এই পূজনীয় সাধু আৰু সমাজ সংস্কাৰকজনৰ সন্মানাৰ্থে আদমপুৰ বিমানবন্দৰৰ নাম ‘শ্ৰী গুৰু ৰবিদাসজী বিমানবন্দৰ, আদমপুৰ’ নামলৈ সলনি কৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে লুধিয়ানাৰ হালৱাৰা বিমানবন্দৰত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীত পঞ্জাব ভ্ৰমণ কৰিব।আবেলি প্ৰায় ৩:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে আদমপুৰ বিমানবন্দৰ ভ্ৰমণ কৰি বিমানবন্দৰটোৰ নাম ‘শ্ৰী গুৰু ৰবিদাসজী বিমানবন্দৰ, আদমপুৰ’লৈ সলনিৰ বিষয়ে ঘোষণা কৰিব। শ্ৰী মোদীয়ে পঞ্জাবৰ লুধিয়ানাৰ হালৱাৰা বিমানবন্দৰত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব।

সন্ত গুৰু ৰবিদাসজীৰ ৬৪৯ সংখ্যক জয়ন্তী উপলক্ষে আদমপুৰ বিমানবন্দৰৰ নাম সলনি কৰি এইগৰাকী পূজনীয় সাধু আৰু সমাজ সংস্কাৰকলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, যাৰ সমতা, কৰুণা আৰু মানৱ মৰ্যাদাৰ শিক্ষাই ভাৰতৰ সামাজিক মূল্যবোধক অনুপ্ৰাণিত কৰি আহিছে।

পঞ্জাবত বিমান পৰিবহণৰ আন্তঃগাঁথনি আৰু অধিক উন্নত কৰি প্ৰধানমন্ত্ৰীয়ে হালৱাৰা বিমানবন্দৰত এটা নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিছে। এই টাৰ্মিনেল বিল্ডিঙে লুধিয়ানা আৰু ইয়াৰ আশে-পাশে থকা ঔদ্যোগিক আৰু কৃষি খণ্ডৰ প্ৰয়োজনীয়তা পূৰণ কৰি ৰাজ্যখনৰ বাবে নতুন প্ৰৱেশদ্বাৰ স্থাপন কৰিব। লুধিয়ানা জিলাত অৱস্থিত হালৱাৰাত কৌশলগত ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভাৰতীয় বায়ুসেনাৰ ষ্টেচনো আছে।

পূৰ্বৰ লুধিয়ানাৰ বিমানবন্দৰত তুলনামূলকভাৱে চুটি ৰাণৱে আছিল, যিটো সৰু বিমানৰ বাবেহে উপযোগী। সংযোগ উন্নত কৰাৰ বাবে আৰু ডাঙৰ বিমান ৰখাৰ বাবে এতিয়া হালৱাৰাত নতুন অসামৰিক এনক্লেভ গঢ়ি তোলা হৈছে, য’ত এ-৩২০ৰ দৰে বিমান পৰিচালনা কৰিব পৰাকৈ দীঘলীয়া ৰাণৱে আছে।

প্ৰধানমন্ত্ৰীৰ বহনক্ষম আৰু পৰিৱেশ দায়বদ্ধ উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই টাৰ্মিনেলত এল ই ডি লাইটিং, ইনচুলেটেড ছাদ, বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থা, নলা আৰু পানী পৰিশোধন প্লাণ্ট আৰু লেণ্ডস্কেপিঙৰ বাবে পুনঃব্যৱহৃত পানীৰ ব্যৱহাৰকে ধৰি কেইবাটাও সেউজ আৰু শক্তি-দক্ষ বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ স্থাপত্যৰ আৰ্হিয়ে পঞ্জাবৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ লগতে যাত্ৰীসকলক সুকীয়া আৰু আঞ্চলিকভাৱে অনুপ্ৰাণিত ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"One Earth, One Family": Oman lauds India's vision for peace, dialogue at BRICS Summit 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”