প্ৰায় ২৫ খন দেশৰ মন্ত্ৰী পৰ্যায়ৰ ব্যক্তিৰ অংশগ্ৰহণৰ সৈতে ভাৰতে গোলকীয় সংবাদ মাধ্যম আলোচনা আয়োজন কৰিব
প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ ভিজিনজাম আন্তঃৰাষ্ট্ৰীয় গভীৰ জল বহুমুখী সাগৰ বন্দৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
ই হৈছে ভাৰতৰ প্ৰথমটো সমৰ্পিত কণ্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট বন্দৰ
প্ৰধানমন্ত্ৰীয়ে অমৰাৱতীত ৫৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
অঞ্চলটোত সংযোগ খণ্ডৰ এক গুৰুত্বপূৰ্ণ বিকাশৰ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশত একাধিক পথ আৰু ৰে’ল প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ১ মে'ত মুম্বাই ভ্ৰমণ কৰিব আৰু দিনৰ প্ৰায় ১০.৩০ বজাত বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভছ) উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ১ মে'ত মুম্বাই ভ্ৰমণ কৰিব আৰু দিনৰ প্ৰায় ১০.৩০ বজাত বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভছ) উদ্বোধন কৰিব।

তাৰ পাছত তেওঁ কেৰালা ভ্ৰমণ কৰিব আৰু ২ মে'ৰ দিনৰ প্ৰায় ১০.৩০ বজাত তেওঁ ভিজিনজাম আন্তঃৰাষ্ট্ৰীয় গভীৰ জল বহুমুখী সাগৰীয় বন্দৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমাৱেশত উপস্থিত লোকসকলক সম্বোধন কৰিব।

তদুপৰি তেওঁ অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব আৰু বিয়লি প্ৰায় ৩.৩০ বজাত তেওঁ অমৰাৱতীত ৫৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তেওঁ ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।

মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত ভাৰতৰ প্ৰথমখন বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভছ) ২০২৫ উদ্বোধন কৰিব। ‘ক্ৰিয়েটৰসকলক সংযোগ কৰা, দেশসমূহক সংযোগ কৰা’ টেগলাইনৰ সৈতে চাৰিদিনীয়া সন্মিলনখনে সমগ্ৰ বিশ্বৰ ক্ৰিয়েটৰ, ষ্টাৰ্টআপ, উদ্যোগ খণ্ডৰ কৰ্ণধাৰ আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি সংবাদ মাধ্যম, মনোৰঞ্জন আৰু ডিজিটেল উদ্ভাৱনৰ বাবে ভাৰতক এক আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে স্থাপন কৰিবলৈ সাজু হৈছে।

এক উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ সৃষ্টিশীলতা, প্ৰযুক্তি আৰু প্ৰতিভাৰ ব্যৱহাৰৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৱেভছে চলচ্চিত্ৰ, অ'টিটি, গেমিং, কমিক্স, ডিজিটেল মিডিয়া, কৃত্ৰিম বুদ্ধিমত্তা, এভিজিচি-এক্সআৰ, সম্প্ৰচাৰ আৰু উদীয়মান প্ৰযুক্তিক একত্ৰিত কৰাৰ জৰিয়তে এই মঞ্চত ভাৰতৰ মিডিয়া আৰু মনোৰঞ্জন দক্ষতাৰ এক ব্যাপক প্ৰদৰ্শন হ'ব। ৱেভছৰ লক্ষ্য হৈছে ২০২৯ চনৰ ভিতৰত ৫০ বিলিয়ন ডলাৰৰ বজাৰ মুকলি কৰি বিশ্বৰ মনোৰঞ্জন অৰ্থনীতিত ভাৰতৰ পদচিহ্ন সম্প্ৰসাৰিত কৰা।

ৱেভছ ২০২৫ত ভাৰতে প্ৰথমবাৰৰ বাবে ২৫ খন দেশৰ মন্ত্ৰীৰ অংশগ্ৰহণৰ সৈতে বিশ্ব সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ দৃশ্যপটৰ সৈতে দেশৰ সম্পৰ্কৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি বিশ্ব সংবাদ মাধ্যম আলোচনা (জি এম ডি) আয়োজন কৰিব। এই শীৰ্ষ সন্মিলনখনত ৬,১০০ৰো অধিক ক্ৰেতা, ৫,২০০ বিক্ৰেতা আৰু ২,১০০ প্ৰকল্পৰ সৈতে এক আন্তৰ্জাতিক ই-বজাৰ ৱেভছ বজাৰো প্ৰদৰ্শিত হ'ব। ইয়াৰ লক্ষ্য হৈছে স্থানীয় আৰু আন্তৰ্জাতিক ক্ৰেতা আৰু বিক্ৰেতাসকলক সংযোগ কৰা, বিস্তৃত নেটৱৰ্কিং আৰু ব্যৱসায়িক সুযোগ নিশ্চিত কৰা।

