ৰাজস্থানৰ দৌছাত ১৮,১০০ কোটিতকৈ অধিক টকা মূল্যৰ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ দিল্লী-ছৌছা-লালছোট অংশ-এই অংশই দিল্লী আৰু জয়পুৰৰ মাজত ভ্ৰমণৰ সময় ৫ৰ পৰা ৩.৫ ঘণ্টালৈ হ্ৰাস কৰিব
বাংগালুৰুত এইৰ’ ইণ্ডিয়া ২০২৩ৰ চতুৰ্থদশ সংস্কৰণ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এইৰ’ ইণ্ডিয়া ২০২৩ত থলুৱা সঁজুলি/প্ৰযুক্তি প্ৰদৰ্শন আৰু বিদেশী কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ফেব্ৰুৱাৰীত ৰাজস্থান আৰু ১৩ ফেব্ৰুৱাৰীত কৰ্ণাটক ভ্ৰমণ কৰিব৷

১২ ফেব্ৰুৱাৰীৰ বিয়লি ৩ বজাত তেওঁ দৌছাত উপস্থিত হৈ ১৮,১০০ কোটিতকৈ অধিক টকা মূল্যৰ পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷

১৩ ফেব্ৰুৱাৰীৰ পুৱা ৯.৩০ বজাত তেওঁ বাংগালুৰুৰ য়েলাহাংকাৰ বায়ু সেনাৰ ষ্টেচনত এইৰ’ ইণ্ডিয়া ২০২৩ৰ চতুৰ্থদশ সংস্কৰণ উদ্বোধন কৰিব৷

দৌছাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে নতুন ভাৰতত বৃদ্ধি, উন্নয়ন আৰু সংযোগৰ ইঞ্জিন হিচাপে উৎকৃষ্ট পথ আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিটো সমগ্ৰ দেশতে চলি থকা কেইবাটাও বিশ্বমানৰ এক্সপ্ৰেছৱে’ নিৰ্মাণৰ দ্বাৰা বাস্তৱায়িত হৈছে। তেনে এক গুৰুত্বপূৰ্ণ প্ৰকল্প হ’ল দিল্লী মুম্বাই এক্সপ্ৰেছৱে, যাৰ প্ৰথম সম্পূৰ্ণ হোৱা অংশ দিল্লী–দৌছা – লালছোট প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ ২৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী–দৌছা– লালছোট অংশ ১২,১৫০ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। এই খণ্ডৰ কাৰ্যকৰীকৰণে দিল্লীৰ পৰা জয়পুৰলৈ যাত্ৰাৰ সময় ৫ ঘণ্টাৰ পৰা প্ৰায় ৩.৫ ঘণ্টালৈ হ্ৰাস কৰিব আৰু সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত এক বৃহৎ গতি প্ৰদান কৰিব।

দিল্লী মুম্বাই এক্সপ্ৰেছৱে হ’ব ভাৰতৰ আটাইতকৈ দীঘল এক্সপ্ৰেছৱে যাৰ দৈৰ্ঘ্য হ’ব ১,৩৮৬ কিলোমিটাৰ। ইয়াৰ জৰিয়তে দিল্লী আৰু মুম্বাইৰ মাজৰ যাত্ৰাৰ দূৰত্ব ১,৪২৪ কিলোমিটাৰৰ পৰা ১,২৪২ কিলোমিটাৰলৈ ১২% হ্ৰাস পাব আৰু যাত্ৰাৰ সময় ২৪ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ প্ৰায় ৫০% হ্ৰাস পাব। এই এক্সপ্ৰেছৱেই দিল্লী, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ছখন ৰাজ্যৰ মাজেৰে পাৰ হৈ কোটা, ইন্দোৰ, জয়পুৰ, ভূপাল, বদোদৰা আৰু ছুৰাটৰ দৰে ডাঙৰ চহৰক সংযোগ কৰিব। এক্সপ্ৰেছৱেই ৯৩ পিএম গতি শক্তি অৰ্থনৈতিক ন’ড, ১৩টা বন্দৰ, ৮টা ডাঙৰ বিমানবন্দৰ আৰু ৮টা মাল্টি-ম’ডেল লজিষ্টিক পাৰ্ক (এমএমএলপি)ৰ লগতে ভৱিষ্যতে নতুন গ্ৰীণফিল্ড বিমানবন্দৰ যেনে জেৱাৰ বিমানবন্দৰ, নভী মুম্বাই বিমানবন্দৰ আৰু জেএনপিটি বন্দৰলৈও সেৱা আগবঢ়াব। এক্সপ্ৰেছৱেই কাষৰীয়া সকলো অঞ্চলৰ উন্নয়নমূলক ট্ৰেজেক্টৰীত অনুঘটকৰ দৰে প্ৰভাৱ পেলাব, যাৰ ফলত দেশৰ অৰ্থনৈতিক পৰিৱৰ্তনত এক বৃহৎ অৰিহণা যোগাব।

কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে ৫,৯৪০ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে উন্নীত হ’বলগীয়া ২৪৭ কিলোমিটাৰ দৈর্ঘ্যৰ ৰাষ্ট্রীয় ঘাইপথ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ ভিতৰত ২,০০০ কোটিতকৈ অধিক টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া বান্দিকুইৰ পৰা জয়পুৰলৈ ৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেন স্পাৰ পথ, কোটপুতলীৰ পৰা বৰাওদানেওলৈ ছিক্সলেন স্পাৰ পথ, প্ৰায় ৩৭৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব আৰু লালছোট-কাৰ’লী অংশৰ দ্বৈত পথযুক্ত পকী স্পাৰ প্ৰায় ১৫০ কোটি টকা ব্যয়েৰে উন্নয়ন কৰা হৈছে।

বাংগালুৰুত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুৰ য়েলাহাংকাৰ বায়ুসেনা ষ্টেচনত চতুৰ্দশ সংস্কৰণৰ এইৰ’ ইণ্ডিয়া ২০২৩ৰ উদ্বোধন কৰিব। এইৰ’ ইণ্ডিয়া ২০২৩ৰ বিষয়বস্তু হৈছে “এক বিলিয়ন সুযোগলৈ ৰাণৱে’।

প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত থলুৱা সঁজুলি/প্ৰযুক্তি প্ৰদৰ্শন আৰু বিদেশী কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ভাৰতীয় প্ৰতিৰক্ষা খণ্ডত প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰতাক গুৰুত্ব দিয়াৰ কথাও প্ৰদৰ্শিত হ’ব, কিয়নো এই অনুষ্ঠানত ডিজাইন নেতৃত্ব, ইউএভি খণ্ড, প্ৰতিৰক্ষা মহাকাশ আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ ক্ষেত্ৰত দেশৰ অগ্ৰগতি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ উপৰিও এই অনুষ্ঠানত লাইট কম্বেট এয়াৰক্ৰাফ্ট (এলচিএ)-টেজছ, এইচটি টি-৪০, ডৰ্নিয়াৰ লাইট ইউটিলিটি হেলিকপ্টাৰ (এলইউএইচ), লাইট কম্বেট হেলিকপ্টাৰ (এলচিএইচ) আৰু এডভান্সড লাইট হেলিকপ্টাৰ (এএলএইচ)ৰ দৰে থলুৱা বিমান মঞ্চৰ ৰপ্তানিৰ প্ৰসাৰ ঘটিব। এই অনুষ্ঠানে ঘৰুৱা এমএছএমই আৰু ষ্টাৰ্ট-আপসমূহক বিশ্ব যোগান শৃংখলত একত্ৰিত কৰাত সহায় কৰিব আৰু সহ-উন্নয়ন আৰু সহ-উৎপাদনৰ অংশীদাৰিত্বকে ধৰি বিদেশী বিনিয়োগক আকৰ্ষণ কৰিব।

এইৰ’ ইণ্ডিয়া ২০২৩ত ৮০খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিব। প্ৰায় ৩০খন দেশৰ মন্ত্ৰী আৰু বিশ্ব আৰু ভাৰতীয় অ’ইএমৰ ৬৫জন চিইঅ’ই এইৰ’ ইণ্ডিয়া ২০২৩ত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

এইৰ’ ইণ্ডিয়া ২০২৩ প্ৰদৰ্শনীত প্ৰায় ১০০ বিদেশী আৰু ৭০০ ভাৰতীয় কোম্পানীকে ধৰি ৮০০ৰো অধিক প্ৰতিৰক্ষা কোম্পানীয়ে অংশগ্ৰহণ কৰিব। এই প্ৰদৰ্শনীত এমএছএমই আৰু ষ্টাৰ্ট-আপকে ধৰি  একাংশ ভাৰতীয় কোম্পানীয়ে অংশগ্ৰহণ কৰিছে, যিবোৰ দেশৰ নিচ প্ৰযুক্তিৰ উন্নতি, মহাকাশৰ বৃদ্ধি আৰু প্ৰতিৰক্ষা ক্ষমতা প্ৰদৰ্শন কৰিব। এইৰ’ ইণ্ডিয়া ২০২৩ৰ প্ৰধান প্ৰদৰ্শকসকলৰ ভিতৰত  এয়াৰবাছ, বয়িং, ডাছল্ট এভিয়েশ্যন, লকহিড মাৰ্টিন, ইজৰাইল এৰ’স্পেচ ইণ্ডাষ্ট্ৰী, ব্ৰাহমছ এৰ’স্পেচ, আৰ্মি এভিয়েশন, এইচ চি ৰবটিক্স, এছএএবি, ছাফ্ৰাণ, ৰ’লছ ৰয়েচ, লাৰ্চেন এণ্ড টৌব্ৰ’, ভাৰত ফৰ্জ লিমিটেড, হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচএএল ), ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড (বিইএল), ভাৰত ডাইনেমিক্স লিমিটেড (বিডিএল) আৰু বিইএমএল লিমিটেড উল্লেখযোগ্য।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi