তামিলনাডুত প্ৰধানমন্ত্ৰীয়ে ১৯,৮৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ আৰু জাহাজ পৰিবহন খণ্ডৰ সৈতে সম্পৰ্কিত একাধিক প্ৰকল্প ৰাষ্ট্ৰ নামত উৎসৰ্গিত হ'ব
প্ৰধানমন্ত্ৰীয়ে ‘তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ত নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব
কল্পক্কমৰ ‘আইজিচিএআৰ’ত থলুৱা প্ৰযুক্তিৰে বিকশিত ‘ডেমনষ্ট্ৰেশ্যন ফাষ্ট ৰিএক্টৰ ফুৱেল ৰিপ্ৰচেছিং প্লাণ্ট’ (ডিএফআৰপি) দেশবাসীৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ ৩৮ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ জানুৱাৰী, ২০২৪ত তামিলনাডু আৰু লক্ষদ্বীপ ভ্ৰমণ কৰিব।
তিৰুচিৰাপল্লীৰ ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক উপাধি আৰু বঁটা প্ৰদান কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধনো কৰিব।
১১০০ কোটিতকৈয়ো অধিক ব্যয়েৰে বিকশিত, দুটা পৰ্যায়ৰ নতুন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল ভৱন’টোত বছৰি ৪৪ লাখৰো অধিক যাত্ৰী আৰু ব্যস্ত সময়ত দৈনিক প্ৰায় ৩৫০০ যাত্ৰীলৈ সেৱা আগবঢ়োৱাৰ সামৰ্থ্য আছে। নতুন টাৰ্মিনেল ভৱনটোত যাত্ৰীসকলৰ সুবিধাৰ বাবে অত্যাধুনিক ব্যৱস্থাৱলী সংযোজিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ জানুৱাৰী, ২০২৪ত তামিলনাডু আৰু লক্ষদ্বীপ ভ্ৰমণ কৰিব।

২ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰী তামিলনাডুৰ তিৰুচিৰাপল্লীত উপস্থিত হ'ব। তেওঁ তিৰুচিৰাপল্লীৰ ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুপৰীয়া প্ৰায় ১২ বজাত তিৰুচিৰাপল্লীত এক ৰাজহুৱা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে বিমান, ৰে'ল, পথ, তেল আৰু গেছ, জাহাজ আৰু উচ্চ শিক্ষা খণ্ডৰ সৈতে সম্পৰ্কিত ১৯,৮৫০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশলৈ উৎসৰ্গা তথা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। আবেলি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰী লাক্ষাদ্বীপৰ আগাট্টিত উপস্থিত হ'বগৈ। তাত তেওঁ এক ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ৩ জানুৱাৰীৰ দিনা দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে লাক্ষাদ্বীপৰ কাৱাৰাট্টিত উপস্থিত হ'ব। ইয়াত তেওঁ দূৰসংযোগ, খোৱাপানী, সৌৰশক্তি আৰু স্বাস্থ্যৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰাৰ লগতে লক্ষদ্বীপত নিৰ্মাণ হ’ব লগা এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

তামিলনাডুত প্ৰধানমন্ত্ৰী

তিৰুচিৰাপল্লীৰ ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক উপাধি আৰু বঁটা প্ৰদান কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধনো কৰিব।

তিৰুচিৰাপল্লীত অনুষ্ঠিত ৰাজহুৱা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে ‘তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ত নিৰ্মিত নতুন ‘টাৰ্মিনেল ভৱন’ উদ্বোধন কৰিব। ১১০০ কোটিতকৈয়ো অধিক ব্যয়েৰে বিকশিত, দুটা পৰ্যায়ৰ নতুন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল ভৱন’টোত বছৰি ৪৪ লাখৰো অধিক যাত্ৰী আৰু ব্যস্ত সময়ত দৈনিক প্ৰায় ৩৫০০ যাত্ৰীলৈ সেৱা আগবঢ়োৱাৰ সামৰ্থ্য আছে। নতুন টাৰ্মিনেল ভৱনটোত যাত্ৰীসকলৰ সুবিধাৰ বাবে অত্যাধুনিক ব্যৱস্থাৱলী সংযোজিত কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক একাধিক গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্প উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত আছে ৪১.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘চালেম-মেগনেছাইট জংশ্যন-ওমালুৰ-মেট্টুৰ বান্ধ শাখা’ৰ দ্বৈতকৰণ প্ৰকল্প; মাদুৰাইৰ পৰা – তুতিকোৰিনলৈ ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ শাখা ৰে'লপথছোৱাৰ দ্বৈতকৰণ প্ৰকল্প; আৰু ৰে'লপথৰ বৈদ্যুতিকীকৰণ সম্পৰ্কী তিনিটা প্ৰকল্প- তিৰুচ্চিৰাপল্লী- মানামাদুৰাই- বিৰুধুনগৰ; বিৰুধুনগৰ – টেংকাচী জংশ্যন; চেংগোটাই – টেংকাচি জংশ্যন - তিৰুনেলভেলি- তিৰুচেন্দুৰ। ৰে'ল প্ৰকল্পসমূহে মালবাহী আৰু যাত্ৰী কঢ়িয়াই নিয়াৰ ৰে'ল সামৰ্থ্য উন্নত কৰাত সহায় কৰিব আৰু তামিলনাডুত অৰ্থনৈতিক বিকাশ আৰু নিযুক্তি সৃষ্টিত অৰিহণা যোগাব।

 

প্ৰধানমন্ত্ৰীয়ে পাঁচটা খণ্ডৰ পথ প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ-৮১ৰ ত্ৰিচী - কাল্লাগম শাখাৰ বাবে ৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰি লেনযুক্ত পথ; ৰাষ্ট্ৰীয় ঘাইপথ-৮১-ৰ ৬০ কিমি দীঘল কাল্লাগাম- মেনুচেৰুটি শাখাৰ ৪/২-লেনিং; ৰাষ্ট্ৰীয় ঘাইপথ-৭৮৫-ৰ চেট্টিকুলাম- নাথম শাখাৰ ২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ ৪ লেনিং; ৰাষ্ট্ৰীয় ঘাইপথ-৩৬-ৰ কাৰাইকুডি-ৰামনাথাপুৰম শাখাৰ কাষ পকীকৰণ লগতে ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ ২ লেনিং; আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১৭৯-এ চালেম - তিৰুপাথুৰ - ভানিয়াম্বাদি ৰোডৰ শাখাৰ ৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ লেনিং। এই পথ প্ৰকল্পসমূহে অঞ্চলটোৰ ৰাইজক সুৰক্ষিত আৰু দ্ৰুত ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু ত্ৰিচি, শ্ৰীৰঙ্গম, চিদাম্বৰম, ৰামেশ্বৰম, ধনুষকোড়ি, উথিৰাকোচামাংগাই, দেৱীপট্টিনম, এৰৱাড়ি, মাদুৰাই আদিৰ দৰে ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ সংযোগ উন্নত কৰিব।

 

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে ৩৩২-এ ৰাষ্ট্ৰীয় ঘাইপথৰ মুগাইয়ুৰৰ পৰা মাৰাক্কানামলৈ ৩১ কিলোমিটাৰ দীঘল চাৰি লেন পথৰ নিৰ্মাণ। এই পথটোৱে তামিলনাডুৰ পূব উপকূলৰ বন্দৰসমূহক সংযোগ কৰিব, বিশ্ব ঐতিহ্যক্ষেত্ৰ - মামল্লাপুৰমলৈ পথ সংযোগ বৃদ্ধি কৰিব আৰু কল্পক্কম পাৰমাণৱিক শক্তি প্ৰকল্পলৈ উন্নত সংযোগ প্ৰদান কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কামৰাজ বন্দৰৰ ‘জেনেৰেল কাৰ্গো বাৰ্থ-২’ (অটোমোবাইল এক্সপোৰ্ট/ইমপোৰ্ট টাৰ্মিনেল-২ আৰু কেপিটেল ড্ৰেজিং-ৰ পঞ্চম পৰ্যায়) দেশবাসীক উৎসৰ্গা কৰিব। ‘জেনেৰেল কাৰ্গো বাৰ্থ-২’ ৰ উদ্বোধন দেশৰ বাণিজ্য শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব, যিয়ে অৰ্থনৈতিক বিকাশ আৰু নিযুক্তি সৃষ্টিত সহায় কৰিব

 

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ কেবাটাও প্ৰকল্প উৎসৰ্গা কৰাৰ লগতে ৯০ কোটি টকাৰ গুৰুত্বপূৰ্ণ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰৰ নামত সমৰ্পিত কৰিব লগা দুটা প্ৰকল্পৰ ভিতৰত আছে ‘ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড’ (আইঅ'চিএল)ৰ ‘আইপি ১০১’ (চেঙ্গালপেট)ৰ পৰা ‘আইপি ১০৫’ (ছায়ালকুড়ি) শাখালৈ এননোৰ - থিৰুভাল্লুৰ - বেংগালুৰু - পুডুচেৰী - নাগাপট্টিনম - মাদুৰাই - তুতিকোৰিন পাইপলাইনলৈ ৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাকৃতিক গেছ পাইপলাইন; আৰু ‘হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্পোৰেশ্যন লিমিটেড’ (এইচপিচিএল)ৰ ৬৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘বিজয়ৱাড়া-ধৰ্মপুৰী মাল্টি প্ৰডাক্ট (পিঅ'এল) পেট্ৰ'লিয়াম পাইপলাইন’ (ভিডিপিএল)।

