লক্ষ্ণৌত ৮০,০০০কোটিৰো অধিক টকা পৰিমাণৰ ১৪০৬টা প্ৰকল্পৰ ‘ভূমি পূজন সমাৰোহ @৩.০’-ত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
​​​​​​​কানপুৰৰ পৰৌনখ গাঁৱত এক সমাৱেশ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

অহা ৩ জুন, ২০২২ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা দিনৰ ১১ বজাত তেওঁ লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত অনুষ্ঠিতব্য উত্তৰ প্ৰদেশ বিনিয়োগকাৰী শীৰ্ষ সন্মিলনৰ ‘ভূমি-পূজন সমাৰোহ ৩.০’-ত উপস্থিত থাকিব। দুপৰীয়া প্ৰায় ১.৪৫ বজাত তেওঁ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দৰ সৈতে পথ্ৰী মাতা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে কানপুৰৰ পৰৌনখ গাঁৱত উপস্থিত হ’বগৈ। দিনৰ প্ৰায় ২ বজাত তেওঁলোকে ড০ বি আৰ আম্বেডকাৰ ভৱন দৰ্শন কৰাৰ পিচত ২.১৫ বজাত তেওঁলোক ‘মিলন কেন্দ্ৰ’লৈ যাব। এয়া হৈছে মাননীয় ৰাষ্ট্ৰপতিৰ পৈতিক গৃহ ভৱন। ৰাজহুৱা ব্যৱহাৰৰ কাৰণে উচৰ্গা কৰা এই ভৱনটো ইতিমধ্যে সমূহীয়া কেন্দ্ৰ(মিলন কেন্দ্ৰ) হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ পিচত প্ৰায় ২.৩০ বজাত তেওঁলোকে এখন জন সমাৱেশত অংশ গ্ৰহণ কৰিব।

ভূমি পূজন সমাৰোহত প্ৰধানমন্ত্ৰীয়ে ৮০,০০০ কোটিৰো অধিক টকা বিনিয়োগযুক্ত ১৪০৬টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। কৃষি আৰু আনুষংগিক খণ্ড, তথ্য প্ৰযুক্তি তথা ইলেক্ট্ৰনিক্স, এমএছএমই, উত্পাদন, নৱীকৰণযোগ্য শক্তি, ঔষধ, পৰ্যটন, প্ৰতিৰক্ষা তথা এৰ’স্পেচ, হস্ত তাঁত আৰু বস্ত্ৰশিল্পকে ধৰি বিভিন্ন খণ্ডৰ প্ৰকল্প ইয়াত সামৰি লোৱা হৈছে। দেশৰ শীৰ্ষ স্থানীয় উদ্যোগপতিসকলে এই সমাৰোহত অংশগ্ৰহণ কৰিব।

স্মৰ্তব্য যে, ২০১৮ চনৰ ২১ আৰু ২২ ফেব্ৰুৱাৰীত ‘উত্তৰ প্ৰদেশ বিনিয়োগকৰ্তা শীৰ্ষ সন্মিলন’ অনুষ্ঠিত হৈছিল। সেই বছৰৰে ২৯ জুলাই আৰু ২০১৯ চনৰ ২৮ জুলাইত ক্ৰমে প্ৰথম আৰু দ্বিতীয় ‘ভূমি পূজন সমাৰোহ’ অনুষ্ঠিত হৈছিল। প্ৰথম ভূমি পূজন সমাৰোহত ৬৫,০০০ কোটি টকা বিনিয়োগযুক্ত ৮১টা আৰু দ্বিতীয় ভূমি পূজন সমাৰোহত ৬৭,০০০ কোটি টকা বিনিয়োগযুক্ত ২৯০টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।