প্ৰধানমন্ত্ৰীয়ে ৩০,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
আইআইটি-জম্মু, আইআইএম-জম্মু, আইআইটি-ভিলাই, আইআইটি-তিৰুপতি, আইআইআইটিডিএম-কাঞ্চীপুৰম, আইআইএম-বুদ্ধ গয়া, আইআইএম-বিশাখাপট্টনম, ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্কিলছ (IIS)-কানপুৰ আদিএকাধিক গুৰুত্বপূৰ্ণ শিক্ষা প্ৰতিষ্ঠান উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া এইমছ-জম্মুৰ আধাৰশিলা ২০১৯ৰ ফেব্ৰুৱাৰীত তেখেতেই স্থাপন কৰিছিল
জম্মু বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু জম্মুত কমন ইউজাৰ ফেচিলিটি পেট্ৰলিয়াম ডিপোৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
জম্মু-কাশ্মীৰৰ একাধিক উল্লেখযোগ্য পথ আৰু ৰেল সংযোগ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
সমগ্ৰ জম্মু-কাশ্মীৰৰ আন্তঃগাঁথনিৰসুদৃঢ়কৰণৰ বাবে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত বিকশিত জম্মু’ কাৰ্য্যসূচীৰ অংশ হিচাপে ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২০ ফেব্ৰুৱাৰী, ২০২৪ত জম্মু ভ্ৰমণ কৰিব।

পুৱা প্ৰায় ১১:৩০ বজাত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত অনুষ্ঠিতব্য এক ৰাজহুৱা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ৩০,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ স্বাস্থ্য, শিক্ষা, ৰেল, পথ, বিমান পৰিবহণ, পেট্ৰলিয়াম, আন্তঃগাঁথনি আদিকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত বিকশিত জম্মু’ কাৰ্য্যসূচীৰ অংশ হিচাপে ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰিব।

শিক্ষা খণ্ডলৈ বৃহৎ উদ্দীপনা

সমগ্ৰ দেশতে শিক্ষা আৰু দক্ষতা আন্তঃগাঁথনিৰ উন্নীতকৰণ আৰু বিকাশৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৩,৩৭৫ কোটি টকা মূল্যৰ কেইবাটাও প্ৰকল্পউদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰলৈ উৎসৰ্গাকৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছেঃ আইআইটি-ভিলাইৰ স্থায়ী চৌহদ, আইআইটি-তিৰুপতি, আইআইটি-জম্মু, আইআইআইটিডিএম কাঞ্চীপুৰম; কানপুৰত অৱস্থিত অগ্ৰণী প্ৰযুক্তিৰ এক উন্নত দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্কিলছ (IIS)আৰু দেৱপ্ৰয়াগ (উত্তৰাখণ্ড) আৰু আগৰতলা (ত্ৰিপুৰা)তকেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দুইচৌহদ।

প্ৰধানমন্ত্ৰীয়ে দেশৰ তিনিখন নতুন আইআইএম যথাঃ আইআইএম-জম্মু, আইআইএম বুদ্ধ গয়া আৰু আইআইএম-বিশাখাপট্টনম উদ্বোধন কৰিব। লগতে সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ (KV) ২০টা নতুন ভৱন আৰু ১৩টা নতুন নৱোদয় বিদ্যালয়সমূহৰ (NV) ভৱন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশত পাঁচখন কেন্দ্ৰীয় বিদ্যালয়ৰ চৌহদ, এটা নৱোদয় বিদ্যালয়ৰ চৌহদ আৰু নৱোদয় বিদ্যালয়সমূহৰ বাবে পাঁচটা বহুমুখী প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিব। এই নৱ-নিৰ্মিত কেভি আৰু এনভি ভৱনসমূহে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক প্ৰয়োজনীয়তাৰাজিপৰিপূৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এইমছ জম্মু

জম্মু-কাশ্মীৰৰ জনসাধাৰণক ব্যাপক, মানসম্পন্ন আৰু সামগ্ৰিক স্বাস্থ্য সেৱা প্ৰদানৰ অৰ্থে এটি পদক্ষেপস্বৰূপে, প্ৰধানমন্ত্ৰীয়ে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (AIIMS), বিজয়পুৰ (ছাম্বা)-জম্মু উদ্বোধন কৰিব। ২০১৯ৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়েই আধাৰশিলা স্থাপন কৰা প্ৰতিষ্ঠানখনি কেন্দ্ৰীয় খণ্ডৰ আঁচনি প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত স্থাপন কৰা হৈছে।

১,৬৬০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে আৰু ২২৭ একৰৰো অধিক এলেকাত স্থাপিত এই চিকিৎসালয়খনত ৭২০খন বিচনা, ১২৫খন আসনৰ মেডিকেল কলেজ, ৬০খন আসনৰ নাৰ্চিং কলেজ, ৩০খন বিচনাযুক্ত আয়ুষ ব্লক, অধ্যাপক-অধ্যাপিকাসকল তথা ষ্টাফৰ বাবে আৱাসিক অঞ্চল, ইউজি আৰু পিজিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেলত থকাৰ ব্যৱস্থা, নাইট শ্বেল্টাৰ, গেষ্ট হাউচ, প্ৰেক্ষাগৃহ, শ্বপিং কমপ্লেক্স আদিৰ সুবিধা থাকিব।

জম্মু বিমানবন্দৰৰনতুন টাৰ্মিনেল ভৱন

প্ৰধানমন্ত্ৰীয়েজম্মু বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ৪০,০০০ বৰ্গমিটাৰ এলেকাত বিস্তৃত এই নতুন টাৰ্মিনেল ভৱনটোক প্ৰায় ২,০০০ যাত্ৰীক কেটাৰিঙৰ বাবে আধুনিক সুবিধাৰে সজ্জিত কৰা হ’ব। নতুন টাৰ্মিনেল ভৱনটো পৰিবেশ অনুকূল হ’ব আৰু ইয়াত অঞ্চলটোৰ স্থানীয় সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ জৰিয়তে বিমান সংযোগ শক্তিশালী হ’ব, পৰ্যটন আৰু বাণিজ্যৰ বৰ্ধন ঘটিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হ’ব।

ৰেল প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে বনিহাল-খাৰী-ছাম্বাৰ-সংগলদন (৪৮ কিলোমিটাৰ) আৰু নতুনকৈ বৈদ্যুতীকৃত বাৰামুল্লা-শ্ৰীনগৰ-বনিহাল-সংগলদন অংশ (১৮৫.৬৬ কিলোমিটাৰ)ৰ মাজৰ নতুন ৰেলপথকে ধৰি জম্মু-কাশ্মীৰৰ ভিন্ন ৰেল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে উপত্যকাটোত প্ৰথমখন ইলেক্ট্ৰিক ট্ৰেইনৰ ফ্লেগ অফ কৰিব আৰু লগতে, সংগলদন ষ্টেচন আৰুবাৰামুল্লা ষ্টেচনৰ মাজত ৰেল সেৱাৰো ফ্লেগ অফ কৰিব।

বনিহাল-খাৰী-ছাম্বাৰ-সংগলদন অংশৰ কাৰ্য্যকৰীকৰণৰ তাৎপৰ্য্য এয়ে যে গোটেই পথটোত বেলেষ্ট লেছ ট্ৰেক (BLT)ৰ ব্যৱহাৰ কৰা হৈছে। লগতে, ভাৰতৰ সুদীৰ্ঘ পৰিবহণ সুৰংগ টি-৫০ (১২.৭৭ কিলোমিটাৰ) খাৰী-ছাম্বৰৰ মাজত অৱস্থিত। ৰেল প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনেৰেপাৰিপাৰ্শ্বিক বহনক্ষমতা নিশ্চিত আৰু অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

