প্ৰধানমন্ত্ৰী মোদীয়ে স্পেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথভাৱে ভদোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰিব
এয়া হ’ব ভাৰতত সেনা বিমান সম্পৰ্কীয় ব্যক্তিগত খণ্ডৰ চূড়ান্ত প্ৰথমটো সমাবেশ লাইন
প্ৰধানমন্ত্ৰীয়ে আমৰেলীত ৪,৯০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
এই প্ৰকল্পসমূহে মূলতঃ ৰে’ল, পথ, জল উন্নয়ন আৰু পৰ্যটন খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ সৈতে যৌথভাৱে টাটা এডভান্সড ছিষ্টেমছ লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰিব। ইয়াৰ পিছত প্ৰায় ১১ বজাত তেওঁ ভদোদৰাৰ লক্ষ্মী বিলাস প্ৰাসাদলৈ যাব। ভদোদৰাৰ পৰা প্ৰধানমন্ত্ৰী আমৰেলীলৈ যাব য’ত দিনৰ প্ৰায় ২:৪৫ বজাত তেওঁ আমৰেলীৰ দুধালাত ভাৰত মাতা সৰোবৰ উদ্বোধন কৰিব। ইয়াৰ উপৰিও, বিয়লি প্ৰায় ৩ বজাত তেওঁ আমৰেলীৰ লাঠীত ৪৮০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

ভদোদৰাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ সৈতে যৌথভাৱে টাটা এডভান্সড ছিষ্টেমছ লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰিব। চি-২৯৫ কাৰ্যসূচীৰ অধীনত মুঠ ৫৬খন বিমান আছে। ইয়াৰে ১৬খন বিমানৰ যোগান স্পেইনৰ পৰা পোনপটীয়াকৈ এয়াৰবাছৰ দ্বাৰা কৰা হৈছে আৰু বাকী ৪০খন বিমান ভাৰতত নিৰ্মাণ হ’ব।

ভাৰতত এই ৪০খন বিমান নিৰ্মাণৰ দায়িত্ব টাটা এডভান্সড ছিষ্টেমছ লিমিটেডৰ। এই কেন্দ্ৰটো ভাৰতত সেনা বিমান সম্পৰ্কীয় ব্যক্তিগত খণ্ডৰ প্ৰথমটো ফাইনেল এছেম্বলি লাইন (FAL) হ’ব। ইয়াত বিমানৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি একত্ৰীকৰণ, পৰীক্ষণ আৰু অৰ্হতা, ডেলিভাৰী আৰু বিমানৰ সমগ্ৰ জীৱনচক্ৰৰ ৰক্ষণাবেক্ষণলৈকে এক সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ সম্পূৰ্ণ বিকাশ জড়িত থাকিব।

এই কাৰ্যসূচীত টাটাৰ উপৰিও ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আৰু ভাৰত ডাইনেমিক্স লিমিটেডৰ দৰে প্ৰতিৰক্ষা সম্পৰ্কীয় ৰাজহুৱা খণ্ডৰ প্ৰধান ইউনিটসমূহৰ লগতে ব্যক্তিগত খণ্ডৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহেও অৰিহণা যোগাব।

ইয়াৰ পূৰ্বে ২০২২ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰীয়ে ভদোদৰাত ফাইনেল এছেম্বলি লাইন (FAL)ৰ আধাৰশিলা স্থাপন কৰিছিল।

আমৰেলীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে আমৰেলীৰ দুধালাত ভাৰত মাতা সৰোবৰ উদ্বোধন কৰিব। এই প্ৰকল্প ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) আৰ্হিৰ অধীনত গুজৰাট চৰকাৰ আৰু ঢোলাকিয়া ফাউণ্ডেশ্যনৰ সহযোগত গঢ়ি তোলা হৈছে। ঢোলাকিয়া ফাউণ্ডেশ্যনে এটা চেক বান্ধৰ উন্নীত কৰিলে। মূলতঃ এই বান্ধটোৱে ৪.৫ কোটি লিটাৰ পানী ৰখাব পাৰিছিল। কিন্তু ইয়াক গভীৰ, বহল আৰু শক্তিশালী কৰাৰ পিছত ইয়াৰ ক্ষমতা ২৪.৫ কোটি লিটাৰলৈ বৃদ্ধি পাইছে। এই উন্নীতকৰণে ওচৰৰ কুঁৱা আৰু কূপসমূহত পানীৰ স্তৰ বৃদ্ধি কৰিছে যিয়ে স্থানীয় গাঁও আৰু কৃষকসকলক উন্নত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰাত সহায় কৰিব।

এখন ৰাজহুৱা সমাৱেশত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আমৰেলীত প্ৰায় ৪৯০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ দ্বাৰা ৰাজ্যৰ আমৰেলী, জামনগৰ, মৰ্বি, দেৱভূমি দ্বাৰকা, জুনাগড়, পোৰবন্দৰ, কচ্ছ আৰু বোটাড় জিলাৰ নাগৰিকসকল উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে ২৮০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে বিভিন্ন পথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে ১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ, ১৫১এ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু জুনাগড় বাইপাছৰ বিভিন্ন অংশক চাৰিলেনযুক্ত কৰা। জামনগৰ জিলাৰ ধৰোল বাইপাছৰ পৰা মৰ্বি জিলাৰ আমৰাণলৈ বাকী থকা অংশটো চাৰিলেনযুক্ত কৰাৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হ’ব।

প্রধানমন্ত্রীয়ে প্রায় ১১০০ কোটি টকা ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা ভুজ-নলিয়া ৰে’লৱে গেজ ৰূপান্তৰ প্রকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰিব৷ এই বৃহৎ প্ৰকল্পত ২৪খন ডাঙৰ দলং, ২৫৪খন সৰু দলং, ৩খন পথৰ ওভাৰব্ৰিজ আৰু ৩০খন পথৰ আণ্ডাৰব্ৰিজ আছে আৰু ই কচ্ছ জিলাৰ আৰ্থ-সামাজিক উন্নয়নক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আমৰেলী জিলাৰ জল যোগান বিভাগৰ ৭০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে নৱাদাৰ পৰা চাৱন্দলৈ বাল্ক পাইপলাইন যিয়ে বোটাড়, আমৰেলী, জুনাগড়, ৰাজকোট আৰু পোৰবন্দৰ জিলাৰ ৩৬খন চহৰ আৰু ১২৯৮খন গাঁৱৰ প্ৰায় ৬৭ লাখ হিতাধিকাৰীক অতিৰিক্ত ২৮ কোটি লিটাৰ পানী যোগান ধৰিব। ভাৱনগৰ জিলাত পাছৱী গোটৰ দ্বিতীয় পৰ্যায়ৰ বৰ্ধিত পানী যোগান আঁচনিৰ আধাৰশিলাও স্থাপন কৰা হ’ব, যাৰ ফলত ভাৱনগৰ জিলাৰ মহুৱা, তালাজা আৰু পালিতানা তালুকৰ ৯৫খন গাঁও উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে পৰ্যটনৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ আধাৰশিলাও স্থাপন কৰিব, য’ত পোৰবন্দৰ জিলাৰ মকাৰসাগৰত থকা কাৰ্লি ৰিচাৰ্জ জলাশয়ক বিশ্বমানৰ বহনক্ষম ইক’ টুৰিজিমৰ স্থানলৈ ৰূপান্তৰিত কৰাৰ কাম অন্তৰ্ভুক্ত আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ecommerce order volumes up 31% during Independence Day sales

Media Coverage

Ecommerce order volumes up 31% during Independence Day sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”