা, থাইলেণ্ড, ম্যানমাৰ, দক্ষিণ কোৰিয়া, নেপাল, ভূটান আৰু কম্বোদিয়াৰ বিশিষ্ট ভিক্ষুসকলৰ লগতে কেবাখনো দেশৰ ৰাষ্ট্ৰদূতেও অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বড়নগৰকে ধৰি বহুকেইখন ঠাইৰ পৰা সংগৃহীত বৌদ্ধ ধৰ্ম আধাৰিত বিভিন্ন পেইটিং, কেলীগ্ৰাফী তথা কাৰুকলাৰ এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership