ঝাৰছুগুদাত ৬০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰকল্পসমূহৰ ভিতৰত আছে দূৰসংযোগ, ৰে'লৱে, উচ্চ শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ আৰু গ্ৰাম্য গৃহ নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডৰ নানান প্ৰকল্প
ৰাষ্ট্ৰীয় যোগাযোগ আন্তঃগাঁথনিৰ এক বৃহৎ উত্থানৰ স্বাৰ্থত স্বদেশী প্ৰযুক্তিৰে প্ৰায় ৩৭,০০০ কোটি টকা ব্যয়েৰে নিৰ্মিত ৯৭,৫০০ৰো অধিক মোবাইল ৪জি টাৱাৰ উন্মোচন কৰা হ'ব
দুৰ্গম, সীমান্ত এলেকা আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱান্বিত অঞ্চলৰ ২৬,৭০০ৰো অধিক অসংলগ্ন গাঁওসমূহেও সংযোগ লাভ কৰিবলৈ সক্ষম হ'ব
অহা চাৰি বছৰত ১০ হাজাৰ নতুন ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ্য বৃদ্ধি কৰিব পৰা আঠটা আই আই টি সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে
কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশ শক্তিশালী কৰাৰ বাবে ওড়িশা চৰকাৰৰ একাধিক পদক্ষেপ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

২৭ ছেপ্টেম্বৰত ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দিনৰ  প্ৰায় ১১:৩০ বজাত তেওঁ ঝাৰছুগুদাত ৬০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত সভাত তেওঁ  ৰাইজক উদ্দেশ্যি ভাষণ দিব। এই প্ৰকল্পসমূহে টেলিকমিউনিকেচন, ৰে’লৱে, উচ্চ শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, গ্ৰাম্য গৃহ নিৰ্মাণ খণ্ড আদিৰ লগতে অন্যান্য বিষয়সমূহক সামৰি লৈছে। টেলিকম সংযোগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে স্বদেশী প্ৰযুক্তিৰে প্ৰায় ৩৭,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৯৭,৫০০ৰো অধিক মোবাইল ৪জি টাৱাৰৰ শুভাৰম্ভ  কৰিব।  ইয়াৰ ভিতৰত বিএছএনএলৰ কমিচন দিয়া ৯২,৬০০ৰো অধিক ৪জি প্ৰযুক্তি ছাইট অন্তৰ্ভুক্ত। ডিজিটেল ভাৰত নিধিৰ অধীনত ১৮,৯০০ৰো অধিক ৪জি ছাইটৰ বাবে ধন আগবঢ়োৱা হৈছে যিয়ে দূৰৱৰ্তী, সীমান্ত, আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলৰ প্ৰায় ২৬,৭০০ অসংলগ্ন গাঁও সংযোগ কৰিব, ২০ লাখৰো অধিক নতুন গ্ৰাহকক সেৱা আগবঢ়াব। এই টাৱাৰসমূহ সৌৰশক্তিচালিত, যাৰ ফলত ই ভাৰতৰ সৰ্ববৃহৎ সেউজ টেলিকম ছাইটৰ ক্লাষ্টাৰ আৰু বহনক্ষম আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক পদক্ষেপ।

