মধ্যপ্ৰদেশৰ চট্টাৰপুৰত বাঘেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানন্ত্ৰীয়ে
মধ্যপ্ৰদেশৰ ভুপালত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োগকাৰী সন্মিলন,২০২৫ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
বিহাৰৰ ভগলপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে পিএম কিষাণৰ ১৯তম কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
অসমৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ঝুমুইৰ বিনন্দিনী (বিশাল ঝুমুইৰ অনুষ্ঠান) ২০২৫ অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব। ২৩ ফেব্ৰুৱাৰীত তেওঁ মধ্যপ্ৰদেশৰ চট্টাৰপুৰ জিলালৈ যাত্ৰা কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। ২৪ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ বিহাৰৰ ভগলপুৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ২:১৫ বজাত পি এম কিষান আঁচনিৰ ১৯তম কিস্তি মুকলি কৰাৰ লগতে বিহাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু দেশবাসীৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে গুৱাহাটীলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত তেওঁ ঝুমুইৰ বিনন্দিনী (বিশাল ঝুমুইৰ অনুষ্ঠান) ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ২৫ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰিব।

মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে চট্টাৰপুৰ জিলাৰ গড়া গাঁৱত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। সকলো শ্ৰেণীৰ লোকৰ বাবে উন্নত স্বাস্থ্যসেৱা সুনিশ্চিত কৰি ২০০ কোটিৰো অধিক মূল্যৰ কৰ্কট চিকিৎসালয়খনে অভাৱগ্ৰস্ত কৰ্কট ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব। এই প্ৰতিষ্ঠানত অত্যাধুনিক চিকিৎসা সজুলিৰ লগতে বিশেষজ্ঞ চিকিৎসক থাকিব।

প্ৰধানমন্ত্ৰীয়ে ভূপালত দুদিনীয়া বিশ্ব বিনিয়োগকাৰী সন্মিলন(জিআইএছ) ২০২৫ উদ্বোধন কৰিব। মধ্যপ্ৰদেশক বিশ্বৰ বিনিয়োগৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰা জিআইএছত ফাৰ্মা আৰু চিকিৎসা সঁজুলি, পৰিবহণ আৰু লজিষ্টিক, উদ্যোগ, দক্ষতা বিকাশ, পৰ্যটন আৰু এমএছএমই আদিৰ বিশেষ অধিবেশন অন্তৰ্ভুক্ত কৰা হ’ব। তদুপৰি ইয়াত গ্ল’বেল ছাউথ দেশ সন্মিলন, লেটিন আমেৰিকা আৰু কেৰিবিয়ান অধিবেশনৰ দৰে আন্তঃৰাষ্ট্ৰীয় অধিবেশন আৰু মূল অংশীদাৰ দেশসমূহৰ বাবে বিশেষ অধিবেশনো অন্তৰ্ভুক্ত কৰা হ’ব।

এই সন্মিলনৰ সময়ত তিনিখন বৃহৎ ঔদ্যোগিক প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। অটো শ্ব’ত মধ্যপ্ৰদেশৰ অটোমোটিভ ক্ষমতা আৰু ভৱিষ্যতৰ মবিলিটি সমাধান প্ৰদৰ্শন কৰা হ’ব। টেক্সটাইল আৰু ফেশ্বন এক্সপ’ত পৰম্পৰাগত আৰু আধুনিক বস্ত্ৰ নিৰ্মাণ উভয়তে ৰাজ্যখনৰ বিশেষজ্ঞতাক উজ্জ্বল কৰি তোলা হ’ব। "এক জিলা-এক সামগ্ৰী" (ODOP)ৰ অধীনত ৰাজ্যৰ বিভিন্ন গাঁৱৰ অনন্য কাৰুকাৰ্য্য আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব।

এই সন্মিলনত ৬০খনতকৈও অধিক দেশৰ প্ৰতিনিধি, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিষয়া, ভাৰতৰ ৩০০ৰো অধিক বিশিষ্ট উদ্যোগ নেতা আৰু নীতি নিৰ্ধাৰকসকলে অংশগ্ৰহণ কৰিব।

বিহাৰত প্ৰধানমন্ত্ৰী

কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ দিশত দায়বদ্ধ প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ লগত সংগতি ৰাখি তেওঁ ভগলপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। তেওঁ ভগলপুৰত পিএম কিষাণৰ ১৯তম কিস্তি মুকলি কৰিব। সমগ্ৰ দেশৰ ৯.৭ কোটিৰো অধিক কৃষকে ২১,৫০০ কোটিতকৈ অধিক টকাৰ প্ৰত্যক্ষ আৰ্থিক সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰীৰ এটা উল্লেখযোগ্য গুৰুত্ব হৈছে কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উন্নত মাননি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ২৯ ফেব্ৰুৱাৰী, ২০২০ত তেওঁ ১০,০০০ কৃষক উৎপাদক সংস্থা (এফপিঅ’) গঠন আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ আঁচনি আৰম্ভ কৰে, যিয়ে কৃষকসকলক সামূহিকভাৱে তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ বজাৰ আৰু উৎপাদনত সহায় কৰে। পাঁচ বছৰৰ ভিতৰতে কৃষকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ এই দায়বদ্ধতা পূৰণ হৈছে। কাৰ্যসূচীৰ সময়ত তেওঁ দেশৰ ১০,০০০তম এফপিঅ’ গঠন কৰিব যিটো এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে মতিহাৰীত ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত নিৰ্মিত থলুৱা জাতৰ উৎকৃষ্টতাৰ কেন্দ্ৰ উদ্বোধন কৰিব। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত অত্যাধুনিক আইভিএফ প্ৰযুক্তিৰ প্ৰৱৰ্তন, অধিক প্ৰজননৰ বাবে থলুৱা জাতৰ উৎকৃষ্ট প্ৰাণী উৎপাদন আৰু কৃষক আৰু পেছাদাৰীসকলক আধুনিক প্ৰজনন কৌশলৰ প্ৰশিক্ষণ দিয়া আদি উল্লেখযোগ্য। তদুপৰি তেওঁ বৰাউনীত এটা গাখীৰজাতীয় সামগ্ৰীৰ উদ্যোগ উদ্বোধন কৰিব, যাৰ লক্ষ্য হৈছে ৩ লাখ গাখীৰ উৎপাদকৰ বাবে এখন সংগঠিত বজাৰ সৃষ্টি কৰা।

সংযোগ আৰু আন্তঃগাঁথনি বৃদ্ধিৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ৫২৬ কোটিৰো অধিক ব্যয় সাপেক্ষে ৱাৰিছালীগঞ্জ-নৱাদা-তিলাইয়া ৰে’ল অংশ আৰু ইছমাইলপুৰ-ৰফিগঞ্জ উৰণসেতুঁ উন্নীতকৰণৰ কামো দেশৰ বাবে উৎসৰ্গা কৰিব।

অসমত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে অসমৰ চাহ জনজাতি আৰু আদিবাসী লোকসকলৰ ৮,০০০ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া ঝুমুইৰ বিনন্দিনী (বিশাল ঝুমুইৰ অনুষ্ঠান) ২০২৫ শীৰ্ষক এক আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ঝুমুৰ নৃত্য হৈছে অসমৰ চাহ জনজাতি আৰু জনজাতি জনগোষ্ঠীৰ এক লোকনৃত্য যিয়ে সৰ্বাংগীনতা, ঐক্য আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাৱ আৰু অসমৰ সংমিশ্ৰিত সাংস্কৃতিক সংযোজনৰ প্ৰতীক। অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগ আৰু ২০০ বছৰীয়া উদ্যোগীকৰণৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে এই বিশাল ঝুমুইৰ অনুষ্ঠান।

প্ৰধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰিব। এই কাৰ্যসূচীত উদ্বোধনী অধিবেশন, ৭টা মন্ত্ৰী পৰ্যায় অধিবেশন আৰু ১৪টা বিষয়ভিত্তিক অধিবেশন থাকিব। তদুপৰি ৰাজ্যখনৰ অৰ্থনৈতিক পৰিৱেশৰ আভাস প্ৰদান কৰা এক বিস্তৃত প্ৰদৰ্শনী প্ৰদৰ্শিত হ’ব। প্ৰদৰ্শনীত ঔদ্যোগিক বিকাশ, বিশ্ব বাণিজ্যিক অংশীদাৰিত্ব, দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্যোগ আৰু সজীৱ এমএছএমই খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, য’ত ২৪০জনতকৈ অধিক প্ৰদৰ্শক থাকিব।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা, বিশ্বৰ নেতা আৰু বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক, উদ্যোগ বিশেষজ্ঞ, ষ্টাৰ্টআপ আৰু ছাত্ৰ ইত্যাদিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi