উত্তৰ প্ৰদেশৰ ‘কিষাণ সন্মান সন্মিলন’ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী
‘প্ৰধানমন্ত্ৰী কিছান’ৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে, যাৰ পৰিমাণ ২০,০০০ কোটি টকাতকৈয়ো অধিক
প্ৰধানমন্ত্ৰীয়ে ‘কৃষি সখী’ হিচাপে আত্ম সহায়ক গোটৰ ৩০,০০০ ৰো অধিক মহিলাক প্ৰমাণপত্ৰ প্ৰদান কৰিব
প্ৰধানমন্ত্ৰীয়ে বিহাৰত ‘নালন্দা বিশ্ববিদ্যালয়’ৰ চৌহদ উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ আৰু ১৯ জুন, ২০২৪ ত উত্তৰ প্ৰদেশ আৰু বিহাৰ ভ্ৰমণ কৰিব।

১৮ জুনৰ সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলন’ত অংশগ্ৰহণ কৰিব। সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে ‘দশশ্বমেধ ঘাট’ত ‘গংগা আৰতি’ প্ৰত্যক্ষ কৰিব। তেওঁ নিশা প্ৰায় ৮ বজাত ‘কাশী বিশ্বনাথ মন্দিৰ’ত পূজা সম্পাদন কৰাৰ লগতে মন্দিৰ দৰ্শন কৰিব।

১৯ জুনৰ পুৱা প্ৰায় ৯.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে নালন্দাৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিব। পুৱা প্ৰায় ১০.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ চৌহদ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে  অনুষ্ঠানটোত সমবেত লোকসকলক উদ্দেশি ভাষণো কৰিব।

 

উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত কৰি ‘প্ৰধানমন্ত্ৰী কিষাণ নিধি’ৰ ১৭ সংখ্যক কিস্তি মুকলি কৰাৰ বাবে তেওঁৰ প্ৰথমটো ফাইলত স্বাক্ষৰ প্ৰদান কৰিছিল। এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰত্যক্ষ লাভ স্থানান্তৰণ ব্যৱস্থাৰ জৰিয়তে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ (পিএম-কিষাণ)ৰ অধীনত প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকক ২০,০০০ কোটি টকাৰো অধিক পৰিমাণৰ ১৭ সংখ্যক কিস্তিটো মুকলি কৰি দিব। এতিয়ালৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে ‘পিএম-কিছান’-ৰ অধীনত ৩.০৪ লাখ কোটি টকাৰো অধিক ধন লাভ কৰিছে।

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে আত্ম-সহায়ক গোট (এছএইচজি)ৰ ৩০,০০০ ৰো অধিক মহিলাক ‘কৃষি সখী’ হিচাপে প্ৰমাণপত্ৰ প্ৰদান কৰিব।

‘কৃষি সখী কনভাৰ্জেঞ্চ প্ৰগ্ৰাম’ (কেএছচিপি)ৰ লক্ষ্য হৈছে ‘কৃষি সখী’ হিচাপে গ্ৰাম্য মহিলা সৱলীকৰণৰ জৰিয়তে গ্ৰাম্য ভাৰতৰ পৰিৱৰ্তন সাধন কৰা, ‘কৃষি সখী’সকলক ‘পেৰা-এক্সটেনশ্যন শ্ৰমিক’ হিচাপে প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা। এই প্ৰমাণপত্ৰ পাঠ্যক্ৰমটো "লাখপতি দিদি" কাৰ্যসূচীৰ উদ্দেশ্যৰ সৈতেও সংগতি ৰাখি সম্পাদনৰ ব্যৱস্থা কৰা হৈছে।

 

বিহাৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ৰাজগীৰত ‘নালন্দা বিশ্ববিদ্যালয়’ৰ নতুন চৌহদ উদ্বোধন কৰিব।

‘ভাৰত আৰু পূব এছিয়া শীৰ্ষ সন্মিলন’ (ইএএছ)ৰ অংশদাৰ দেশসমূহৰ মাজত এক যৌথ সহযোগিতাৰে বিশ্ববিদ্যালয়খনৰ ধাৰণা বিকশিত কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ ‘মিছন’সমূহৰ মুৰব্বীসকলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

চৌহদটোত দুটা বৌদ্ধিক খণ্ড আছে, য'ত ৪০টা শ্ৰেণীকোঠাত মুঠ আসন সামৰ্থ্য প্ৰায় ১৯০০। ইয়াত দুটা প্ৰেক্ষাগৃহ আছে য'ত প্ৰতিটোতে ৩০০খন আসনৰ সামৰ্থ্য আছে। ইয়াত প্ৰায় ৫৫০ গৰাকী শিক্ষাৰ্থী থাকিব পৰা এটা ছাত্ৰ ছাত্ৰাবাস আছে। চৌহদটোত ২০০০ গৰাকীলৈকে ব্যক্তি থাকিব পৰা আন্তৰ্জাতিক কেন্দ্ৰ, এম্ফিথিয়েটাৰ, ফেকাল্টি ক্লাব আৰু ক্ৰীড়া চৌহদকে ধৰি অন্যান্য বিভিন্ন সা-সুবিধাও সম্বলিত কৰা হৈছে।

চৌহদটোক এটা 'নেট জিৰো' সেউজ চৌহদ হিচাপে গঢ়ি তোলা হৈছে। এই চৌহদ সৌৰ প্ৰকল্প, ঘৰুৱা আৰু খোৱা পানী শোধন প্ৰকল্প, বৰ্জিত পানী পুনৰ ব্যৱহাৰৰ বাবে পানী পুনৰ্ব্যৱহাৰ প্ৰকল্প, ১০০ একৰ আয়তনৰ জলাশয়, আৰু আন বহুতো পৰিৱেশ অনুকূল সা-সুবিধাৰ সৈতে স্ব-বহনক্ষম।

বিশ্ববিদ্যালয়খনৰ ইতিহাসৰ সৈতে গভীৰ সম্পৰ্ক আছে। প্ৰায় ১৬০০ বছৰ আগতে স্থাপিত মূল ‘নালন্দা বিশ্ববিদ্যালয়’খন বিশ্বৰ প্ৰথম আৱাসিক বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হয়। ২০১৬ চনত নালন্দাৰ ধ্বংসাৱশেষক ‘ৰাষ্ট্ৰসংঘৰ ঐতিহ্যক্ষেত্ৰ’ হিচাপে ঘোষণা কৰা হৈছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
বিভাজনৰ বিভীষিকাময় স্মৃতি দিৱসত বিভাজনে প্ৰভাৱিত কৰা লোকসকলৰ সাহসক স্মৰণ প্ৰধানমন্ত্ৰীৰ
August 14, 2026
কঠোৰ পৰিশ্ৰম আৰু মানৱীয় প্ৰচেষ্টাৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে আমি বিভাজন বিভীষিকাময় স্মৃতি দিৱস উদযাপন কৰাৰ সময়ত এই বিভাজনৰ দ্বাৰা প্ৰভাৱিতসকলৰ সাহসক স্মৰণ কৰিছো। তেওঁ কয় যে এয়া ইতিহাসৰ এনে এটা মুহূৰ্ত, য’ত বহুতো জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, য’ত পৰিয়ালসমূহ উৎখাত হৈছিল, বহুতে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে একে সময়তে এই বিভীষিকাময় সময় অতিক্ৰম কৰি জনসাধাৰণে শূন্যৰ পৰা পুনৰ তেওঁলোকৰ জীৱন আৰম্ভ কৰিছিল, প্ৰতিকূল অৱস্থাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁ কয় যে তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে। শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্পক গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰিব পাৰে।

সেই দুৰ্বিসহ সময়ৰ পৰা ওলাই আহি দেশৰ প্ৰগতিৰ বাবে অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে নিজৰ সাহস আৰু সামৰ্থ্যৰ জৰিয়তে তেওঁলোকে দেখুৱাইছে যে প্ৰতিকূল পৰিস্থিতিতো কেনেদৰে সংকল্প সম্পূৰ্ণ কৰা হয়। শ্ৰী মোদীয়ে সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

এটা সুভাশিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। তেওঁ লগতে কয় যে সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

‘আজি আমি #PartitionHorrorsRemembranceDay সোঁৱৰণ কৰিছো। বিভাজনৰ ফলত প্ৰভাৱিত সকলোৰে সাহসক আমি স্মৰণ কৰিছো। এইটো ইতিহাসৰ এনে এটা মুহূৰ্ত আছিল, য’ত বিভিন্ন জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, পৰিয়ালবোৰ উৎখাত হৈছিল, বহু লোকে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

একে সময়তে এইসমূহ অতিক্ৰম কৰি মানুহে তেওঁলোকৰ জীৱন শূন্যৰ পৰা পুনৰ আৰম্ভ কৰিছিল, প্রতিকূলতাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে।

এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্প গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰাত সহায় কৰক।’

‘বিভাজন বিভীষিকাময় স্মৃতি দিৱসত সেই ভয়ংকৰ সময়ৰ পৰা ওলাই অহাৰ পিছত দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁলোকে নিজৰ সাহস আৰু শক্তিৰে দেখুৱাইছিল যে কেনেকৈ প্ৰতিকূল পৰিস্থিতিতো সংকল্পবোৰ ৰূপায়ণ কৰিব পৰা যায়। আহক, আমি সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰো।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥’

কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।