প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে এনে গুৰুত্বপূৰ্ণ ৰে’ল প্ৰকল্প উৎসৰ্গা কৰিব যিয়ে সংযোগ আৰু আঞ্চলিক বিকাশত সহায় কৰিব। ইয়াৰ ভিতৰত আছে সম্বলপুৰ–ছাৰলাত ৰে'ল ফ্লাইঅভাৰৰ আধাৰশিলা, কোৰাপুট–বাইগুডা লাইন দুগুণ কৰৰি দেশৰ বাবে  উৎসৰ্গা কৰা  আৰু মনাবৰ–কোৰাপুট–গোৰাপুৰ লাইন আদি । এই প্ৰকল্পসমূহে ওড়িশা আৰু চুবুৰীয়া ৰাজ্যসমূহত মালবাহী আৰু যাত্ৰী চলাচলৰ যথেষ্ট উন্নতি সাধন কৰিব, স্থানীয় উদ্যোগ আৰু বাণিজ্য শক্তিশালী কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বেৰহামপুৰ আৰু উধনা (ছুৰাট)ৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব, ৰাজ্যসমূহৰ মাজত সুলভ আৰু আৰামদায়ক সংযোগ প্ৰদান, পৰ্যটনক সমৰ্থন, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি, আৰু গুৰুত্বপূৰ্ণ অৰ্থনৈতিক জিলাসমূহক সংযোগ কৰা।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে আঠটা আই আই টি—তিৰুপতি, পলাক্কাড, ভিলাই, জম্মু, ধৰৱাদ, যোধপুৰ, পাটনা, আৰু ইন্দোৰ— সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব। এই সম্প্ৰসাৰণে অহা চাৰি বছৰত ১০,০০০ নতুন ছাত্ৰ-ছাত্ৰীৰ বাবে ক্ষমতা সৃষ্টি কৰিব আৰু আঠখন অত্যাধুনিক গৱেষণা উদ্যান স্থাপন কৰিব, যাৰ ফলত ভাৰতৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰ শক্তিশালী হ’ব আৰু গৱেষণা আৰু উন্নয়নৰ বাবে গতি প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ২৭৫খন ৰাজ্যিক অভিযান্ত্ৰিক আৰু পলিটেকনিক প্ৰতিষ্ঠানত গুণগত মান, সমতা, গৱেষণা, আৰু উদ্ভাৱন উন্নত কৰাৰ বাবে ডিজাইন কৰা MERITE আঁচনি আৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ওড়িশা দক্ষতা বিকাশ প্ৰকল্প দ্বিতীয় পৰ্যায়ো আৰম্ভ কৰিব,  যিয়ে সম্বলপুৰ আৰু বেৰহামপুৰত বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপন কৰিব, যিয়ে এগ্ৰিটেক, নবীকৰণযোগ্য শক্তি, খুচুৰা, সামুদ্ৰিক, আৰু আতিথ্যৰ দৰে উদীয়মান খণ্ডসমূহ সামৰি ল’ব। ইয়াৰ উপৰি পাঁচখন  আই টি আইক আই টি আইলৈ উন্নীত কৰা হ’ব, ২৫ খন  আই টি আইক চেণ্টাৰ অৱ এক্সেলেন্স হিচাপে গঢ়ি তোলা হ’ব  আৰু নতুন প্ৰিচিচন ইঞ্জিনিয়াৰিং বিল্ডিঙে উন্নত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিব।

ৰাজ্যত ডিজিটেল শিক্ষা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ১৩০ খন উচ্চ শিক্ষানুষ্ঠানত ৱাই-ফাইৰ সুবিধা উচৰ্গা কৰিব, যাৰ ফলত ২.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব পৰাকৈ দৈনিক বিনামূলীয়া তথ্যৰ  লাভৰ সুবিধা পাব।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ওড়িশাৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰো  যথেষ্ট উত্থান ঘটিব । তেওঁ বেৰহামপুৰৰ এম কে চি জি মেডিকেল কলেজ আৰু সম্বলপুৰৰ ভিমছাৰক বিশ্বমানৰ ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়লৈ উন্নীত কৰাৰ  বাবে আধাৰশিলা স্থাপন কৰিব। উন্নীতকৃত সুবিধাসমূহৰ ভিতৰত থাকিব বিচনাৰ ক্ষমতা বৃদ্ধি, ট্ৰমা কেয়াৰ ইউনিট, দন্ত চিকিৎসা মহাবিদ্যালয়, মাতৃ আৰু শিশুৰ যত্ন সেৱা, আৰু শৈক্ষিক আন্তঃগাঁথনি সম্প্ৰসাৰিত, যাৰ ফলত ওড়িশাৰ জনসাধাৰণৰ বাবে ব্যাপক স্বাস্থ্য সেৱা নিশ্চিত হ’ব।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে অন্ত্যোদয় গ্ৰুহা যোজনাৰ অধীনত ৫০ হাজাৰ হিতাধিকাৰীক অনুমোদন পত্ৰ  বিতৰণ কৰিব। এই আঁচনিখনে প্ৰতিবন্ধী, বিধৱা, মৃত্যুমুখী ৰোগত আক্ৰান্ত ব্যক্তি, আৰু প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা ব্যক্তিকে ধৰি দুৰ্বল গ্ৰাম্য পৰিয়ালসমূহক পকা ঘৰ আৰু আৰ্থিক সাহায্য প্ৰদান কৰে। এই পদক্ষেপে সমাজৰ আটাইতকৈ  বঞ্চিত শ্ৰেণীৰ লোকৰ কল্যাণ আৰু মৰ্যাদা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO

Media Coverage

Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value and transformative power of knowledge
September 09, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that wisdom teaches the art of living in harmony with society. He said that knowledge imparts wisdom and prosperity, fills the heart with joy and enhances one’s dignity.

The Prime Minister shared a Sanskrit Subhashitam-

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”

The Subhashitam conveys that wisdom teaches the art of living in harmony with society. It grants knowledge and prosperity, fills the heart with joy, and raises one's dignity. Thus, wisdom is as precious as service to righteous governance, beloved by the heart, and a force that uplifts life.

The Prime Minister wrote on X;

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”