 

তদুপৰি, আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে ‘গেছ অথৰিটী অব ইণ্ডিয়া লিমিটেড’ (গেইল)ৰ ‘কৃষ্ণগিৰিৰ পৰা কোটি-কোট্টানাড-বাংগালোৰ-মাংগালোৰ গেছ পাইপলাইন ২’ (কেকেবিএমপিএল 2)ৰ পৰা ‘কোচি-কোট্টানাড-মাংগালোৰ গেছ পাইপলাইন ২’ (কেকেবিএমপিএল 2)লৈ ৩২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাকৃতিক গেছ পাইপলাইনৰ বিকাশ; আৰু চেন্নাইৰ ভেলুৰত প্ৰস্তাৱিত ‘গ্ৰাছ ৰুট টাৰ্মিনেল’ৰ বাবে ‘কমন কৰিডৰ’-ত ‘পিঅ’এল পাইপলাইন’ প্ৰকল্প। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডৰ এই প্ৰকল্পসমূহ অঞ্চলটোত শক্তিৰ ঔদ্যোগিক, ঘৰুৱা আৰু বাণিজ্যিক প্ৰয়োজনীয়তা পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। এইসমূহ প্ৰকল্পই অঞ্চলটোত নিয়োগ সম্ভাৱনা সৃষ্টি কৰাৰ লগতে নিয়োজনত অৰিহণা যোগাব।

 

প্ৰধানমন্ত্ৰীয়ে কালপক্কমৰ ‘ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ এটমিক ৰিচাৰ্ছ’ (আইজিচিএআৰ)ত ‘ডেমনষ্ট্ৰেশ্যন ফাষ্ট ৰিএক্টৰ ফুৱেল ৰিপ্ৰচেছিং প্লাণ্ট’ (ডিএফআৰপি) দেশবাসীলৈ উৎসৰ্গা কৰিব। ৪০০ কোটি টকা ব্যয়েৰে বিকশিত ‘ডিএফআৰপি’-ত এক অনন্য আৰ্হি ব্যৱহাৰ কৰা হৈছে। এনে আৰ্হি ব্যৱহাৰ কৰা বিশ্বৰ একমাত্ৰ প্ৰকল্পটো ইয়াৰ দ্ৰুত চুল্লিৰ পৰা নিষ্কাশিত কাৰ্বাইড আৰু অক্সাইড ইন্ধন দুয়োটাৰে পুনৰ সংসাধন কৰাৰ সামৰ্থ্যযুক্ত হ’ব।  সম্পূৰ্ণৰূপে ভাৰতীয় বিজ্ঞানীসকলে এই আৰ্হি যুগুতাই উলিয়াইছে আৰু বৃহৎ বাণিজ্যিক-পৰিসৰত ‘ফাষ্ট ৰিএক্টৰ ফুৱেল ৰিপ্ৰচেছিং প্ৰকল্প’ নিৰ্মাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

 

অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (এনআইটি)-তিৰুচিৰাপল্লী’ৰ ৫০০খন বিচনাযুক্ত ছাত্ৰাবাস 'এমেথীষ্ট' উদ্বোধন কৰিব।

 

লক্ষদ্বীপত প্ৰধানমন্ত্ৰী

লক্ষদ্বীপ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ১১৫০ কোটি টকাৰ অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

 

এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘কোচি-লাক্ষাদ্বীপ দ্বীপপুঞ্জ সাগৰৰ বুকুৰে পৰিবাহিত অপ্টিকেল ফাইবাৰ সংযোগ (কেএলআই - এছঅ'এফচি) প্ৰকল্প’ শুভাৰম্ভ কৰি লক্ষদ্বীপ দ্বীপপূঞ্জত ধীৰ গতিৰ ইণ্টাৰনেটৰ সমস্যাৰ অন্ত পেলাব। স্মৰ্তব্য যে, ২০২০ চনৰ আগষ্টমাহত লালকিল্লাত প্ৰদান কৰা স্বাধীনতা দিৱসৰ ভাষণত  প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পৰ কছা ঘোষণা কৰিছিল। প্ৰকল্পটো এতিয়া সম্পূৰ্ণ হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। ইয়াৰ ফলত ১০০গুণতকৈয়ো অধিক হাৰত ইণ্টাৰনেটৰ গতি বৃদ্ধি হ'ব (১.৭ জিবিপিএছৰ পৰা ২০০ জিবিপিএছলৈ)। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে লক্ষদ্বীপ সাগৰৰ বুকুৰে লৈ যোৱা ‘ফাইবাৰ অপ্টিক কেবল’ৰ জৰিয়তে সংযোজিত হ'ব। সমৰ্পিত ‘চাবমেৰিন অ'এফচি’য়ে লাক্ষাদ্বীপ দ্বীপপুঞ্জত যোগাযোগ আন্তঃগাঁথনিৰ এক দৃষ্টান্তমূলক ৰূপান্তৰণ নিশ্চিত কৰিব, যাৰ ফলত দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য ইণ্টাৰনেট সেৱা, টেলিমেডিচিন, ই-গভৰ্ণেন্স, শৈক্ষিক পদক্ষেপ, ডিজিটেল বেংকিং, ডিজিটেল মুদ্ৰা ব্যৱহাৰ, ডিজিটেল সাক্ষৰতা আদি সক্ষম হৈ উঠিব।

 

প্ৰধানমন্ত্ৰীয়ে কাদমত ‘ল’ টেম্পাৰেশ্যাৰ থাৰ্মেল ডিচেলিনেশ্যন’ (এলটিটিডি) প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ই প্ৰতিদিনে ১.৫ লাখ লিটাৰ পৰিষ্কাৰ খোৱাপানী উৎপাদন কৰিব। প্ৰধানমন্ত্ৰীয়ে আগাট্টি আৰু মিনিকয় দ্বীপপুঞ্জৰ সকলো পৰিয়ালত ‘ফাংশ্যনেল হাউছহ’ল্ড টেপ কানেকশ্যন’ (এফএইচটিচি)প্ৰদান কৰিবলগীয়া প্ৰকল্পটোও দেশবাসীৰ নামত উৎসৰ্গা কৰিব। লক্ষদ্বীপ দ্বীপপূ্ঞ্জত খোৱা পানীৰ উপলব্ধতা সদায়ে এক প্ৰত্যাহ্বান আছিল, কিয়নো প্ৰবাল দ্বীপ হিচাপ ইয়াত ভূগৰ্ভস্থ পানীৰ উপলব্ধতা অতি সীমিত। বিশুদ্ধ খোৱাপানীৰ এই প্ৰকল্পসমূহে দ্বীপসমূহৰ পৰ্যটন সামৰ্থ্যক শক্তিশালী কৰাত সহায় কৰিব, যাৰ ফলত স্থানীয় নিয়োগৰ সুযোগ বৃদ্ধি পাব।

 

ৰাষ্ট্ৰলৈ সমৰ্পিত অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে কাভাৰাট্টিত সৌৰ শক্তি প্ৰকল্প আৰু কাভাৰাট্টিত ‘’ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবিএন) কমপ্লেক্স’ৰ নতুন প্ৰশাসনিক খণ্ড আৰু ‘৮০ মেন বেৰেক’। উল্লেখ্য যে কাভাৰাট্টিত সৌৰ শক্তি প্ৰকল্পটো হৈছে লাক্ষাদ্বীপৰ প্ৰথমটো ‘বেটাৰী সমৰ্থিত সৌৰ শক্তি প্ৰকল্প’। ই ডিজেল আধাৰিত শক্তি উৎপাদন প্ৰকল্পৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কালপেনিত প্ৰাথমিক স্বাস্থ্য সেৱা সুবিধাৰ নৱীকৰণ আৰু আন্দ্ৰোথ, চেতলাট, কাদমত, আগাট্টি আৰু মিনিকয়ৰ পাঁচটা দ্বীপত পাঁচটা ‘মডেল অংগনৱাড়ী কেন্দ্ৰ’ (নন্দ ঘৰ)ৰ আধাৰশিলা স্থাপন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The inauguration of Swaminarayan Temple is a new milestone in the cultural relations between India and France: PM Modi
September 06, 2026
It is a matter of great joy that BAPS Swaminarayan Hindu Mandir is being inaugurated in Paris: PM
This temple will surely enrich the diversity of France and energize our cultural relations: PM
India-France Strategic Partnership is special as it rests on the strong foundation of old cultural and political bonds: PM

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!