‘Sikkim@50: য'ত প্ৰগতিৰ মিলন হয় উদ্দেশ্যত আৰু প্ৰকৃতিয়ে প্ৰতিপালন কৰে বিকাশক’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
পশ্চিমবংগৰ আলিপুৰদুৱাৰত আলিপুৰদুৱাৰ আৰু কোচবিহাৰ জিলাৰ চিটি গেছ বিতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ কানপুৰ নগৰত প্ৰায় ২০,৯০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব।

২৯ মে'ত প্ৰধানমন্ত্ৰীয়ে ছিকিম ভ্ৰমণ কৰিব, ইয়াত তেওঁ দিনৰ প্ৰায় ১১ বজাত ‘Sikkim@50: য'ত প্ৰগতিৰ মিলন হয় উদ্দেশ্যত আৰু প্ৰকৃতিয়ে প্ৰতিপালন কৰে বিকাশক’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। তেওঁ ছিকিমত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰিব আৰু এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰিব।

পাছত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগলৈ যাত্ৰা কৰিব, য’ত তেওঁ দিনৰ প্ৰায় ২.১৫ বজাত আলিপুৰদুৱাৰত আলিপুৰদুৱাৰ আৰু কোচবিহাৰ জিলাৰ চিটি গেছ বিতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰ ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫.৪৫ বজাত পাটনা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব।

৩০ মে'ৰ দিনৰ প্ৰায় ১১ বজাত তেওঁ বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তেওঁ এক ৰাজহুৱা অনুষ্ঠানকো সম্বোধন কৰিব।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশলৈ যাত্ৰা কৰিব, য’ত তেওঁ দিনৰ প্ৰায় ২.৪৫ বজাত কানপুৰ নগৰত প্ৰায় ২০,৯০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। তেওঁ এক ৰাজহুৱা অনুষ্ঠানকো সম্বোধন কৰিব।

ছিকিমত প্ৰধানমন্ত্ৰী

ৰাজ্য গঠনৰ ৫০ টা গৌৰৱোজ্জ্বল বছৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ‘Sikkim@50: য'ত প্ৰগতিৰ মিলন হয় উদ্দেশ্যত আৰু প্ৰকৃতিয়ে প্ৰতিপালন কৰে বিকাশক’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ছিকিম চৰকাৰে ছিকিমৰ সাংস্কৃতিক সমৃদ্ধি, পৰম্পৰা, প্ৰাকৃতিক পৰিবেশ আৰু ইয়াৰ ইতিহাসক সামৰি "চুনাউলো, সমৃদ্ধ আৰু সমৰ্থ ছিকিম" বিষয়বস্তুৰ অধীনত বছৰজোৰা উদযাপনৰ পৰিকল্পনা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ছিকিমত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে নামচি জিলাত ৭৫০ কোটি টকাৰো অধিক মূল্যৰ ৫০০ বিছনাযুক্ত নতুন জিলা চিকিৎসালয়, গ্যালছিং জিলাৰ পেলিঙৰ ছাংগাচোৱেলিঙত যাত্ৰী ৰোপৱে, গেংটক জিলাৰ চাংখোলাত অটল অমৃত উদ্যানত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি।

প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে স্মাৰক মুদ্ৰা আৰু ৰাজ্য গঠনৰ ৫০ বছৰ উপলক্ষে বিশেষ ডাক টিকটো উন্মোচন কৰিব।

পশ্চিমবংগত প্ৰধানমন্ত্ৰী

ভাৰতত চিটি গেছ ডিষ্ট্ৰিবিউচন (চি জি ডি) নেটৱৰ্ক সম্প্ৰসাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ আলিপুৰদুৱাৰ আৰু কোচবিহাৰ জিলাত চি জি ডি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ১,০১০ কোটি টকাতকৈও অধিক মূল্যৰ এই প্ৰকল্পটোৰ লক্ষ্য হৈছে চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম কৰ্ম কাৰ্যসূচী (এম ডব্লিউ পি)ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি প্ৰায় ১৯ টা চি এন জি ষ্টেচন স্থাপন কৰি যান-বাহনৰ বাবে সংকুচিত প্ৰাকৃতিক গেছ (চি এন জি) প্ৰদান কৰাৰ উপৰি ২.৫ লাখৰো অধিক পৰিয়াল, ১০০ৰো অধিক বাণিজ্যিক প্ৰতিষ্ঠান আৰু উদ্যোগক পাইপযুক্ত প্ৰাকৃতিক গেছ (পি এন জি) যোগান ধৰা। ই সুবিধাজনক, নিৰ্ভৰযোগ্য, পৰিবেশ অনুকূল আৰু ব্যয়সাধ্য ইন্ধন যোগান ধৰি অঞ্চলটোত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

বিহাৰত প্ৰধানমন্ত্ৰী

২৯ মে’ত প্ৰধানমন্ত্ৰীয়ে পাটনা বিমানবন্দৰৰ নৱনিৰ্মিত যাত্ৰী টাৰ্মিনেল উদ্বোধন কৰিব। প্ৰায় ১,২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নতুন টাৰ্মিনেলে প্ৰতি বছৰে ১ কোটি যাত্ৰী পৰিচালনা কৰিব পাৰে। তেওঁ ১,৪১০ কোটি টকাৰো অধিক মূল্যৰ বিহটা বিমানবন্দৰৰ নতুন অসামৰিক গাঁথনিৰ আধাৰশিলা স্থাপন কৰিব। পাটনাৰ ওচৰত দ্ৰুতগতিত শৈক্ষিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰা চহৰখনত বিহটা বিমানবন্দৰে সেৱা আগবঢ়াব, য’ত আই আই টি পাটনা আৰু প্ৰস্তাৱিত এন আই টি পাটনা চৌহদ আছে।

৩০ মে'ত প্ৰধানমন্ত্ৰীয়ে কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

অঞ্চলটোত বিদ্যুৎ আন্তঃগাঁথনি বৃদ্ধি কৰি প্ৰধানমন্ত্ৰীয়ে ঔৰংগাবাদ জিলাত ২৯,৯৩০ কোটি টকাতকৈও অধিক মূল্যৰ দ্বিতীয় পৰ্যায়ৰ (৩x৮০০ মেগাৱাট) নবীনগৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ লক্ষ্য হ’ব বিহাৰ আৰু পূব ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰা। ই ঔদ্যোগিক বিকাশ বৃদ্ধি কৰিব, চাকৰিৰ সুযোগ সৃষ্টি কৰিব আৰু অঞ্চলটোলৈ সুলভ বিদ্যুৎ প্ৰদান কৰিব।

অঞ্চলটোত পথ আন্তঃগাঁথনি আৰু সংযোগৰ গুৰুত্বপূৰ্ণ বিকাশৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ ১১৯এ-ৰ পাটনা-আৰা-ছাছাৰাম শাখাৰ চাৰি লেন আৰু বাৰাণসী-ৰাঁচী-কলকাতা ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ ৩১৯বি) আৰু ৰামনগৰ-কাচ্চি দৰগাহ খণ্ড (ৰাষ্ট্ৰীয় ঘাইপথ ১১৯ডি)ৰ ছয় লেন তথা বক্সাৰ আৰু ভাৰৌলিৰ মাজত গংগাত এখন নতুন দলং নিৰ্মাণ। এই প্ৰকল্পসমূহে ৰাজ্যখনত বাণিজ্য আৰু আঞ্চলিক সংযোগ বৃদ্ধিৰ লগতে নিৰৱচ্ছিন্ন উচ্চ গতিৰ কৰিডৰ সৃষ্টি কৰিব। ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ ২২ৰ পাটনা-গয়া-ডোভি শাখাৰ চাৰিটা লেন উদ্বোধন কৰিব, যাৰ বাবে প্ৰায় ৫,৫২০ কোটি টকা ব্যয় হৈছে আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোপালগঞ্জ চহৰত উত্তোলিত ঘাইপথটোৰ চাৰিটা লেন আৰু উন্নীত গ্ৰেড তেওঁ মুকলি কৰিব।

সমগ্ৰ দেশতে ৰে’ল আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে সোন নগৰ-মহম্মদ গঞ্জৰ মাজত ১,৩৩০ কোটি টকাৰো অধিক মূল্যৰ তৃতীয় ৰে’ল লাইন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ লক্ষ্যৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। তেওঁ ২,১২০ কোটি টকাৰো অধিক মূল্যৰ কানপুৰ মেট্ৰ’ ৰেল প্ৰকল্পৰ চুন্নিগঞ্জ মেট্ৰ’ ষ্টেচনৰ পৰা কানপুৰ চেণ্ট্ৰেল মেট্ৰ’ ষ্টেচন শাখা উদ্বোধন কৰিব। ইয়াৰ ভিতৰত ১৪ টা পৰিকল্পিত ষ্টেচন থাকিব, য’ত পাঁচটা নতুন ভূগৰ্ভস্থ ষ্টেচন থাকিব আৰু চহৰৰ গুৰুত্বপূৰ্ণ স্থানসমূহ আৰু বাণিজ্যিক কেন্দ্ৰসমূহক মেট্ৰ’ নেটৱৰ্কত একত্ৰিত কৰা হ’ব। ইয়াৰ উপৰি তেওঁ জি টি ৰোডৰ পথ বহল আৰু শক্তিশালীকৰণৰ কামো উদ্বোধন কৰিব।

অঞ্চলটোত বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে একাধিক প্ৰকল্প হাতত লোৱা হ’ব। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ বৰ্ধিত শক্তিৰ চাহিদা পূৰণৰ বাবে গৌতম বুদ্ধ নগৰৰ যমুনা এক্সপ্ৰেছৱে’ ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণ (ৱাই ই আই ডি এ)ৰ ২৮ নং ছেক্টৰত ২২০ কে ভি উপ-কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ গ্ৰেটাৰ নয়ডাৰ ইক’টেক-৮ আৰু ইক’টেক-১০ত ৩২০ কোটি টকাৰো অধিক মূল্যৰ ১৩২ কেভি উপ-কেন্দ্ৰ উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ শক্তি ক্ষমতা বৃদ্ধি কৰি কানপুৰত ৮,৩০০ কোটি টকাৰো অধিক মূল্যৰ ৬৬০ মেগাৱাটৰ পাংকি তাপবিদ্যুৎ সম্প্ৰসাৰণ প্ৰকল্প উদ্বোধন কৰিব। তেওঁ ঘাটমপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ তিনিটা ৬৬০ মেগাৱাটৰ গোট উদ্বোধন কৰিব, যাৰ মূল্য ৯,৩৩০ কোটি টকাৰো অধিক।

প্ৰধানমন্ত্ৰীয়ে কানপুৰৰ কল্যাণপুৰ পাংকি মন্দিৰৰ পাংকি ৰোডত পাংকি পাৱাৰ হাউছ ৰে’লৱে ক্ৰছিং আৰু পাংকি ধাম ক্ৰছিঙৰ ওপৰত ৰে’ল অভাৰ ব্ৰীজো উদ্বোধন কৰিব। ই কয়লা আৰু তেল পৰিবহণৰ সুবিধা প্ৰদান কৰাৰ লগতে স্থানীয় জনসাধাৰণৰ বাবে যান-জঁট হ্ৰাস কৰি পাংকি তাপবিদ্যুৎ সম্প্ৰসাৰণ প্ৰকল্পক সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে কানপুৰৰ বিংগাৱানত ২৯০ কোটি টকাৰো অধিক মূল্যৰ ৪০ এম এল ডি (দৈনিক মিলিয়ন লিটাৰ) তৃতীয় স্তৰৰ শোধন প্ৰকল্প উদ্বোধন কৰিব। ই শোধন কৰা নলা-নৰ্দমাৰ পানীৰ পুনৰ ব্যৱহাৰ, অঞ্চলটোত জল সংৰক্ষণ আৰু বহনক্ষম সম্পদ ব্যৱস্থাপনাৰ কাম কৰিব।

অঞ্চলটোত পথ আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ বিকাশৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে কানপুৰ নগৰ জিলাত ঔদ্যোগিক উন্নয়নৰ বাবে গৌৰিয়া পালি মাৰ্গ বহল আৰু শক্তিশালী কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিব আৰু কানপুৰ নগৰ জিলাৰ প্ৰতিৰক্ষা কৰিডৰৰ অধীনত প্ৰয়াগৰাজ ঘাইপথৰ নৰৱাল মোড (এ এইচ ১) ৰ পৰা কানপুৰ প্ৰতিৰক্ষা নোড (৪ লেন)লৈ সংযোগ কৰিবলৈ পথ বহল আৰু শক্তিশালী কৰিব. যিয়ে প্ৰতিৰক্ষা কৰিডৰৰ বাবে সংযোগ যথেষ্ট উন্নত কৰি লজিষ্টিক আৰু অভিগম্যতা বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আয়ুষ্মান বয় বন্দনা যোজনা, ৰাষ্ট্ৰীয় জীৱিকা মিছন আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ আৰু চেক বিতৰণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”