পথ প্ৰকল্প

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে জম্মুৰপৰা কাটৰা সংযোগী দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ দুটা পেকেজ (৪৪.২২ কিলোমিটাৰ)কে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব যথাঃশ্ৰীনগৰ ৰিং ৰোডৰ চাৰিলেনিঙৰ বাবে দ্বিতীয় পৰ্য্যায়; ০১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্ৰীনগৰ-বাৰামুল্লা-উৰি অংশৰ উন্নীতকৰণৰ বাবে পাঁচটা পেকেজআৰু ৪৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত কুলগাম বাইপাছ আৰু পুলৱামা বাইপাছ নিৰ্মাণ।

দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ পেকেজ দুটা সম্পূৰ্ণ হোৱাৰ লগে-লগে তীৰ্থযাত্ৰীসকলৰ মাতা বৈষ্ণো দেৱীৰ পবিত্ৰ মন্দিৰ ভ্ৰমণৰ সুবিধা হ’বআৰু ইয়াৰ উপৰিও অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সহায়ক হ’ব।

চিইউএফ পেট্ৰলিয়াম ডিপো

প্ৰধানমন্ত্ৰীয়ে জম্মুত চিইউএফ (কমন ইউজাৰ ফেচিলিটি) পেট্ৰলিয়াম ডিপো উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৬৭৭ কোটি টকা ব্যয় সাপেক্ষে উন্নীত হ’বলগীয়া এই অত্যাধুনিক সম্পূৰ্ণ স্বয়ংক্ৰিয় ডিপোটোত মটৰ স্পিৰিট (MS), হাই স্পীড ডিজেল (HSD), চুপাৰিয়ৰ কেৰাচিন অইল (SKO), বিমান টাৰ্বাইন ইন্ধন (ATF), ইথানল, বাঅ’ ডিজেল আৰু উইন্টাৰ গ্ৰেড এইচএছডি মজুত কৰিবপৰা হ’ব।

আন-আন প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ জম্মু-কাশ্মীৰৰ আন্তঃগাঁথনি সুদৃঢ়কৰণৰ লগতে ৰাজহুৱা সা-সুবিধা বৰ্ধনৰ বাবে ৩,১৫০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে, পথ প্ৰকল্পআৰুদলং; গ্ৰীড ষ্টেচন, ৰিচিভিং ষ্টেচন ট্ৰেন্সমিছন লাইন প্ৰকল্প; সাধাৰণ এফ্লুৱেন্ট পৰিশোধন প্লান্ট আৰু নলা পৰিশোধন প্লান্ট; কেইবাখনো ডিগ্ৰী কলেজৰ ভৱন; শ্ৰীনগৰ চহৰত যান-বাহন ব্যৱস্থাপনা ব্যৱস্থা; কাঠুৱাত ড্ৰাগ টেষ্টিং লেবৰেটৰীআদি। আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে সমগ্ৰ জম্মু-কাশ্মীৰত পাঁচ নতুন উদ্যোগপামৰ উন্নয়ন; জম্মু স্মাৰ্ট চিটিৰ সংহত আদেশ; ৬২টা পথ প্ৰকল্প আৰু ৪২খন দলঙৰ উন্নীতকৰণ আদি।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to launch ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August
August 01, 2026
Launch to mark Beginning of 100-Week Nationwide Jan Bhagidari Campaign against Substance Abuse

Prime Minister Shri Narendra Modi will launch the ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August 2026 at 11 AM through video conferencing. The initiative aims to inspire youth to stay away from substance abuse and encourage them to become ambassadors of positive social change in their communities

The launch will mark the beginning of a 100-week nationwide Jan Bhagidari campaign against substance abuse. Under this campaign, weekly activities will be organised every Sunday across the country to promote awareness and encourage public participation in building a drug-free society. The activities will include sports events, walkathons, meditation sessions, cultural programmes, awareness campaigns, nukkad nataks, discussion forums, art competitions and community engagement programmes.

The initiative seeks to further strengthen community participation by bringing together educational institutions, youth organisations, civil society groups, industry bodies and spiritual organisations on a common platform to create a collective movement against substance abuse.

The programme will witness participation from youth across the country from over 10,000 locations. MY Bharat Volunteers, MY Bharat National Service Scheme volunteers, youth clubs, schools, colleges, universities, NGOs, youth wings of industry associations and more than 125 partner spiritual organisations will participate in the programme virtually.