‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁও ভ্ৰমণ কৰা প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
‘জনজাতীয় গৌৰৱ দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে চৰকাৰী ধ্বজাবাহী আঁচনিসমূহৰ এশ শতাংশ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাৰ বাবে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰিব
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৪,০০০ কোটি টকাৰ বাজেটেৰে ‘প্ৰধানমন্ত্ৰী বিশেষ দুৰ্বল জনজাতীয় গোট মিছন’ আৰম্ভ কৰিব
‘প্ৰধানমন্ত্ৰী-কিষাণ আঁচনি’ৰ অধীনত প্ৰায় ১৮,০০০ কোটি টকাৰ ১৫ সংখ্যক কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডত প্ৰায় ৭২০০ কোটি টকাৰ এলানি প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪-১৫ নৱেম্বৰ,২০২৩-ত ঝাৰখণ্ড ভ্ৰমণ কৰিব। ১৫ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাঁচীৰ ‘ভগৱান বিৰচা মুণ্ডা স্মাৰক উদ্যান’ তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তাৰ পিছত, তেওঁ ভগৱান বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁৱত উপস্থিত হ'ব, য'ত তেওঁ ভগৱান বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁও ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। প্ৰধানমন্ত্ৰীয়ে খুণ্টিত পুৱা প্ৰায় ১১:৩০ বজাত তৃতীয় ‘জনজাতীয় গৌৰৱ দিৱস, ২০২৩’ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে 'বিকশিত ভাৰত সংকল্প যাত্ৰা' আৰু প্ৰধানমন্ত্ৰী বিশেষকৈ দুৰ্বল জনজাতীয় গোট মিছনৰ শুভাৰম্ভ কৰিব। তেওঁ ‘প্ৰধানমন্ত্ৰী-কিষাণ’ৰ ১৫ সংখ্যক কিস্তিৰ ধনো মুকলি কৰিব আৰু ঝাৰখণ্ডত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা তথা উদ্বোধন কৰিব।

 

বিকশিত ভাৰত সংকল্প যাত্ৰা

এই আঁচনিসমূহৰ লাভ নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰাৰ লগতে চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ এশ শতংশ বাস্তৱায়ন নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে। আঁচনিসমূহৰ সংপৃক্ততাৰ এই লক্ষ্য প্ৰাপ্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘জনজাতীয় গৌৰৱ দিৱস’ উপলক্ষে 'বিকশিত ভাৰত সংকল্প যাত্ৰা' আৰম্ভ কৰিব।

এই যাত্ৰাৰ গুৰুত্ব হ'ব মানুহৰ ওচৰলৈ যোৱা আৰু সজাগতা সৃষ্টি কৰা আৰু অনাময় সুবিধা, অত্যাৱশ্যকীয় বিত্তীয় সেৱা, বিদ্যুৎ সংযোগ, এলপিজি চিলিণ্ডাৰৰ প্ৰৱেশাধিকাৰ, দৰিদ্ৰ লোকসকলৰ বাবে বাসস্থান, খাদ্য সুৰক্ষা, সঠিক পুষ্টি, নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা, বিশুদ্ধ খোৱা পানী আদিৰ দৰে কল্যাণমূলক আঁচনিৰ লাভ প্ৰদান কৰা। যাত্ৰাৰ সময়ত নিশ্চিত কৰা বিৱৰণৰ জৰিয়তে সাম্ভাব্য হিতাধিকাৰীসকলৰ নামভৰ্তি কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ খুণ্টিত 'বিকশিত ভাৰত সংকল্প যাত্ৰা' মুকলি কৰি আইইচি (তথ্য, শিক্ষা আৰু যোগাযোগ) ভানৰ শুভাৰম্ভ কৰিব। আৰম্ভণিতে অধিক জনসংখ্যা থকা জনজাতীয় জিলাসমূহৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব আৰু ২৫ জানুৱাৰী ২০২৪-ৰ ভিতৰত সমগ্ৰ দেশৰ সকলো জিলাকে সামৰি লোৱা হ'ব।

পিএম পিভিটিজি মিছন

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে 'প্ৰধানমন্ত্ৰী বিশেষকৈ দুৰ্বল জনজাতীয় গোট (পিএম পিভিটিজি) মিছন' নামৰ এই ধৰণৰ প্ৰথমটো পদক্ষেপো আৰম্ভ কৰিব। ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৭৫টা পিভিটিজি আছে যি ২২,৫৪৪ খন গাঁৱত (২২০ খন জিলা) বাস কৰে যাৰ জনসংখ্যা হৈছে প্ৰায় ২৮ লাখ।

এই জনজাতিসকল বিক্ষিপ্ত, দূৰৱৰ্তী, বনাঞ্চলত আৰু দুৰ্গম বসতিস্থানসমূহত থাকে, আৰু সেয়েহে প্ৰায় ২৪,০০০ কোটি টকাৰ বাজেটৰে ৰূপায়ণ কৰৰিব খোজা এক অভিযানেৰে পথ আৰু টেলিকম সংযোগ, বিদ্যুৎ, সুৰক্ষিত আৱাস, বিশুদ্ধ খোৱা পানী আৰু অনাময়, শিক্ষা, স্বাস্থ্য আৰু পুষ্টি আৰু বহনক্ষম প্ৰৱেশাধিকাৰৰ দৰে মৌলিক সা-সুবিধাৰ সৈতে পিভিটিজি পৰিয়াল আৰু বাসস্থানসমূহক সংপৃক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াৰ উপৰিও, পৃথককৈ পিএমজেএৱাই, চিকল চেল ৰোগ নিৰ্মূল, যক্ষ্মা নিৰ্মূল, ১০০% টিকাকৰণ, প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব যোজনা, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, প্ৰধানমন্ত্ৰী পোষণ, প্ৰধানমন্ত্ৰী জন ধন যোজনা আদিৰো সংপৃক্ততা নিশ্চিত কৰা হ'ব।

পিএম-কিষানৰ ১৫ সংখ্যক কিস্তি আৰু অন্যান্য উন্নয়নমূলক পদক্ষেপ

কৃষকসকলৰ কল্যাণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ আন এক উদাহৰণ প্ৰদৰ্শন কৰা এক পদক্ষেপত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ)ৰ অধীনত প্ৰায় ১৮,০০০ কোটি টকাৰ ১৫ সংখ্যক কিস্তিৰ পৰিমাণ ৮ কোটিতকৈয়ো অধিক হিতাধিকাৰীলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰণৰ জৰিয়তে মুকলি কৰা হ'ব। আঁচনিখনৰ অধীনত এই পৰ্যন্ত  ১৪টা কিস্তিত ২.৬২ লাখ কোটি টকাৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৰে'ল, পথ, শিক্ষা, কয়লা, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে একাধিক খণ্ডত প্ৰায় ৭২০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উপৰি আন কেবাটাও প্ৰকল্প উদ্বোধন তথা দেশবাসীকলৈ উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, তাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ ১৩৩-ৰ মহাগামা - হংসদিহা শাখাৰ ৫২ কিলোমিটাৰ অংশৰ চাৰি লেন; ৰাষ্ট্ৰীয় ঘাইপথ ১১৪ (এ)-ৰ বাচুকীনাথৰ ৪৫ কিলোমিটাৰ অংশৰ চাৰি লেন-দেওঘৰ শাখা; কেডিএইচ-পূৰ্ণদিহ কয়লা সঞ্চালন প্ৰকল্প; আইআইআইটি ৰাঁচীৰ নতুন শৈক্ষিক আৰু প্ৰশাসনিক ভৱন।

উদ্বোধন কৰা আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গিত কৰিব লগা প্ৰকল্পসমূহৰ ভিতৰত আছে আইআইএম ৰাঁচীৰ নতুন চৌহদ; আইআইটি আইএছএম ধানবাদৰ নতুন ছত্ৰাবাস; বোকাৰোত পেট্ৰ'লিয়াম অইল আৰু লুব্ৰিকেণ্ট (পিঅএল) ডিপো; কেবাটাও ৰে'ল প্ৰকল্প যেনে দ্বৈতকৰণ সম্পূৰ্ণ হোৱা হাতিয়া-পাক্ৰা শাখা কৰা, তালগাৰিয়া-বোকাৰো শাখা, আৰু জৰংদিহ-পাত্ৰাতু শাখা। লগতে, ঝাৰখণ্ড ৰাজ্যত ১০০% ৰে'ল বৈদ্যুতিকৰণৰ সাফল্যও প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ নামত উৎসৰ্গা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sagarmala: 315 projects worth Rs 1.57 lakh crore completed to boost maritime sector

Media Coverage

Sagarmala: 315 projects worth Rs 1.57 lakh crore completed to boost maritime sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of iconic and versatile singer Asha Bhosle Ji
April 12, 2026
PM highlights her extraordinary musical journey and timeless brilliance

Prime Minister Shri Narendra Modi today expressed deep sadness over the passing of Asha Bhosle Ji, acknowledging her as one of the most iconic and versatile voices India has ever known.

The Prime Minister remarked that her extraordinary musical journey, which spanned decades, enriched the nation's cultural heritage and touched countless hearts across the world. Shri Modi noted that whether through her soulful melodies or vibrant compositions, her voice carried a timeless brilliance, adding that he will always cherish the interactions he had with her.

The Prime Minister extended his heartfelt condolences to her family, admirers, and music lovers. Shri Modi observed that she will continue to inspire generations and her songs will forever echo in people’s lives.

The Prime Minister wrote on X:

"Deeply saddened by the passing of Asha Bhosle Ji, one of the most iconic and versatile voices India has ever known. Her extraordinary musical journey, spanning decades, enriched our cultural heritage and touched countless hearts across the world. Be it her soulful melodies or vibrant compositions, her voice carried timeless brilliance. I’ll always cherish the interactions I’ve had with her.
My condolences to her family, admirers and music lovers. She will continue to inspire generations and her songs will forever echo in people’s lives."

“भारतातील सर्वात ख्यातनाम आणि अष्टपैलू आवाजांपैकी एक असलेल्या आशा भोसले जी यांच्या निधनाने अतिशय दुःख झाले. त्यांच्या अनेक दशकांच्या अद्वितीय संगीत प्रवासाने आपल्या सांस्कृतिक वारशाला समृद्ध केले आणि जगभरातील असंख्य लोकांच्या मनाला स्पर्श केला. भावपूर्ण गीतांपासून ते जोशपूर्ण संगीत रचनांपर्यंत, त्यांच्या आवाजात कालातीत तेज होते. त्यांच्याशी झालेल्या संवादांच्या आठवणी मी सदैव जपून ठेवेन. त्यांच्या कुटुंबीयांना, चाहत्यांना आणि संगीतप्रेमींना माझ्या भावपूर्ण संवेदना. त्या पुढील पिढ्यांना प्रेरणा देत राहतील आणि त्यांची गाणी सदैव लोकांच्या आयुष्यात गुंजत राहतील.”