প্ৰধানমন্ত্ৰীয়ে ক্ৰিয়েটোস্ফিয়াৰ ভ্ৰমণ কৰিব আৰু প্ৰায় এবছৰ পূৰ্বে আৰম্ভ কৰা ৩২ টা ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ পৰা নিৰ্বাচিত ক্ৰিয়েটৰসকলৰ সৈতে মত বিনিময় কৰিব, যিয়ে এক লাখৰো অধিক পঞ্জীয়ন লাভ কৰিছিল। তেওঁ ভাৰত পেভিলিয়নো পৰিদৰ্শন কৰিব।

ৱেভছ ২০২৫ত ৯০ খনৰো অধিক দেশৰ অংশগ্ৰহণ পৰিলক্ষিত হ’ব, য’ত ১০,০০০ৰো অধিক প্ৰতিনিধি, ১,০০০ গৰাকী ক্ৰিয়েটৰ, ৩০০ৰো অধিক কোম্পানী আৰু ৩৫০ৰো অধিক ষ্টাৰ্টআপ থাকিব। এই সন্মিলনত ৪২ খন পূৰ্ণাংগ অধিবেশন, ৩৯ খন ব্ৰেকআউট অধিবেশন আৰু সম্প্ৰচাৰ, ইনফোটেইনমেণ্ট, এভিজিচি-এক্সআৰ, চলচ্চিত্ৰ আৰু ডিজিটেল মিডিয়াক ধৰি বিভিন্ন খণ্ডত বিস্তৃত ৩২ টা মাষ্টাৰ ক্লাছ অনুষ্ঠিত হ’ব।

কেৰালাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৮,৯০০ কোটি টকাৰ ভিজিনজাম আন্তঃৰাষ্ট্ৰীয় গভীৰ জল বহুমুখী সাগৰীয় বন্দৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ই হৈছে দেশৰ প্ৰথমটো সমৰ্পিত কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ, যিয়ে বিকশিত ভাৰতৰ একত্ৰিত দৃষ্টিভংগীৰ অংশ হিচাপে ভাৰতৰ সামুদ্ৰিক খণ্ডত কৰা পৰিবৰ্তনশীল অগ্ৰগতিৰ প্ৰতিনিধিত্ব কৰে।

কৌশলগত গুৰুত্ব থকা ভিজিনজাম বন্দৰক এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰমূলক প্ৰকল্প হিচাপে চিহ্নিত কৰা হৈছে, যিয়ে বিশ্ব বাণিজ্যত ভাৰতৰ স্থিতি শক্তিশালী কৰাত অৰিহণা যোগাব, ৰচদ-পাতি সৰবৰাহৰ দক্ষতা বৃদ্ধি কৰিব আৰু কাৰ্গো ট্ৰান্সশ্বিপমেণ্টৰ বাবে বিদেশী বন্দৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। ইয়াৰ প্ৰায় ২০ মিটাৰৰ প্ৰাকৃতিক গভীৰতা আৰু বিশ্বৰ অন্যতম ব্যস্ত সাগৰীয় বাণিজ্য পথৰ ওচৰৰ অৱস্থানে বিশ্ব বাণিজ্যত ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰে।

অন্ধ্ৰপ্ৰদেশত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে অমৰাৱতীত ৫৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

সমগ্ৰ দেশতে বিশ্বমানৰ আন্তঃগাঁথনি আৰু সংযোগ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশত ৭ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশ বহল কৰা, পথ, উৰণ সেতু আৰু উপ-পথ নিৰ্মাণ আদি। এই প্ৰকল্পসমূহে পথ সুৰক্ষা অধিক বৃদ্ধি কৰিব; নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব; তিৰুপতি, শ্ৰীকালহস্তী, মালাকোণ্ডা আৰু উদয়গিৰি দুৰ্গৰ দৰে ধৰ্মীয় আৰু পৰ্যটনস্থলীসমূহলৈ নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে সংযোগ বৃদ্ধি আৰু ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ৰে’ল প্ৰকল্পসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহ হৈছে বুগ্গানাপল্লে চিমেণ্ট নগৰ আৰু পানিয়াম ষ্টেচনৰ মাজৰ ৰে’ল লাইন দ্বৈতকৰণ, ৰায়ালসীমা আৰু অমৰাৱতীৰ মাজত সংযোগ বৃদ্ধি কৰা আৰু নিউ ৱেষ্ট ব্লক হাট কেবিন তথা বিজয়ৱাড়া ষ্টেচনৰ মাজত তৃতীয়টো ৰে’ল লাইন নিৰ্মাণ।

প্ৰধানমন্ত্ৰীয়ে ৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আৰু এটা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশ বহল কৰা; এলিভেটেড কৰিডৰ, হাফ ক্লোভাৰ লিফ আৰু ৰোড অ’ভাৰ ব্ৰীজ নিৰ্মাণ আদি। এই প্ৰকল্পসমূহে সংযোগ, আন্তঃৰাজ্যিক ভ্ৰমণ উন্নত কৰিব, ভিৰ হ্ৰাস কৰিব আৰু সামগ্ৰিক ৰচদ-পাতি পৰিবহণৰ দক্ষতা উন্নত কৰিব। গুণ্টাকাল পশ্চিম আৰু মাল্লাপ্পা গেট ষ্টেচনৰ মাজত ৰে’লৰ ওপৰেৰে ৰে’লপথ নিৰ্মাণৰ লক্ষ্য হৈছে মালবাহী ৰে’লৰ বিকল্প পথ নিৰ্মাণ কৰা আৰু গুণ্টাকাল জংচনত যান-জঁট হ্ৰাস কৰা।

প্ৰধানমন্ত্ৰীয়ে ১১,২৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিধানসভা, উচ্চ ন্যায়ালয়, সচিবালয়, অন্যান্য প্ৰশাসনিক ভৱন আৰু ৫,২০০ৰো অধিক পৰিয়ালৰ বাবে গৃহ নিৰ্মাণকে ধৰি একাধিক আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াত ১৭,৪০০ কোটি টকাতকৈও অধিক মূল্যৰ ভূগৰ্ভস্থ উপযোগিতা আৰু উন্নত বানপানী ব্যৱস্থাপনা ব্যৱস্থাৰ সৈতে ৩২০ কিলোমিটাৰ বিশ্বমানৰ পৰিবহণ নেটৱৰ্ক থকা ট্ৰাংক আন্তঃগাঁথনি আৰু বানপানী প্রশমন প্ৰকল্পও অন্তৰ্ভুক্ত থাকিব। লেণ্ড পুলিং আঁচনি আন্তঃগাঁথনি প্ৰকল্পসমূহে সমগ্ৰ ৰাজধানী চহৰ অমৰাৱতীত কেন্দ্ৰীয় মাধ্যম, চাইকেল ট্ৰেক আৰু সংহত উপযোগিতাৰে সজ্জিত ১,২৮১ কিলোমিটাৰ পথ সামৰি ল'ব, যাৰ মূল্য ২০,৪০০ কোটি টকাৰো অধিক।

প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ নাগায়ালংকাত প্ৰায় ১,৪৬০ কোটি টকা মূল্যৰ মিছাইল টেষ্ট ৰেঞ্জৰ আধাৰশিলাও স্থাপন কৰিব। ইয়াত দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি বৃদ্ধি কৰা এটা উৎক্ষেপণ কেন্দ্ৰ, কাৰিকৰী সঁজুলি সুবিধা, থলুৱা ৰাডাৰ, টেলিমেট্ৰী আৰু ইলেক্ট্ৰ’ অপ্টিকেল প্ৰণালী অন্তৰ্ভুক্ত থাকিব।

প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ মধুৰাৱাড়াত প্ৰধানমন্ত্ৰী একতা মলৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰীয় সংহতি বৃদ্ধি কৰা, মেক ইন ইণ্ডিয়া পদক্ষেপক সমৰ্থন কৰা, এক জিলা এক সামগ্ৰীৰ প্ৰচাৰ কৰা, নিযুক্তিৰ সুযোগ সৃষ্টি কৰা, গ্ৰাম্য শিল্পীসকলক সবলীকৰণ কৰা আৰু থলুৱা সামগ্ৰীৰ বজাৰ উপস্থিতি বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ইয়াৰ পৰিকল্পনা কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi