প্ৰধানমন্ত্ৰীয়ে ৭১,৮৫০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে বিহাৰত ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড মুকলি কৰিব
আঞ্চলিক সংযোগক আৰু অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ পূৰ্ণিয়া বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়াত প্ৰায় ৩৬ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ আইজলত ৯ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে মিজোৰামক ভাৰতীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰা বৈৰাবি-ছাইৰাং নতুন ৰেল লাইন উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে মণিপুৰত ৮,৫০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে অসমৰ গুৱাহাটীত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰিব
প্ৰধানমন্ত্ৰীয়ে অসমত ১৮,৩৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে কলকাতা ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন-২০২৫ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।

১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে মিজোৰাম ভ্ৰমণ কৰি পুৱা প্ৰায় ১০ বজাত আইজলত ৯,০০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। তেওঁ লগতে ৰাজহুৱা অনুষ্ঠানতো ভাষণ দিব।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰি চুৰাচান্দপুৰত প্ৰায় ১২.৩০ বজাত ৭,৩০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিব। ইয়াৰ উপৰি তেওঁ ইম্ফলত দিনৰ প্ৰায় ২.৩০ বজাত ১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব আৰু ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰী অসমত উপস্থিত হ’ব আৰু গুৱাহাটীত সন্ধিয়া প্ৰায় ৫ বজাত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিব।

১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে অসমত ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দিনৰ প্ৰায় ১১ বজাত তেওঁ দৰং জিলাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ইয়াৰ পাছত দিনৰ প্ৰায় ১.৪৫ বজাত তেওঁ গোলাঘাটত অসম বায়’-ইথানল প্ৰাইভেট লিমিটেড আৰু নুমলীগড় শোধনাগাৰ প্লাণ্ট উদ্বোধন কৰিব। লগতে গোলাঘাটত পলিপ্ৰ’পাইলিন প্লাণ্টৰ আধাৰশিলাও স্থাপন কৰিব।

১৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগ ভ্ৰমণ কৰি কলকাতাত প্ৰায় ৯.৩০ বজাত ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন-২০২৫ উদ্বোধন কৰিব।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে বিহাৰ ভ্ৰমণ কৰি প্ৰায় ২.৪৫ বজাত পূৰ্ণিয়া বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। ইয়াৰ উপৰি তেওঁ পূৰ্ণিয়াত প্ৰায় ৩৬ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে বিহাৰত ৰাষ্ট্ৰীয় মখানা ব’ৰ্ডো মুকলি কৰিব।

মিজোৰামত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে আইজলত ৯,০০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব।

বিশ্বমানৰ আন্তঃগাঁথনি আৰু শেষলৈকে সংযোগৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে মিজোৰামৰ ৰাজধানীক ভাৰতীয় ৰে’লৱেৰ নেটৱৰ্কৰ সৈতে সংযোগ কৰি ৮,০৭০ কোটিৰো অধিক মূল্যৰ বৈৰাবি-ছাইৰাং নতুন ৰে’ল লাইন উদ্বোধন কৰিব। প্ৰত্যাহ্বানমূলক পাহাৰীয়া অঞ্চলত নিৰ্মিত ৰেল লাইন প্ৰকল্পত ৪৫ টা সুৰংগ জটিল ভূতাত্ত্বিক পৰিস্থিতিত নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি ইয়াত ৫৫ খন ডাঙৰ দলং আৰু ৮৮ খন সৰু দলঙো অন্তৰ্ভুক্ত কৰা হৈছে। মিজোৰাম আৰু দেশৰ বাকী অংশৰ মাজত প্ৰত্যক্ষ ৰেল সংযোগে অঞ্চলটোৰ জনসাধাৰণক নিৰাপদ, কাৰ্যক্ষম আৰু ব্যয়বহুল ভ্ৰমণৰ বিকল্প প্ৰদান কৰিব। ইয়াৰ উপৰি খাদ্য শস্য, সাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সময়মতে আৰু নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰিব, যাৰ ফলত সামগ্ৰিকভাৱে পৰিবহণ আৰু আনুসংগিক দক্ষতা তথা আঞ্চলিক সুলভতা বৃদ্ধি পাব।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তিনিখন নতুন এক্সপ্ৰেছ ৰে’ল, ছাইৰাং (আইজল)-দিল্লী (আনন্দ বিহাৰ টাৰ্মিনেল) ৰাজধানী এক্সপ্ৰেছ, ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ আৰু ছাইৰাং-কলকাতা এক্সপ্ৰেছ পতাকা জোকাৰি মুকলি কৰিব। এতিয়াৰে পৰা ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে দিল্লীৰ সৈতে আইজল পোনপটীয়াকৈ সংযুক্ত হ’ব। ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছৰ জৰিয়তে মিজোৰাম আৰু অসমৰ মাজত চলাচলৰ সুবিধা হ’ব। ছাইৰাং-কলকাতা এক্সপ্ৰেছৰ জৰিয়তে মিজোৰামক পোনপটীয়াকৈ কলকাতাৰ সৈতে সংযোগ কৰা হ’ব। এই বৰ্ধিত সংযোগে চিকিৎসালয়, বিশ্ববিদ্যালয় আৰু বজাৰসমূহৰ প্ৰৱেশ উন্নত কৰিব, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী হ’ব। ইয়াৰ উপৰি ই নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু অঞ্চলটোৰ পৰ্যটনক যথেষ্ট বৃদ্ধি কৰিব।

পথ আন্তঃগাঁথনিৰ এক বৃহৎ উত্থানৰ ৰূপত প্ৰধানমন্ত্ৰীয়ে একাধিক পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে আইজল বাইপাছ ৰোড, থেনজাল–শিয়ালছুক ৰোড আৰু খানকাউন–ৰংগুৰা ৰোড।

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আঁচনিৰ অধীনত ৫০০ কোটিৰো অধিক মূল্যৰ ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আইজল বাইপাছ ৰোডৰ জৰিয়তে আইজল চহৰৰ ভিৰ মুক্ত কৰাৰ লগতে লুংলেই, ছিয়াহা, লংটলাই, লেংপুই বিমানবন্দৰ আৰু ছাইৰাং ৰেলৱে ষ্টেচনৰ সৈতে সংযোগ উন্নত কৰাৰ লক্ষ্য লোৱা হ’ব। ইয়াৰ দ্বাৰা পশ্চিমৰ জিলাসমূহৰ পৰা আইজললৈ যাত্ৰাৰ সময় প্ৰায় ডেৰ ঘন্টা হ্ৰাস পাব যাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ যথেষ্ট উপকৃত হ’ব। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি-NESIDS (পথ)ৰ অধীনত থেনজাল–শিয়ালছুক পথটোৱে বহু উদ্যান শস্য কৃষক, ড্ৰেগন ফ্ৰুট খেতিয়ক, ধান খেতিয়ক আৰু আদা প্ৰক্ৰিয়াকৰণকাৰীক উপকৃত কৰিব, লগতে আইজল–থেনজাল–লুংলেই ঘাইপথৰ সৈতে সংযোগ শক্তিশালী কৰিব। ছেৰচিপ জিলাৰ NESIDS (Roads)ৰ অধীনত খানকাউন–ৰংগুৰা পথে বজাৰলৈ উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন উদ্যান শস্য কৃষক আৰু অন্যান্য লোকক উপকৃত কৰাৰ লগতে পৰিকল্পিত আদা প্ৰক্ৰিয়াকৰণ প্লাণ্টত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে লংটলাই–ছিয়াহা পথত চিমটুইপুই নদী দলঙৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ জৰিয়তে বতৰৰ যিকোনো পৰিবৰ্তনতেই সংযোগৰ ব্যৱস্থা সম্ভৱ হ’ব আৰু যাত্ৰাৰ সময় দুঘণ্টা হ্ৰাস পাব। কালাডান মাল্টিম’ডেল ট্ৰেনজিট কাঠামোৰ অধীনত এই দলংখনে সীমান্ত অতিক্ৰম কৰি বাণিজ্যৰ ক্ষেত্ৰতো সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া উন্নয়নৰ বাবে খেলো ইণ্ডিয়া বহুমুখী ইনড’ৰ হলৰ আধাৰশিলা স্থাপন কৰিব। টুইকুৱালৰ এই হলটোত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে মিজোৰামৰ যুৱক-যুৱতীসকলক উপকৃত কৰা বহুমুখী ইনড’ৰ ক্ষেত্ৰকে ধৰি আধুনিক ক্ৰীড়াৰ বিভিন্ন সুবিধা প্ৰদান কৰা হ’ব।

