প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত ৩০,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
গতিশীলতা বৃদ্ধিৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে অটল বিহাৰী বাজপায়ী সেতু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰায় ১৭,৮৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত অটল সেতু ভাৰতৰ দীৰ্ঘতম দলং আৰু লগতে দেশৰ দীৰ্ঘতম সাগৰীয় দলং
ৰেল আৰু খোৱাপানীৰে জড়িত একাধিক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
নাৰী সবলীকৰণৰ দিশত আন এটি প্ৰচেষ্টা হিচাপে প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰতো নমো মহিলা সবলীকৰণ অভিযানৰ শুভাৰম্ভ কৰিব
ইয়াৰ উপৰিও, মুম্বাই বন্দৰ আৰু জৱাহৰলাল নেহৰু বন্দৰৰ মাজত যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব
প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱী মুম্বাইত অনুষ্ঠিত এক ৰাজহুৱা কাৰ্য্যসূচীত ১২,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।
মেগা চিএফচিয়ে ৰত্ন আৰু গহনা ব্যৱসায়ত ৰপ্তানি খণ্ডক ৰূপান্তৰিত কৰিব আৰু ঘৰুৱা উৎপাদনতো সহায় কৰিব।
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মহিলা উন্নয়ন কাৰ্য্যসূচীৰ অভিসৰণ আৰু পৰিপূৰকতাৰ অৰ্থেও এই প্ৰচেষ্টা হাতত লোৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰী, ২০২৪ তাৰিখে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকী নাচিকত উপস্থিত হ’ব, ইয়াত তেখেতে ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত, মুম্বাইত প্ৰধানমন্ত্ৰীগৰাকীয়ে অটল বিহাৰী বাজপায়ী সেতু উদ্বোধন কৰিব। বিয়লি প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱী মুম্বাইত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

অটল বিহাৰী বাজপায়ী সেতু

প্ৰধানমন্ত্ৰীগৰাকীয়ে নগৰীয়া পৰিবহণ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ সুদৃঢ়কৰণেৰে নাগৰিকসকলৰ ‘ইজ অৱ মবিলিটি’ৰ অগ্ৰগতি সাধনৰ দৃষ্টি গ্ৰহণ কৰিছে। এই দৃষ্টিভংগীৰে সংগতি ৰাখি মুম্বাই ট্ৰেন্সহাৰ্বাৰ লিংক ((MTHL) নিৰ্মাণ কৰা হৈছে, যাৰ নাম এতিয়া ‘অটল বিহাৰী বাজপায়ী সেৱৰী - ন্হাৱা শ্বেভা অটল সেতু’। ২০১৬ৰ ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়েই এই দলঙৰ আধাৰশিলা স্থাপন কৰিছিল।

মুঠ ১৭,৮৪০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে অটল সেতু নিৰ্মাণ কৰা হৈছে। এয়া প্ৰায় ২১.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬ লেনযুক্ত দলং, যাৰ দৈৰ্ঘ্য সাগৰৰ ওপৰেৰে প্ৰায় ১৬.৫ কিলোমিটাৰ আৰু স্থলভাগত প্ৰায় ৫.৫ কিলোমিটাৰ। ই ভাৰতৰ দীৰ্ঘতম দলং আৰু লগতে ভাৰতৰ দীৰ্ঘতম সাগৰীয় দলং। ইয়াৰ জৰিয়তে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে দ্ৰুত যোগাযোগ ব্যৱস্থা প্ৰশস্ত হোৱাৰ লগতে মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতলৈ যাত্ৰাৰ সময়ো হ্ৰাস পাব। ইয়াৰ উপৰিও, মুম্বাই বন্দৰ আৰু জৱাহৰলাল নেহৰু বন্দৰৰ মাজত যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব।

নৱী মুম্বাইত ৰাজহুৱা অনুষ্ঠান

প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱী মুম্বাইত অনুষ্ঠিত এক ৰাজহুৱা কাৰ্য্যসূচীত ১২,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

ইষ্টাৰ্ণ ফ্ৰীৱে’ অৰেঞ্জ গেট আৰু মেৰিন ড্ৰাইভ সংযোগী আণ্ডাৰগ্ৰাউণ্ড পথ সুৰংগৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো ৮,৭০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব আৰু এয়া মুম্বাইৰ এক উল্লেখযোগ্য আন্তঃগাঁথনি উন্নয়ন হ’ব যাৰ ফলত অৰেঞ্জ গেট আৰু মেৰিন ড্ৰাইভৰ মাজত যাত্ৰাৰ সময় হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সূৰ্য্য আঞ্চলিক বাল্ক খোৱাপানী প্ৰকল্পৰ প্ৰথম পৰ্য্যায়ৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ১,৯৭৫ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ জৰিয়তে মহাৰাষ্ট্ৰৰ পালঘৰ আৰু থানে জিলালৈ খোৱাপানীৰ যোগান ধৰা হ’ব, যাৰ ফলত প্ৰায় ১৪ লাখ লোক উপকৃত হ’ব।

এই কার্য্যসূচীতে প্রধানমন্ত্রীগৰাকীয়ে প্রায় ২,০০০ কোটি টকা মূল্যৰ ৰেল প্রকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত আছে ‘উৰাণ-খাৰকোপাৰ ৰেলপথৰ দ্বিতীয় পৰ্য্যায়’ৰ উৎসৰ্গা, যিয়ে নৱী মুম্বাইৰ সৈতে যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব কাৰণ নেৰুল/বেলাপুৰৰপৰা খাৰকোপাৰৰ মাজত চলি থকা উপনগৰীয়া সেৱা এতিয়া উৰাণলৈ সম্প্ৰসাৰিত হ’ব। উৰাণ ৰেল ষ্টেচনৰপৰা খাৰকোপাৰলৈ ইএমইউ ৰেলৰ উদ্বোধনী যাত্ৰাৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে ফ্লেগ অফ কৰিব।

ৰাষ্ট্ৰলৈ উৎসৰ্গা হ’বলগীয়া আন ৰেল প্ৰকল্পসমূহৰ ভিতৰত আছেঃ থানে-বাশী/পানভেল ট্ৰেন্স-হাৰ্বাৰ লাইনত নতুন উপনগৰ ষ্টেচন ‘দিঘা গাঁও’ আৰু খাৰ ৰোড আৰু গোৰেগাঁও ৰেলৱে ষ্টেচনৰ মাজত নতুন ৬ষ্ঠ লাইন। এই প্ৰকল্পসমূহে মুম্বাইৰ দৈনিক অহা-যোৱা কৰা হাজাৰ-হাজাৰ লোকক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩ডিকে প্ৰমুখ্য কৰি বিশ্বৰ ভিতৰতে সৰ্বোত্তম উপলব্ধ মেচিনৰ সৈতে ভাৰতৰ ভিতৰতে প্ৰথমটো ইলেকট্ৰনিক এক্সপ’ৰ্ট প্ৰচেছিং জ’ন- স্পেচিয়েল ইকনমিক জ’ন (SEEPZ SEZ)ত ৰত্ন আৰু গহনা খণ্ডৰ বাবে ‘ভাৰত ৰত্নম’ (মেগা কমন ফেচিলিটেশ্যন চেন্টাৰ) উদ্বোধন কৰিব। ইয়াত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলকে প্ৰমুখ্য কৰি এই খণ্ডৰ বাবে কৰ্মশক্তিৰ দক্ষতাৰ অৰ্থে এখন প্ৰশিক্ষণ বিদ্যালয় থাকিব। মেগা চিএফচিয়ে ৰত্ন আৰু গহনা ব্যৱসায়ত ৰপ্তানি খণ্ডক ৰূপান্তৰিত কৰিব আৰু ঘৰুৱা উৎপাদনতো সহায় কৰিব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে এছইইপিজেদ-এছইজেদত নতুন উদ্যোগ আৰু সেৱা টাৱাৰ (NEST)-০১ উদ্বোধন কৰিব। নতুন টাৱাৰটো বৃহৎ পৰিসৰৰ উৎপাদনৰ বাবে আৰু উদ্যোগটোৰ চাহিদা অনুসৰি ডিজাইন কৰা হৈছে।

এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে নমো মহিলা সবলীকৰণ অভিযানৰ শুভাৰম্ভ কৰিব। এই অভিযানৰ লক্ষ্য হৈছে মহাৰাষ্ট্ৰৰ মহিলাসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু উদ্যমিতা বিকাশেৰে পৰিচিতিৰ ব্যৱস্থাৰে সবলীকৰণ কৰা। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মহিলা উন্নয়ন কাৰ্য্যসূচীৰ অভিসৰণ আৰু পৰিপূৰকতাৰ অৰ্থেও এই প্ৰচেষ্টা হাতত লোৱা হৈছে।

২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ

যুৱক-যুৱতীসকলক দেশৰ উন্নয়ন যাত্ৰাৰ মূল অংশ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। এই প্ৰচেষ্টাৰ আন এক অংশ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে নাচিকত ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ (NYF) উদ্বোধন কৰিব।

প্ৰতি বছৰে ১২ জানুৱাৰীৰপৰা ১৬ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ অনুষ্ঠিত হয়। ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী। এইবাৰ মহোৎসৱৰ আয়োজক ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। এইবাৰৰ মহোৎসৱৰ বিষয়বস্তু হৈছে Viksit Bharat@ 2047: যুৱ-সমাজৰ বাবে, যুৱ-সমাজৰদ্বাৰা।

এনৱাইএফে ভাৰতৰ ভিন্ন অঞ্চলৰ যুৱক-যুৱতীসকলে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱেৰে নিজ-নিজ অভিজ্ঞতাৰ আদান-প্ৰদানেৰে এক ঐক্যবদ্ধ ৰাষ্ট্ৰৰ ভেটি সুদৃঢ় কৰিব পৰাকৈ এখনি মঞ্চ গঢ়িব বিচাৰে। নাচিকত অনুষ্ঠিতব্য এই মহোৎসৱত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৭,৫০০ যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াত সাংস্কৃতিক অনুষ্ঠান, থলুৱা ক্ৰীড়া, যুৱ শিল্পী শিৱিৰ, প’ষ্টাৰ মেকিং, ৰচনা প্ৰতিযোগিতা, যুৱ সন্মিলন, খাদ্য উৎসৱ আদিকে প্ৰমুখ্য কৰি ভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi