ঝাৰখণ্ডৰ টাটানগৰত ৬৬০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু জাতিলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
ঝাৰখণ্ডত ছয়খন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
আহমেদাবাদত ৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰীৰ সন্মিলন আৰু এক্সপ’ (আৰই-ইনভেষ্ট, ২০২৪) উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
‘সুভদ্ৰা’- সৰ্ববৃহৎ, একক মহিলাকেন্দ্ৰিক আঁচনি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
ভুৱনেশ্বৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৬ লাখ পিএমএৱাইৰ হিতাধিকাৰীৰ বাবে গৃহপ্ৰৱেশ উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
অতিৰিক্ত পৰিয়ালৰ জৰীপৰ বাবেও মুকলি কৰিব Awaas+ 2024 এপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৭ ছেপ্টেম্বৰ, ২০২৪ত ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণ কৰিব।

১৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১০ বজাত ঝাৰখণ্ডৰ টাটানগৰ জংচন ৰে’লৱে ষ্টেচনত টাটানগৰ-পাটনা বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত তেওঁ ৬৬০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ বাবে উচৰ্গা কৰাৰ লগতে ঝাৰখণ্ডৰ টাটানগৰত ২০ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰিব৷

 

১৬ ছেপ্টেম্বৰত পুৱা প্ৰায় ০৯:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফট বিজলী যোজনাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পিছত প্ৰায় ১০:৩০ বজাত তেওঁ গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ গ্ল’বেল নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰীৰ সন্মিলন তথা এক্সপ’ (আৰই-ইনভেষ্ট) উদ্বোধন কৰিব। প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্প উদ্বোধন কৰিব আৰু ১ নং ছেকচন মেট্ৰ’ ষ্টেচনৰ পৰা গিফ্ট চিটি মেট্ৰ’ ষ্টেচনলৈকে মেট্ৰ’ৰে যাত্ৰা কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত আহমেদাবাদত তেওঁ ৮ হাজাৰ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

 

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ওড়িশালৈ যাত্ৰা কৰিব আৰু প্ৰায় ১১:১৫ বজাত প্ৰধানমন্ত্ৰী আৱাস যোজনা–(নগৰীয়া)ৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ ওড়িশাৰ ভুৱনেশ্বৰত ৩৮০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীলৈ উৎসৰ্গা কৰিব।

 

টাটানগৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৬৬০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশবাসীলৈ উৎসৰ্গা কৰিব। তেওঁ দেওঘৰ জিলাৰ মধুপুৰ বাইপাছ লাইন আৰু ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ হাজৰীবাগ টাউন কোচিং ডিপোৰ আধাৰশিলা স্থাপন কৰিব। মধুপুৰ বাইপাছ লাইন সম্পূৰ্ণ হ'লে হাওৰা-দিল্লী মেইন লাইনত ৰে'ল বন্ধ হোৱাৰ পৰা হাত সাৰিব আৰু লগতে গিৰিডিহ আৰু জাচিডিহৰ মাজত যাতায়তৰ সময় হ্ৰাস কৰাত সহায়ক হ'ব আৰু এই ষ্টেচনত কোচিং ষ্টক ৰক্ষণাবেক্ষণৰ বাবে হাজৰীবাগ টাউন কোচিং ডিপো ব্যৱহাৰ কৰা হ'ব৷

 

বন্দামুণ্ডা-ৰাঁচী একক লাইন অংশৰ অংশ আৰু ৰাঁচী, মুৰি আৰু চন্দ্ৰপুৰা ষ্টেচনৰ মাজেৰে ৰৌৰকেলা-গোমোহ পথৰ ​​অংশ কুৰকুৰা-কানাৰোয়ান দ্বৈত পথলৈ উন্নীতকৰণো উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পই সামগ্ৰী আৰু যাত্ৰী যাতায়তৰ গতিশীলতা বৃদ্ধিত যথেষ্ট সহায় কৰিব। তদুপৰি, সাধাৰণ মানুহৰ সুৰক্ষা বৃদ্ধিৰ বাবে ৪খন ৰোড আণ্ডাৰ ব্ৰিজ দেশবাসীৰ বাবেও উৎসৰ্গা কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ছখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব। অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসমূহে এই পথসমূহত সংযোগ উন্নত কৰিব:

