প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৫ ফেব্রুৱাৰীত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব। তেওঁ পুডুচেৰীত পুৱা ১১.৩০ মিনিটত বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কইম্বাটোৰত প্রধানমন্ত্রীয়ে বিয়লি ৪বজাত এলানি আন্তঃগাঁথনিমূলক প্রকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব।

তামিলনাডুত প্রধানমন্ত্রী

প্রধানমন্ত্রীয়ে নেভেলীত নতুন তাপবিদ্যুৎ প্রকল্প দেশবাসীৰ নামত উচৰ্গা কৰিব। লিগনাইটভিত্তিক এই বিদ্যুৎ উৎপাদন কেন্দ্রৰ পৰা ১,০০০ মেগাৱাট বিদ্যুৎ উৎপাদিত হ’ব। এই স্থাত ৫০০ মেগাৱাট ক্ষমতাসম্পন্ন দুটা ইউনিট নিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে ৮,০০০ কোটি টকা ব্যয় হৈছে। নেভেলীৰ লিগনাইট খনিৰ পৰা ইন্ধন পোৱা যাব। এই খনিত যথেষ্ট পৰিমাণে লিগনাইট মজুত আছে। তাপবিদ্যুৎ কেন্দ্রত যি ছাই পোৱা যাব, সেয়া সকলোবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। তামিলনাডু, কেৰালা, কর্ণাটক, অন্ধ্রপ্রদেশ, তেলেংগানা আৰু পুডুচেৰীত এই বিদ্যুৎ কেন্দ্রৰ পৰা উৎপাদিত বিদ্যুৎ যোগান ধৰা হ’ব। তামিলনাডু এই কেন্দ্ৰত উৎপাদিত বিদ্যুতৰ ৬৫ শতাংশ বিদ্যুৎ লাভ কৰিব৷

প্রধানমন্ত্রীয়ে এনএলচিআইএলৰ ৭০৯ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্পটোও দেশবাসীৰ নামত উচৰ্গা কৰিব। তিৰুনেলভেলী, তুটিকোৰিন, ৰামানাথাপুৰম আৰু বিৰোধুনগৰ জিলাত মুঠ ২,০৭০ একৰ ভূমিৰ ওপৰত এই সৌৰ বিদ্যুৎ কেন্দ্র স্থাপন কৰা হৈছে। ইয়াৰ নির্মাণৰ বাবে ৩,০০০ কোটি টকা ব্যয় হৈছে।

প্রধানমন্ত্রীয়ে নিম্ন ভবানী প্রকল্প ব্যৱস্থাপনাৰ সম্প্রসাৰণ আৰু নতুন ৰূপত নিৰ্মাণ কৰা আধুনিকীকৰণ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। ১৯৫৫ চনত ভবানী সাগৰ জলধাৰ আৰু খাল খননৰ কাম শেষ হৈছিল। নিম্ন ভবানী ব্যৱস্থাপনাত আৰাকানকোট্টাই, থাৰাপল্লী আৰু কোলিংগৰায়ন খাল আৰু নিম্ন ভবানী প্রকল্পৰ খাল আছে। ইৰোড, তিৰুপ্পুৰ আৰু কাৰুৰ জিলাৰ ২লাখ একৰ ভূমিত এই ব্যৱস্থাপনাৰ জৰিয়তে জলসিঞ্চনৰ কাম কৰা হয়। নার্বাডৰ আন্তঃগাঁথনিমূলক উন্নয়নমূলক সহযোগিতাত ৯৩৪ কোটি টকা ব্যয়েৰে নিম্ন ভবানী প্রকল্প ব্যৱস্থাপনাৰ সম্প্রসাৰণ আৰু আধুনিকীকৰণৰ কাম কৰা হ’ব। ইয়াৰ মূল লক্ষ্য হৈছে বর্তমানৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন আৰু খালসমূহৰ বহনক্ষমতা বৃদ্ধি কৰা। ইয়াৰ জৰিয়তে খালসমূহৰ সংস্কাৰ, ৮২৪খন শ্লুইচ গেট নিৰ্মাণ, ১৭৬টা নলা আৰু ৩২খন দলং নিৰ্মাণ কৰা হ’ব।

প্রধানমন্ত্রীয়ে ৮ লেনৰ কোৰামপাল্লাম সেতু আৰু ভি.ও.চিদাম্বৰনাৰ বন্দৰত ৰে’ল লাইনৰ ওপৰত উৰণীয়া সেতু উদ্বোধন কৰিব। চিদাম্বৰনাৰ বন্দৰ দেশৰ অন্যতম বৃহৎ বন্দৰ। ১৯৬৪ চনত নির্মিত ১৪ মিটাৰ ওখ বর্তমান কোৰামপাল্লাম সেতু ব্যৱহাৰ কৰি বন্দৰৰ ৭৬ শতাংশ সামগ্ৰী ইয়াৰ পৰা পৰিবহণ কৰা হয়। এই দলঙৰ ওপৰত দৈনিক ৩,০০০খন মালবাহী ট্রাক চলাচল কৰে। ইয়াৰ ফলত প্রবল যানজঁটৰ সৃষ্টি হয়, যাৰ ফলশ্রুতিত সামগ্ৰী উঠোৱা-নমোৱাৰ ক্ষেত্রত যথেষ্ট সময় লাগি যায়। বন্দৰ এলেকাক যানজঁট মুক্ত কৰাৰ লগতে সামগ্ৰী উঠোৱা-নমোৱাৰ ক্ষেত্রত সকলো ধৰণৰ বাধা দূৰ কৰিবলৈ ৮ লেনৰ কোৰামপাল্লাম সেতু আৰু ৰে’ল লাইনৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে। ইয়াত পুৰণি দলঙৰ দুই মুৰত আৰু ২টা লেন (৮.৫ মিটাৰ) নিৰ্মাণ কৰা হৈছে। তদুপৰি, চিটী লিংক চাৰ্কোলৰ সৈতে ৪২ কোটি টকা ব্যয়েৰে টিটিপিচি চাৰ্কোলৰ মাজৰ পথটোও ওখ কৰা হৈছে। সাগৰমালা প্রকল্পৰ জৰিয়তে এই প্রকল্পত বিত্ত যোগান ধৰা হৈছে।

প্রধানমন্ত্রীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰত ৫ মেগাৱাট ক্ষমতাসম্পন্ন গ্রিডৰ সৈতে যুক্ত এটা সৌৰ বিদ্যুৎ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ নির্মাণ ব্যয় হ’ব ২০ কোটি টকা। ইয়াৰ পৰা বছৰত ৮০ লাখ ইউনিট বিদ্যুৎ উৎপাদন হ’ব। ইয়াৰ ফলত বন্দৰৰ মুঠ বিদ্যুতৰ ৫৬ শতাংশ চাহিদা পুৰণ সম্ভৱ হ’ব আৰু কার্বন নিৰ্গমণ হ্রাস পাব।

প্রধানমন্ত্রীয়ে সহজ জীৱন যাত্রা নিশ্চিত কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী আবাস যোজনা (চহৰাঞ্চল) প্রকল্পৰ অধীনতত বস্তিবাসীৰ বাবে নির্মিত গৃহও উদ্বোধন কৰিব। তিৰুপ্পুৰৰ ভিৰাপণ্ডিত ১,২৮০টা বস্তিবাসিৰ ঘৰ, তিৰুপ্পুৰত তিৰুকুমাৰন নগৰে ১,২৪৮টা বস্তিবাসীৰ বাবে ঘৰ, মাদুৰাইৰ ৰাজাক্কুৰত ১,০৮৮টা বস্তিবাসীৰ বাবে ঘৰ আৰু ত্রিচিৰ ইৰুংগালুৰত ৫২৮টা বস্তিবাসীৰ বাবে ঘৰ তামিলনাডুৰ শ্লাম ক্লিয়েৰেন্স বোৰ্ডে নিৰ্মাণ কৰিছে। এই গৃহসমূহ নিৰ্মাণৰ বাবে ৩৩০ কোটি টকা ব্যয় হৈছে। চহৰাঞ্চলৰ দৰিদ্র বস্তিবাসীৰ ৪০০ বর্গকিলোমিটাৰ প্লিন্থ এলেকাৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে বহুমুখী হল, ৰন্ধনগৃহ, স্নানাগাৰ আৰু শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি, পকী পথ, ষ্ট্ৰীট লাইট, বৰ্জিত পানী নিষ্কাষণ প্লাণ্ট, সূলভ মূল্যৰ দোকান, অংগনৱাড়ী কেন্দ্র, আৰু দোকানৰো ব্যৱস্থা কৰা হৈছে।