অঞ্চলটোৰ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে আইজলৰ মোৱালখাঙত ৩০ টিএমটিপিএ (বছৰি হাজাৰ মেট্ৰিক টন) এলপিজি বটলিং প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লক্ষ্য হ’ব মিজোৰাম আৰু চুবুৰীয়া ৰাজ্যসমূহত এলপিজিৰ সুস্থিৰ আৰু নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰি পৰিষ্কাৰ ৰন্ধন ইন্ধনৰ সুবিধা প্ৰদান কৰা। ইয়াৰ জৰিয়তে স্থানীয় কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম (পিএমজেভিকে) আঁচনিৰ অধীনত কাউৰঠাহত প্ৰধানমন্ত্ৰীয়ে আবাসিক বিদ্যালয় উদ্বোধন কৰিব। মামিট আকাংক্ষিত জিলাৰ বিদ্যালয়খনত আধুনিক শ্ৰেণীকোঠা, হোষ্টেল আৰু কৃত্ৰিম ফুটবল টাৰ্ফকে ধৰি ক্ৰীড়াৰ সুবিধা প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা ১০ হাজাৰৰো অধিক শিশু আৰু যুৱক-যুৱতী উপকৃত হ’ব, যিয়ে দীৰ্ঘম্যাদী সামাজিক আৰু শৈক্ষিক অগ্ৰগতিৰ ভেটি স্থাপন কৰিব।

সকলোৰে বাবে গুণগত শিক্ষাৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে টলাংনুৱামত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ো উদ্বোধন কৰিব। বিদ্যালয়খনে নামভৰ্তিৰ হাৰ উন্নত কৰিব, বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস কৰিব আৰু জনজাতীয় যুৱক-যুৱতীসকলৰ বাবে সামগ্ৰিক শিক্ষাৰ সুযোগ প্ৰদান কৰিব।

মণিপুৰত প্ৰধানমন্ত্ৰী

মণিপুৰৰ সৰ্বাংগীন, বহনক্ষম আৰু সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে চুৰাচান্দপুৰত ৭,৩০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে ৩,৬০০ কোটি টকাতকৈ অধিক মূল্যৰ মণিপুৰ নগৰীয়া পথ, নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্প; ২,৫০০ কোটিতকৈ অধিক মূল্যৰ ৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প; মণিপুৰ ইনফ’টেক ডেভেলপমেণ্ট (MIND) প্ৰকল্প, ৯টা স্থানত কৰ্মজীৱী মহিলাৰ আবাসো অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে।

প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ১,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত আছে মান্ত্ৰীপুখ্ৰিৰ অসামৰিক সচিবালয়; মান্ত্ৰীপুখ্ৰিত আই টি এছ ই জেড বিল্ডিং আৰু নতুন আৰক্ষী মুখ্য কাৰ্যালয়; দিল্লী আৰু কলকাতাত মণিপুৰ ভৱন তথা ইমা মাৰ্কেটছ, ৪খন জিলাত অনন্য মহিলাৰ বজাৰ।

অসমত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ১৩ ছেপ্টেম্বৰত গুৱাহাটীত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমীয়া সংগীত, সাহিত্য আৰু সংস্কৃতিলৈ অতুলনীয় অৱদান আগবঢ়োৱা ড হাজৰিকাৰ জীৱন আৰু উত্তৰাধিকাৰক সন্মান জনোৱা হ’ব।

১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে অসমত ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

দৰঙত প্ৰধানমন্ত্ৰীয়ে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে অঞ্চলটোত চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰদানক শক্তিশালী কৰা দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, জিএনএম স্কুল আৰু বি এছ চি নাৰ্চিং কলেজ; গুৱাহাটী ৰিং ৰোড প্ৰকল্প যিয়ে নগৰীয়া গতিশীলতা বৃদ্ধি কৰিব, যান-জঁট দূৰ কৰিব আৰু ৰাজধানী চহৰ তথা ইয়াৰ আশে-পাশে সংযোগ উন্নত কৰিব। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কুৰুৱা–নাৰেংগী দলঙে সংযোগ উন্নত কৰি অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নক প্ৰসাৰিত কৰিছে।

গোলাঘাটৰ নুমলীগড়ত প্ৰধানমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে অসম বায়’ইথানল প্লাণ্ট উদ্বোধন কৰিব।

তেওঁ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ৰ পলিপ্ৰ’পাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰি অসমৰ পেট্ৰ’কেমিকেল খণ্ডত উল্লেখযোগ্য মূল্য সংযোজন কৰিব। ইয়াৰ দ্বাৰা নিয়োগৰ সুযোগো সৃষ্টি হ’ব আৰু অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ দিশত আগবাঢ়ি যাব।

পশ্চিমবংগত প্ৰধানমন্ত্ৰী

শক্তিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী ভাৰতৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে অহা ১৫ ছেপ্টেম্বৰত কলকাতাত ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন-২০২৫ উদ্বোধন কৰিব। ই হৈছে সশস্ত্ৰ বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ মঞ্চ, যিয়ে দেশৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্বক একত্ৰিত কৰি মত বিনিময় কৰে আৰু ভাৰতৰ সামৰিক প্ৰস্তুতিৰ ভৱিষ্যত বিকাশৰ ভেটি স্থাপন কৰে।

দুবছৰত এবাৰ অনুষ্ঠিত হোৱা ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন ১৫-১৭ ছেপ্টেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ’ব। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বছৰ-ভৱিষ্যতৰ বাবে ৰূপান্তৰ’।

বিহাৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বিহাৰত ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড মুকলি কৰিব। ব’ৰ্ডে উৎপাদন আৰু নতুন প্ৰযুক্তিৰ বিকাশৰ প্ৰসাৰ ঘটাব, চপোৱাৰ পিছৰ ব্যৱস্থাপনা শক্তিশালী কৰিব, মূল্য সংযোজন আৰু প্ৰক্ৰিয়াকৰণক প্ৰসাৰিত কৰিব আৰু মখানাত বজাৰ, ৰপ্তানি আৰু ব্ৰেণ্ড বিকাশৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত বিহাৰ আৰু দেশৰ মখানা কৃষকসকল উপকৃত হ’ব।

দেশৰ মুঠ মখানা উৎপাদনৰ প্ৰায় ৯০% বিহাৰত হয়। মধুবনী, দাৰভাংগা, সীতামৰ্হি, সহাৰছা, কাটিহাৰ, পূৰ্ণিয়া, সুপৌল, কিষাণগঞ্জ আৰু আৰাৰিয়াৰ দৰে মূল জিলাসমূহে প্ৰাথমিক কেন্দ্ৰ হিচাপে কাম কৰে, কাৰণ ইয়াৰ জলবায়ুৰ পৰিস্থিতি অনুকূল আৰু উৰ্বৰ মাটি আছে যিয়ে মখানাৰ উন্নত মানত অৰিহণা যোগায়। বিহাৰত মখানা ব’ৰ্ড স্থাপনে ৰাজ্য তথা দেশৰ মখানা উৎপাদনত এক বৃহৎ উত্থান দিব আৰু এই খণ্ডত বিশ্ব মানচিত্ৰত বিহাৰৰ উপস্থিতি শক্তিশালী কৰিব।

প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়া বিমানবন্দৰৰ নিউ চিভিল এনক্লেভত অন্তৱৰ্তীকালীন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব, যিয়ে অঞ্চলটোত যাত্ৰী পৰিচালনাৰ ক্ষমতা বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়াত প্ৰায় ৩৬ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ভাগলপুৰৰ পীৰপাইন্তিত ৩x৮০০ মেগাৱাট তাপ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ই হ’ব বিহাৰৰ ২৫ হাজাৰ কোটি টকাৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ। ইয়াক আল্ট্ৰা-ছুপাৰ ক্ৰিটিকেল, কম নিৰ্গমন প্ৰযুক্তিৰ ওপৰত ডিজাইন কৰা হৈছে। এই প্ৰকল্পই নিবেদিত শক্তি প্ৰদান কৰাৰ লগতে বিহাৰৰ শক্তি সুৰক্ষা মজবুত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২,৬৮০ কোটিৰো অধিক মূল্যৰ কোচি-মেচি আন্তঃৰাজ্যিক নদী সংযোগ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ দ্বাৰা খালটোৰ উন্নীতকৰণকে ধৰি নিষ্কাশন, ক্ষতিগ্ৰস্ত গঠনসমূহ পুনৰ নিৰ্মাণ আৰু চেটেলিং বেচিনৰ সংস্কাৰ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, লগতে ইয়াৰ নিৰ্গমন ক্ষমতা ১৫,০০০ৰ পৰা ২০,০০০ কিউচেকলৈ বৃদ্ধি কৰা হ’ব। জলসিঞ্চন সম্প্ৰসাৰণ, বান নিয়ন্ত্ৰণ আৰু কৃষি স্থিতিস্থাপকতাৰে ই উত্তৰ-পূব বিহাৰৰ একাধিক জিলাক উপকৃত কৰিব।

