প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ নৌ সেনাৰ বন্দৰত তিনিখন আগশাৰীৰ নৌসেনাৰ যুদ্ধজাহাজআই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ ৱাহশ্বিৰক দেশৰ বাবে উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰীয়েনৱী মুম্বাইৰ খাৰঘৰত ইস্কন মন্দিৰ উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ জানুৱাৰীত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১০:৩০ বজাত মুম্বাইৰনৌ সেনাৰ বন্দৰত তিনিখনআগশাৰীৰ নৌসেনাৰ যুদ্ধজাহাজ আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশ্বীৰকব্যৱহাৰৰ বাবে সাজু অৱস্থাতদেশৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ পাছততেওঁ প্ৰায় ৩:৩০ বজাত নৱী মুম্বাইৰ খাৰঘৰত ইস্কন মন্দিৰ উদ্বোধন কৰিব।

 

তিনিখনআগশাৰীৰ নৌসেনাৰ যুদ্ধজাহাজব্যৱহাৰৰ বাবে সাজু হৈ উঠাৰ জৰিয়তে প্ৰতিৰক্ষা উৎপাদন আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত বিশ্বৰ কৰ্ণধাৰ হিচাপে পৰিগণিত হোৱাৰভাৰতৰসপোনৰ অগ্ৰগতি প্ৰতিফলিত হৈছে। পি ১৫ বি গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ প্ৰকল্পৰ চতুৰ্থ আৰু অন্তিম জাহাজ আই এন এছ চুৰাটে বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু অত্যাধুনিক ডেষ্ট্ৰয়াৰৰ ভিতৰত স্থান লাভ কৰিছে। আই এন এছ চুৰাট ৭৫% থলুৱাভাৱে সজ্জিততথা ইয়াত অত্যাধুনিক অস্ত্ৰ-চেন্সৰ পেকেজ আৰু উন্নত নেটৱৰ্ক-কেন্দ্ৰিক ক্ষমতাসন্নিৱিষ্ট হৈ আছে। পি১৭এ ষ্টেলথ ফ্ৰিগেট প্ৰকল্পৰ প্ৰথমখন জাহাজ আইএনএছ নীলগিৰিৰ শৈলী ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৱে প্ৰস্তুত কৰিছেআৰু ইয়াতঅধিক সুৰক্ষা দিব পৰা অত্যাধুনিক প্ৰযুক্তি, সমুদ্ৰৰ ৰক্ষণাবেক্ষণ তথা আক্ৰমণ কৰিব পৰা উন্নত বৈশিষ্ট্য সন্নিবিষ্ট কৰাৰ জৰিয়তেপৰৱৰ্তী প্ৰজন্মৰযুদ্ধ জাহাজৰ আভাস পৰিস্ফুট হৈছে। পি৭৫ স্ক’ৰপিন প্ৰকল্পৰ ষষ্ঠ আৰু চূড়ান্ত চাবমেৰিন আই এন এছ বাঘশ্বীৰে ছাবমেৰিন নিৰ্মাণৰ ক্ষেত্ৰতভাৰতৰক্ৰমবৰ্ধমান নিপুণতাপ্ৰতিফলিতকৰে আৰু এই জাহাজফ্ৰান্সৰ নৌসেনা গোটৰ সহযোগত নিৰ্মাণ কৰা হৈছে।

 

ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক উন্নীত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাইৰ খাৰঘৰত ইস্কন প্ৰকল্প শ্ৰী শ্ৰী ৰাধা মদনমোহঞ্জী মন্দিৰ উদ্বোধন কৰিব। ৯ একৰ মাটিত বিস্তৃত এই প্ৰকল্পটোত কেইবাজনো দেৱতা থকা মন্দিৰ, বৈদিক শিক্ষা কেন্দ্ৰ, প্ৰস্তাৱিত সংগ্ৰহালয় আৰু প্ৰেক্ষাগৃহ, হিলিং চেণ্টাৰ আদিৰ ব্যৱস্থা আছে। ইয়াৰ লক্ষ্যহৈছে বৈদিক শিক্ষাৰ জৰিয়তে সাৰ্বজনীন ভাতৃত্ববোধ, শান্তিআৰুসম্প্ৰীতিৰ প্ৰসাৰকৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push