প্রধানমন্ত্রীয়ে কইম্বাটোৰ, মাদুৰাই, ছালেম, থাঞ্জাভুৰ, ভেলোৰ, তিৰুচিৰাপল্লী, তিৰুপ্পুৰ, তিৰুনেলভেলী আৰু থুঠুকুড়ি-এই ৯খন স্মার্ট চিটীত সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। ১০৭ কোটি টকা ব্যয়েৰে এই কেন্দ্রসমূহ নিৰ্মাণ কৰা হ’ব। ইয়াৰ পৰা চৰকাৰী সেৱা প্ৰদান কৰা হ’ব। তদুপৰি তথ্যভিত্তিক বিভিন্ন সিদ্ধান্তও ইয়াৰ পৰা গ্রহণ কৰা হ’ব।

পুডুচেৰীত প্রধানমন্ত্রী

প্রধানমন্ত্রীয়ে চাট্টানাথাপুৰম-নাগাপট্টিনামৰ মাজত ৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৫-এ ৰাষ্ট্ৰীয় পথৰ ফ’ৰলেন প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ ফলত কৰাইকল জিলাৰ ভিল্লুপুৰমৰ পৰা নাগাপট্টিনামৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত হ’ব। এই প্রকল্পৰ বাবে ২,৪২৬ কোটি টকা ব্যয় হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে কৰাইকল জিলাত জিপমাৰ মেডিকেল কলেজৰ ভৱনৰ নতুন চৌহদৰো আধাৰশিলা স্থাপন কৰিব। এই প্রকল্প নির্মাণৰ বাবে ৪৯১ কোটি টকা ব্যয় ধৰা হৈছে।

পুডুচেৰীত সাগৰমালা প্রকল্পৰ অধীনত এটা সৰু বন্দৰৰ আধাৰশিলা স্থাপন কৰা হ’ব। ৪৪ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্প নির্মাণৰ ফলে চেন্নাইৰ সৈতে পোনপটীয়া যোগাযোগ ব্যৱস্থা গঢ় লৈ উঠিব আৰু পুডুচেৰীত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ বাবে সামগ্ৰী পৰিবহণত সুবিধা হ’ব। প্রধানমন্ত্রীয়ে পুডুচেৰীৰ ইন্দিৰা গান্ধী ক্ৰীড়া চৌহদত ছিন্থেটিক এথেলেটিক ট্ৰেক প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। বর্তমানৰ ট্ৰেকটো পুৰণি হোৱাৰ বাবে ৪০০ মিটাৰৰ নতুন ট্ৰেক স্থাপন কৰা হৈছে৷ এই প্রকল্পত ৭ কোটি টকা ব্যয় হ’ব।

প্রধানমন্ত্রীয়ে পুডুচেৰীৰ জৱাহৰলাল ইনষ্টিটিউট অৱ পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্ছ (জিপমাৰ)ৰত ব্লাড চেণ্টাৰৰ উদ্বোধন কৰিব। ব্লাড বেংকৰ কর্মীসকলৰ প্রশিক্ষণ, তেজ জমা লোৱা আৰু ৰোগীক ৰক্তদান সংক্রান্তীয় বিভিন্ন প্রশিক্ষণ ইয়াত প্ৰদান কৰা হ’ব। এই প্রকল্প নির্মাণৰ বাবে ২৮ কোটি টকা ধাৰ্য কৰা হৈছে।

প্রধানমন্ত্রীয়ে পুডুচেৰীৰ লচপেটত ১০০খন বিছনাযুত্ত ছোৱালী আৱাস উদ্বোধন কৰিব। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে যিসকল মহিলা ক্রীড়াবিদৰ প্রশিক্ষণ প্ৰদান কৰে তেওঁলোকৰ সুবিধার্থে ১২ কোটি টকা ব্যয়েৰে এই আৱাস নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে পুডুচেৰীৰ ইতিহাসৰ সৈতে জড়িত নৱনিৰ্মিত হেৰিটেজ মাৰিয়া ভৱন উদ্বোধন কৰিব। ফৰাচীসকলে এই ভৱনটো নির্মাণ কৰিছিল। এইটো নতুনকৈ নিৰ্মাণৰ বাবে ১৫ কোটি টকা ব্যয় হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Babasaheb Ambedkar in the Parliament complex
April 14, 2026

The Prime Minister, Shri Narendra Modi has paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.

The Prime Minister wrote on X;

“Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.”