ৰে’ল সংযোগ উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে বিহাৰত ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক ৰে’ল মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিক্ৰমশিলা–কাটাৰেয়াৰ মাজত ২,১৭০ কোটিৰো অধিক মূল্যৰ ৰে’ল লাইনৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ জৰিয়তে গংগা নদীৰ সিপাৰে পোনপটীয়া ৰে’ল সংযোগৰ ব্যৱস্থা কৰা হ’ব, যাৰ ফলত অঞ্চলটোৰ লোকসকল যথেষ্ট উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে আৰাৰিয়া-গালগলিয়া (ঠাকুৰগঞ্জ)ৰ মাজত ৪,৪১০ কোটিৰো অধিক মূল্যৰ নতুন ৰেল লাইন উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আৰৰিয়া–গালগলিয়া (ঠাকুৰগঞ্জ) শাখাত ৰে’লগাড়ী মুকলি কৰিব, যিয়ে আৰাৰিয়া আৰু কিষানগঞ্জ জিলাৰ মাজত প্ৰত্যক্ষ ৰে’ল সংযোগ স্থাপন কৰি সমগ্ৰ উত্তৰ-পূব বিহাৰত যাতায়তৰ যথেষ্ট উন্নতি কৰিব। তেওঁ যোগবাণী আৰু দানাপুৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল মুকলি কৰিব, যাৰ ফলত আৰাৰিয়া, পূৰ্ণেয়া, মাধেপুৰা, সহাৰছা, খগড়িয়া, বেগুছৰাই, সমষ্টিপুৰ, মুজাফ্ফৰপুৰ, বৈশালি আৰু পাটনাৰ দৰে জিলাসমূহ প্ৰত্যক্ষভাৱে উপকৃত হ’ব। ইয়াৰ উপৰি তেওঁ সহাৰছা আৰু ছেহৰ্টা (অমৃতসৰ) আৰু যোগবাণী তথা ইৰোডৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল মুকলি কৰিব। এই ৰেলসমূহে আধুনিক অভ্যন্তৰীণ অংশ, উন্নত সুবিধা আৰু দ্ৰুত ভ্ৰমণ ক্ষমতা প্ৰদান কৰিব, লগতে অঞ্চলসমূহৰ মাজত অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক সংহতি বৃদ্ধি কৰিব।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়াত লিংগ বিভাজিত বীৰ্য সুবিধা উদ্বোধন কৰিব। ই হৈছে ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত অত্যাধুনিক বীৰ্য ষ্টেচন, যিয়ে বছৰি ৫ লাখ লিংগ বিভাজিত বীৰ্যৰ মাত্ৰা উৎপাদন কৰিবলৈ সক্ষম। পূব আৰু উত্তৰ-পূব ভাৰতত এই ধৰণৰ প্ৰথমটো সুবিধা থলুৱাভাৱে বিকশিত প্ৰযুক্তি ব্যৱহাৰ কৰি মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল ৰাখি ২০২৪ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। মাইকী পোৱালি জন্মৰ অধিক সম্ভাৱনা সক্ষম কৰি এই প্ৰযুক্তিয়ে ক্ষুদ্ৰ, প্ৰান্তীয় কৃষক আৰু ভূমিহীন শ্ৰমিকসকলক অধিক প্ৰতিস্থাপন গৰু নিশ্চিত কৰাত সহায় কৰিব, অৰ্থনৈতিক চাপ হ্ৰাস কৰিব আৰু উন্নত দুগ্ধ উৎপাদনশীলতাৰ জৰিয়তে আয় বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই (আৰ)ৰ অধীনত ৩৫ হাজাৰ গ্ৰাম্য হিতাধিকাৰী আৰু পিএমএৱাই (ইউ)ৰ অধীনত ৫,৯২০ নগৰীয়া হিতাধিকাৰীৰ বাবে অনুষ্ঠিত হৈ থকা গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰি কিছুসংখ্যক হিতাধিকাৰীক চাবি প্ৰদান কৰিব।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ডিএৱাই-এনআৰএলএমৰ অধীনত ক্লাষ্টাৰ লেভেল ফেডাৰেচনসমূহক প্ৰায় ৫০০ কোটি টকাৰ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড বিতৰণ কৰাৰ লগতে চিএলএফৰ কিছুসংখ্যক সভাপতিক চেক প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"