১) টাটানগৰ– পাটনা

২) ভগলপুৰ-ডুমকা-হাওৰা

৩) ব্ৰহ্মপুৰ-টাটানগৰ

৪) গয়া-হাওৰা

৫) দেওঘৰ– বাৰাণসী

৬) ৰৌৰকেলা-হাওৰা

এই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসমূহৰ প্ৰৱৰ্তনে নিয়মীয়া যাত্ৰী, পেছাদাৰী, ব্যৱসায়ী আৰু ছাত্ৰ সমাজক উপকৃত কৰিব। এই ৰে’লসমূহে দেওঘৰ (ঝাৰখণ্ড)ৰ বৈদ্যনাথ ধাম, বাৰাণসী (উত্তৰপ্ৰদেশ)ৰ কাশী বিশ্বনাথ মন্দিৰ, কালিঘাট, কলকাতা (পশ্চিমবংগ)ৰ বেলুৰ মঠ আদি তীৰ্থস্থানলৈ দ্ৰুতগতিত যাতায়তৰ ব্যৱস্থা কৰি অঞ্চলটোৰ ধৰ্মীয় পৰ্যটনক উন্নীত কৰিব। তদুপৰি, ধনবাদৰ কয়লা খনিৰ উদ্যোগ, কলকাতাৰ পাট উদ্যোগ, দুৰ্গাপুৰৰ লো আৰু তীখাৰ সংশ্লিষ্ট উদ্যোগেও বৃহৎ উত্থান লাভ কৰিব।

সকলোৰে বাবে ঘৰৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ পৰা ২০ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ কৰিব। তেওঁ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য মুকলি কৰিব। ৪৬ হাজাৰ হিতাধিকাৰীৰ গৃহপ্ৰৱেশ উদযাপনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

গান্ধীনগৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰ মহাত্মা মন্দিৰত আৰই-ইনভেষ্ট, ২০২৪ উদ্বোধন কৰিব। এই কাৰ্যসূচীয়ে নবীকৰণযোগ্য শক্তি উৎপাদন আৰু নিয়োগৰ ক্ষেত্ৰত ভাৰতৰ আকৰ্ষণীয় অগ্ৰগতিৰ ওপৰত আলোকপাত কৰিবলৈ সাজু হৈছে। আঢ়ৈদিনীয়া সন্মিলন অনুষ্ঠিত হ’ব য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। উপস্থিতসকলে মুখ্যমন্ত্ৰীৰ পূৰ্ণাংগ সভা, চিইঅ’ ঘুৰণীয়া মেজমেল আৰু উদ্ভাৱনীমূলক বিত্তীয় সাহায্য, সেউজ হাইড্ৰ’জেন আৰু ভৱিষ্যতৰ শক্তি সমাধানৰ ওপৰত বিশেষ আলোচনাকে ধৰি এক বিস্তৃত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। জাৰ্মানী, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক আৰু নৰৱেই অংশীদাৰ দেশ হিচাপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। গুজৰাট ৰাজ্য আয়োজক ৰাজ্য আৰু অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তেলেংগানা আৰু উত্তৰ প্ৰদেশ ৰাজ্যই অংশীদাৰ ৰাজ্য হিচাপে অংশগ্ৰহণ কৰিছে।

এই সন্মিলনত ভাৰতে স্থাপন কৰা অজীৱাশ্ম ইন্ধন ক্ষমতাৰ ২০০ জিৱাটৰো অধিক ক্ষমতাৰ উল্লেখযোগ্য কৃতিত্বৰ গুৰুত্বপূৰ্ণ অৱদানকাৰীসকলক সন্মান জনোৱা হ’ব। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ, আৰু উদ্যোগৰ প্ৰধান খেলুৱৈসকলৰ অত্যাধুনিক উদ্ভাৱন প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হ’ব। এই প্ৰদৰ্শনীয়ে ভাৰতৰ বহনক্ষম ভৱিষ্যতৰ প্ৰতি থকা দায়বদ্ধতাক আলোকপাত কৰিব।

আহমেদাবাদত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত ৮ হাজাৰ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে সমখিয়ালি–গান্ধীধাম আৰু গান্ধীধাম–আদিপুৰ ৰে’লপথ চাৰিটা পথলৈ উন্নীতকৰণ, আহমেদাবাদৰ এএমচিত আইকনিক পথৰ উন্নয়ন আৰু বক্ৰ’ল, হাতীজান, ৰামোল আৰু পাঞ্জাৰপল জংচনৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৩০ মেগাৱাট শক্তিৰ সৌৰ ব্যৱস্থাও উদ্বোধন কৰিব। তদুপৰি, তেওঁ কচ্চৰ কাচ লিগনাইট থাৰ্মেল পাৱাৰ ষ্টেচনত ৩৫ মেগাৱাটৰ বিইএছএছ সৌৰ পিভি প্ৰকল্প আৰু মৰ্বি আৰু ৰাজকোটৰ ২২০ কিলোভল্টৰ উপকেন্দ্ৰ উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণৰ একক উইণ্ড’ আইটি চিষ্টেম (SWITS) মুকলি কৰিব, যিটো বিত্তীয় সেৱাসমূহ সুশৃংখলিত কৰাৰ বাবে ডিজাইন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ৩০ হাজাৰৰো অধিক ঘৰ অনুমোদন কৰি এই ঘৰসমূহৰ বাবে প্ৰথম কিস্তি মুকলি কৰাৰ লগতে পিএমএৱাই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। তেওঁ ৰাজ্যৰ হিতাধিকাৰীসকলক, পিএমএৱাইৰ নগৰীয়া আৰু গ্ৰামীণ দুয়োটা খণ্ডৰ অধীনত সম্পূৰ্ণ হোৱা ঘৰসমূহো গতাই দিব।

তদুপৰি, তেওঁ ভূজৰ পৰা আহমেদাবাদলৈ মেট্ৰ পথকে ধৰি ভাৰতৰ প্ৰথমখন বন্দে মেট্ৰ’ আৰু নাগপুৰৰ পৰা ছেকেণ্ডৰাবাদলৈ, কলহাপুৰৰ পৰা পুনেলৈ, আগ্ৰা কেণ্টৰ পৰা বাৰণসীলৈ, দুৰ্গৰ পৰা বিশাখাপট্টনমলৈ, পুনেৰ পৰা হুবল্লীলৈ আৰু বাৰাণসীৰ পৰা দিল্লীলৈ বন্দে ভাৰত ৰে’লৰ প্ৰথম ২০-দবা ফ্লেগ অফ কৰিব।

 

ভুৱনেশ্বৰত প্ৰধানমন্ত্ৰী

ভুৱনেশ্বৰত প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ ধ্বজাবাহী আঁচনি ‘শুভদ্ৰা’ৰ শুভাৰম্ভ কৰিব৷ ই সৰ্ববৃহৎ, একক মহিলাকেন্দ্ৰিক আঁচনি আৰু ইয়াত ১ কোটিৰো অধিক মহিলাক সামৰি লোৱাৰ আশা কৰা হৈছে। এই আঁচনিৰ অধীনত ২১-৬০ বছৰৰ সকলো যোগ্য হিতাধিকাৰীয়ে ২০২৪-২৫ চনৰ পৰা ২০২৮-২৯ চনৰ ভিতৰত ৫ বছৰৰ ভিতৰত ৫০,০০০টকা। বছৰি ১০,০০০টকাৰ পৰিমাণ দুটা সমান কিস্তিত পোনপটীয়াকৈ হিতাধিকাৰীৰ আধাৰ সক্ষম আৰু ডিবিটি সক্ষম বেংক একাউণ্টত জমা কৰা হ’ব। এই ঐতিহাসিক উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১০ লক্ষাধিক মহিলাৰ বেংক একাউণ্টলৈ পুঁজি স্থানান্তৰৰ কাম আৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ভুৱনেশ্বৰত ২৮০০ কোটি টকাতকৈ অধিক মূল্যৰ ৰে’লৱে প্ৰকল্প আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবসীৰ বাবে উৎসৰ্গা কৰিব৷ এই ৰে’লৱে প্ৰকল্পসমূহে ওড়িশাৰ ৰে’লৱেৰ আন্তঃগাঁথনি বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ বৃদ্ধি আৰু সংযোগৰ উন্নতি সাধন কৰিব। লগতে তেওঁ ১০০০ কোটি টকাতকৈ অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্রধানমন্ত্রীয়ে প্রায় ১৪খন ৰাজ্যৰ পিএমএৱাই-জিৰ অধীনত প্রায় ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য প্রদান কৰিব৷ এই কাৰ্যসূচীৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পিএমএৱাই (গ্ৰামীণ আৰু নগৰীয়া)ৰ ২৬ লাখ হিতাধিকাৰীৰ বাবে গৃহপ্ৰৱেশ উদযাপন অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ঘৰৰ চাবি পিএমএৱাই (গ্ৰামীণ আৰু নগৰীয়া) হিতাধিকাৰীক গতাই দিব। তেওঁ পিএমএৱাইৰ বাবে অতিৰিক্ত পৰিয়ালৰ জৰীপৰ বাবে Awaas+ 2024 Appও মুকলি কৰিব। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা – নগৰীয়া (পিএমএৱাই-ইউ) ২.০ৰ কাৰ্য্যকৰী নিৰ্দেশনা আৰম্ভ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”