বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ (VSSC)-তিৰুৱন্তপুৰম ভ্ৰমণ আৰু প্ৰায় ১,৮০০ কোটি টকা মূল্যৰ তিনি গুৰুত্বপূৰ্ণ মহাকাশ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব
প্ৰকল্পসমূহৰ ভিতৰত আছে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰত ‘পিএছএলভি সংহত সুবিধা’; মহেন্দ্ৰগিৰিৰ ইছৰো প্ৰপালচন কমপ্লেক্সত ‘ছেমি-ক্ৰাইজেনিকছ ইন্টিগ্ৰেটেড ইঞ্জিন আৰু ষ্টেজ টেষ্ট ফেচিলিটি’ আৰু ভিএছএছচিত ‘ট্ৰাইছ’নিক ৱাইণ্ড টানেল’
গগনযানৰ অগ্ৰগতিও পৰ্য্যালোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে
তামিলনাডুত ১৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
দেশৰ পূব উপকূলত ট্ৰেন্সশ্বিপমেন্ট হাব স্থাপনৰ এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ভি.অ’. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কন্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব
ভাৰতৰ প্ৰথমখন থলুৱা গ্ৰীন হাইড্ৰজেন ফুয়েল চেলৰ অভ্যন্তৰীণ জলপথৰ জাহাজ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
মাদুৰাইৰ অট’ম’টিভ খণ্ডত কাম কৰা হাজাৰ-হাজাৰ এমএছএমই উদ্যোগীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
মহাৰাষ্ট্ৰত ৪,৯০০ কোটি টকাৰো অধিক মূল্যৰ ৰেল, পথ আৰু জলসিঞ্চনৰ সৈ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭-২৮ ফেব্ৰুৱাৰী, ২০২৪ত কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব।
এই কাৰ্য্যসূচীতে তেখেতে পিএম কিষাণ আৰু আন-আন আঁচনিৰ অধীনত সুবিধাসমূহো মুকলি কৰিব।
এই অত্যাধুনিক সুবিধাই ব্যক্তিগত মহাকাশ কোম্পানীয়ে ডিজাইন কৰা এছএছএলভি আৰু আন-আন সৰু লঞ্চ বাহনৰ উৎক্ষেপণৰ বাবেও ব্যৱস্থা কৰিব পাৰে।
উদ্বোধন কৰিবলগীয়া ভিএছএছচিৰ “ট্ৰাইছ’নিক ৱাইণ্ড টানেল” হৈছে এক বিশেষ প্ৰযুক্তিগত ব্যৱস্থা, যিয়ে আমাৰ ভৱিষ্যতৰ প্ৰযুক্তি বিকাশৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭-২৮ ফেব্ৰুৱাৰী, ২০২৪ত কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব।

২৭ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৰালাৰ তিৰুৱন্তপুৰমত থকা বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ (VSSC) ভ্ৰমণ কৰিব। বিয়লি প্ৰায় ৫:১৫ বজাত তামিলনাডুৰ মাদুৰাইত প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘ক্ৰিয়েটিং দ্য ফিউচাৰ – অট’ম’টিভ এমএছএমই উদ্যোগীসকলৰ বাবে ডিজিটেল গতিশীলতা’ শীৰ্ষক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব।

২৮ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে তামিলনাডুৰ থুথুকুডীত প্ৰায় ১৭,৩০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লি প্ৰায় ৪:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ যৱতমালত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব আৰু ইয়াতে ৪,৯০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই কাৰ্য্যসূচীতে তেখেতে পিএম কিষাণ আৰু আন-আন আঁচনিৰ অধীনত সুবিধাসমূহো মুকলি কৰিব।

কেৰালাত প্ৰধানমন্ত্ৰী

দেশৰ মহাকাশ খণ্ডৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িতকৰণৰ অৰ্থে সংস্কাৰ সাধনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগী আৰু এই খণ্ডত কাৰিকৰী তথা অনুসন্ধান আৰু বিকাশৰ ক্ষমতা বৃদ্ধিৰ বাবে তেখেতৰ দায়বদ্ধতাৰ ফলশ্ৰুতিত খণ্ডটোৱে এক উত্থান লাভ কৰিছে। তেখেতে তিৰুৱন্তপুৰমৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ভ্ৰমণৰ সময়ত তিনিটা গুৰুত্বপূৰ্ণ মহাকাশ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰত পিএছএলভি সংহত সুবিধা (PIF); মহেন্দ্ৰগিৰিৰ ইছৰো প্ৰপালচন কমপ্লেক্সত নতুন ‘ছেমি-ক্ৰাইজেনিকছ ইন্টিগ্ৰেটেড ইঞ্জিন আৰু ষ্টেজ টেষ্ট ফেচিলিটি’ আৰু তিৰুৱন্তপুৰমৰ ভিএছএছচিত ‘ট্ৰাইছ’নিক উইণ্ড টানেল’। মহাকাশ খণ্ডৰ বাবে বিশ্বমানৰ কাৰিকৰী সা-সুবিধা প্ৰদান কৰা এই তিনিটা প্ৰকল্পত প্ৰায় ১,৮০০ কোটি টকা ব্যয় কৰা হৈছে।

শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পিএছএলভি সংহত সুবিধাই (PIF) প্ৰতি বছৰে পিএছএলভি উৎক্ষেপণৰ মাত্ৰা ৬ৰ পৰা ১৫লৈ বৃদ্ধিত সহায় কৰিব। এই অত্যাধুনিক সুবিধাই ব্যক্তিগত মহাকাশ কোম্পানীয়ে ডিজাইন কৰা এছএছএলভি আৰু আন-আন সৰু লঞ্চ বাহনৰ উৎক্ষেপণৰ বাবেও ব্যৱস্থা কৰিব পাৰে।

আইপিআৰচি মহেন্দ্ৰগিৰিত নতুন ‘ছেমি-ক্ৰাইজেনিক ইন্টিগ্ৰেটেড ইঞ্জিন আৰু ষ্টেজ টেষ্ট ফেচিলিটি’ৰ জৰিয়তে ছেমি ক্ৰাইজেনিক ইঞ্জিন আৰু ষ্টেজৰ বিকাশ সম্ভৱ হ’ব, যিয়ে বৰ্তমানৰ লঞ্চ বাহনৰ পেল’ড ক্ষমতা বৃদ্ধি কৰিব। ২০০ টন পৰ্য্যন্ত থ্ৰাষ্টৰ ইঞ্জিন পৰীক্ষা কৰিবলৈ এই সুবিধাত লিকুইড অক্সিজেন আৰু কেৰাচিন যোগানৰ ব্যৱস্থা আছে।

বায়ুমণ্ডলীয় ব্যৱস্থাত উৰণৰ সময়ত ৰকেট আৰু বিমানৰ বৈশিষ্ট্য নিৰ্ণয়ৰ বাবে এৰ’ডাইনেমিক টেষ্টিঙৰ অৰ্থে ৱাইণ্ড টানেল অতিশয় প্ৰয়োজনীয়। উদ্বোধন কৰিবলগীয়া ভিএছএছচিৰ “ট্ৰাইছ’নিক ৱাইণ্ড টানেল” হৈছে এক বিশেষ প্ৰযুক্তিগত ব্যৱস্থা, যিয়ে আমাৰ ভৱিষ্যতৰ প্ৰযুক্তি বিকাশৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে গগনযান মিছনৰ অগ্ৰগতিও পৰ্য্যালোচনা কৰিব আৰু মহাকাশচাৰী-নিৰ্দিষ্টসকলক ‘এষ্ট্ৰ’নাট উইঙছ’ প্ৰদান কৰিব। গগনযান মিছন হৈছে ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ কাৰ্য্যসূচী, যাৰ বাবে ভিন্ন ইছৰো কেন্দ্ৰত ব্যাপক প্ৰস্তুতি অব্যাহত আছে।

তামিলনাডুত প্ৰধানমন্ত্ৰী

মাদুৰাইত প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘ক্ৰিয়েটিং দ্য ফিউচাৰ – ডিজিটেল ম’বিলিটি ফৰ অট’ম’টিভ এমএছএমই এন্ট্ৰাপ্ৰিনিয়ৰ্ছ’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব আৰু অট’ম’টিভ খণ্ডত কাম কৰা হাজাৰ-হাজাৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ (MSME) উদ্যোগীসকলক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় অট’ম’টিভ উদ্যোগত এমএছএমই সমূহক সহায়ৰ বাবে ব্যৱস্থা কৰা দুই বৃহৎ পদক্ষেপৰো শুভাৰম্ভ কৰিব। এই পদক্ষেপসমূহৰ ভিতৰত আছে টিভিএছ অ’পেন ম’বিলিটি প্লেটফৰ্ম আৰু টিভিএছ ম’বিলিটি-চিআইআই চেন্টাৰ অৱ এক্সেলেন্স। এই পদক্ষেপসমূহে দেশত এমএছএমইসমূহৰ বৃদ্ধিত সহায়ৰ লগতে এইসমূহৰ কাৰ্য্যকলাপৰ আনুষ্ঠানিককৰণ, বিশ্ব মূল্য শৃংখলৰ সৈতে একত্ৰিতকৰণ আৰু আত্ম-নিৰ্ভৰশীল হোৱাত সহায়ৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীক বাস্তৱায়িতকৰণত সহায় কৰিব।

থুথুকুডিত অনুষ্ঠিতব্য এক ৰাজহুৱা কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভি.অ’. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কন্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব। এই কন্টেইনাৰ টাৰ্মিনেলটো হৈছে ভি.অ’. চিদাম্বৰনাৰ বন্দৰক পূব উপকূলৰ বাবে ট্ৰেন্সশ্বিপমেন্ট হাবলৈ ৰূপান্তৰিতকৰণৰ দিশত এটি পদক্ষেপ। এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতৰ দীঘলীয়া উপকূল আৰু অনুকূল ভৌগোলিক অৱস্থানৰ লাভ আহৰণ আৰু বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিযোগিতামূলক ক্ষমতা সুদৃঢ় কৰা। এই বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ ফলত অঞ্চলটোত কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰো সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভি.অ’. চিদাম্বৰনাৰ বন্দৰক দেশৰ প্ৰথমটো গ্ৰীন হাইড্ৰজেন হাব বন্দৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যেৰে আন ভিন্ন প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত ডিচেলাইনেচন প্লান্ট, হাইড্ৰজেন উৎপাদন আৰু বাংকাৰিং সুবিধা ইত্যাদি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে হৰিৎ নৌকা পদক্ষেপৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা গ্ৰীন হাইড্ৰজেন ফুয়েল চেলৰ অভ্যন্তৰীণ জলপথ জাহাজো মুকলি কৰিব। কোচিন শ্বিপয়াৰ্ডে নিৰ্মাণ কৰা এই জাহাজখনত স্বচ্ছ শক্তিৰ সমাধানৰ অভিযোজনা কৰা হৈছে আৰু দেশৰ নেট-জিৰ’ অংগীকাৰৰ সৈতে সামঞ্জস্যকৰণৰ এক অগ্ৰণী পদক্ষেপত গুৰুত্ব আৰোপ কৰে। লগতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্য্যসূচীত দহখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইটহাউচত পৰ্যটনৰ সুবিধাও উৎসৰ্গা কৰিব।

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাঞ্চি মানিয়াচ্চি - তিৰুনেলভেলি অংশ আৰু মেলাপ্পালায়ম - আৰলভায়মোলি অংশকে প্ৰমুখ্য কৰি ভাঞ্চি মানিয়াচ্চি - নাগেৰকইল ৰেল লাইনৰ দ্বৈতকৰণৰ ৰাষ্ট্ৰীয় ৰেল প্ৰকল্প উৎসৰ্গা কৰিব। প্ৰায় ১,৪৭৭ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত এই দ্বৈতকৰণ প্ৰকল্পই কন্যাকুমাৰী, নাগেৰকইল আৰু তিৰুনেলভেলিৰপৰা চেন্নাই অভিমুখে যোৱা ৰেলসমূহৰ যাত্ৰাৰ সময় হ্ৰাসত সহায় কৰিব।

প্রধানমন্ত্রীগৰাকীয়ে তামিলনাডুৰ চাৰিটা পথ প্রকল্পও উৎসৰ্গা কৰিব। এইসমূহ মুঠ ৪,৫৮৬ কোটি টকা ব্যয় সাপেক্ষে বিকশিত কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৮৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জিতান্দহল্লী-ধৰ্মপুৰী অংশৰ চাৰিলেনিং, ৮১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মীনসুৰুট্টি-চিদাম্বৰম অংশৰ পকী কান্ধেৰে দুইলেনিং, ৮৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওদ্দাঞ্চত্ৰম-মদাথুকুলাম অংশৰ চাৰিলেনিং আৰু ৮৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাপত্তিনাম-থাঞ্জাভুৰ অংশৰ পকী কান্ধৰ সৈতে দুই লেনিং। এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰা, ভ্ৰমণৰ সময় হ্ৰাস কৰা, আৰ্থ-সামাজিক বিকাশৰ বৰ্ধন আৰু অঞ্চলটোত তীৰ্থ ভ্ৰমণৰ সুবিধা প্ৰশস্ত কৰা।

মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী

কৃষকৰ কল্যাণৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ দায়বদ্ধতাৰ আন এক উদাহৰণ দাঙি ধৰা এক পদক্ষেপস্বৰূপে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ অধীনত ২১ হাজাৰ কোটি টকাৰো অধিক ষোড়শ কিস্তিৰ ধনৰাশি ৰাজহুৱা কাৰ্য্যসূচীত মুকলি কৰা হ’ব। হিতাধিকাৰীসকলে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে এয়া লাভ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩,৮০০ কোটি টকা মূল্যৰ আৰু সমগ্ৰ মহাৰাষ্ট্ৰৰ প্ৰায় ৮৮ লাখ হিতাধিকাৰী কৃষকক উপকৃত কৰা ‘নমো শেটকাৰী মহাসন্মান নিধি’ৰ ২য় আৰু ৩য় কিস্তিও প্ৰদান কৰিব। এই আঁচনিৰ জৰিয়তে মহাৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰীক প্ৰতি বছৰে ৬,০০০ টকা অতিৰিক্ত ধন প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ মহাৰাষ্ট্ৰৰ ৫.৫ লাখ মহিলা আত্মসহায়ক গোট (SHG)লৈ ৮২৫ কোটি টকাৰ ৰিভলভিং ফাণ্ড আগবঢ়াব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ মহাৰাষ্ট্ৰতে এক কোটি আয়ুষ্মান কাৰ্ড বিতৰণৰ কাম আৰম্ভ কৰিব। কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাৰ আন এক পদক্ষেপ হিচাপে এয়া প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰত অ’বিচি শিতানৰ হিতাধিকাৰীৰ বাবে মোদী আৱাস ঘৰকূল যোজনাৰ শুভাৰম্ভ কৰিব। এই আঁচনিখনৰ জৰিয়তে ২০২৩-২৪ বিত্তীয় বৰ্ষৰপৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ মুঠ ১০ লাখ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোজনাৰ ২.৫ লাখ হিতাধিকাৰীলৈ ৩৭৫ কোটি টকাৰ প্ৰথম কিস্তি হস্তান্তৰ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ মাৰাথৱাদা আৰু বিদৰ্ভ অঞ্চলক উপকৃত কৰা একাধিক জলসিঞ্চন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (PMKSY) আৰু বালিৰাজা জল সঞ্জীৱনী যোজনা (BJSY)ৰ অধীনত ২,৭৫০ কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ১,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰেল প্ৰকল্পও উদ্বোধন কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে ৱৰ্ধা-কালাম ব্ৰড গজ লাইন (ৱৰ্ধা-যৱতমল-নান্দেদ নতুন ব্ৰড গজ লাইন প্ৰকল্পৰ অংশ) আৰু নিউ আষ্টী - আমালনেৰ ব্ৰড গজ লাইন (আহমেদনগৰ-বীদ-পাৰলি নতুন ব্ৰড গজ লাইন প্ৰকল্পৰ অংশ)। নতুন ব্ৰড গজ লাইনে বিদৰ্ভ আৰু মাৰাথৱাদা অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লগতে আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখন ৰেলৰো ফ্লেগ-অফ কৰিব। ইয়াৰ ভিতৰত কালাম্ব আৰু ৱৰ্ধা সংযোগী ৰেল সেৱা তথা আমলনেৰ আৰু নিউ আষ্টি সংযোগী ৰেল সেৱা। এই নতুন ৰেল সেৱাই ৰেল সংযোগ উন্নতকৰণত সহায় কৰিব আৰু অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আৰু দৈনিক যাতায়াত কৰা লোকসকলক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ গড়কাপ্তানি খণ্ডক সুদৃঢ়কৰণৰ বাবে কেইবাটাও প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। প্ৰকল্পসমূহৰ ভিতৰত ৯৩০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৱাৰোৰা-ৱানী অংশৰ চাৰি লেনিং; ছাকোলি-ভাণ্ডাৰা আৰু ছালাইখুৰ্ড-তিৰোৰা সংযোগী গুৰুত্বপূৰ্ণ পথসমূহৰ বাবে পথ উন্নীতকৰণ প্ৰকল্প। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব, ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে যৱতমাল চহৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰিব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PMAY-U Nears 1.25 Crore Homes: Top 10 States With The Highest PMAY-U Completion Rates

Media Coverage

PMAY-U Nears 1.25 Crore Homes: Top 10 States With The Highest PMAY-U Completion Rates
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 52nd PRAGATI Meeting
June 24, 2026
PM reviews four key infrastructure projects worth around ₹30,000 crore spanning four states across Road, Power, Industrial Corridor and Metro Rail sectors
PM emphasises use of PM GatiShakti National Master Plan and timely updation of project, utility and infrastructure data on the portal for efficient planning
PM asks Ministries and State Governments to resolve pending issues in a mission-mode manner and ensure close monitoring
PM reviews TB Mukt Bharat Abhiyan and emphasizes need to leverage latest digital technologies including AI
PM reviews grievances related to Cyber Crime and Digital Arrest and stresses timely action, coordinated response and e-Zero FIR registration mechanism

Prime Minister Shri Narendra Modi chaired the 52nd meeting of PRAGATI, the ICT-enabled, multi-modal platform aimed at fostering Pro-Active Governance and Timely Implementation, by seamlessly integrating efforts of the Central and State Governments, earlier today at Seva Teerth.

During the meeting, the Prime Minister reviewed four critical infrastructure projects across the Road, Power, Industrial Corridor and Metro Rail sectors, covering four States and costing around ₹30,000 crore. These projects, important for economic growth, regional connectivity, industrial development and public welfare, were reviewed with focus on timelines, inter-agency coordination, issue resolution and timely completion.

Prime Minister underlined that delays in infrastructure projects not only lead to cost escalation, but also deprive people and industries of timely benefits. He asked the concerned Ministries and State Governments to resolve pending issues in a mission-mode manner and ensure close monitoring at the highest level.

Prime Minister emphasised the use of PM GatiShakti National Master Plan for efficient planning and timely implementation of infrastructure projects. He also underlined the need for regular and timely updation of project details, utilities, infrastructure layers, clearances and other field-level information on the portal. He further emphasised that the platform must reflect the latest ground situation so that bottlenecks can be identified in advance, inter-agency coordination can be improved and decisions can be taken on the basis of reliable, real-time data.

Prime Minister reviewed TB Mukt Bharat Abhiyan and emphasised the need to leverage latest digital technologies including Artificial Intelligence. He suggested a team of NCC cadets and MY Bharat volunteers, for awareness, patient follow-up and community mobilisation.

Prime Minister also reviewed grievances related to Cyber Crime and Digital Arrest. He expressed concern over the rising misuse of digital platforms to defraud citizens and stressed that such matters require coordinated, sensitive and time-bound handling by all concerned agencies. He noted that citizens should not be made to run from one department or agency to another. He also emphasized the need for clear ownership, faster response, better coordination among law enforcement agencies, banks and digital platforms, and stronger public awareness campaigns.

Prime Minister observed that in cases involving cyber fraud, timely action is crucial to prevent financial loss and restore public confidence. He asked all stakeholders to work in close coordination to strengthen prevention, reporting, investigation and grievance redressal mechanisms. He also emphasised that States should work towards enabling e-Zero FIR mechanisms for faster registration and response in cyber fraud cases.