ভূজত ২০০১ চনৰ বিধ্বংসী ভূমিকম্পৰ পিছত দেখুওৱা মানুহৰ সহানুভূতিশীল মনোভাৱক উদযাপনৰ বাবে এক বিশেষ ধৰণৰ পদক্ষেপ-স্মৃতি ভান স্মাৰক উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
অত্যাধুনিক স্মৃতি ভান ভূমিকম্প সংগ্ৰহালয়ত সাতটা বিষয়বস্তুৰ ওপৰত সাতটা ব্লকত পৃথক কৰা হৈছে৷ সেয়া হৈছে— পুনৰজন্ম, পুনৰ আৱিষ্কাৰ, পুনৰুদ্ধাৰ, পুনৰ নিৰ্মাণ, পুনৰ চিন্তা, পুনৰ জীৱিত আৰু নবীকৰণ
ভূজত প্ৰায় ৪,৪০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
অঞ্চলটোত পানী যোগান বৃদ্ধি কৰিব পৰা চৰ্দাৰ সৰোৱৰ প্ৰকল্পৰ কচ্ছ শাখা খাল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে খাদী উৎসৱত অংশগ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ সময়ত খাদী আৰু ইয়াৰ গুৰুত্বক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এক ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে
অনন্য বৈশিষ্ট্য: একে সময়তে আৰু একে ঠাইতে ৭,৫০০ মহিলা খাদী শিপিনীয়ে যঁতৰত সুঁতা কাটিব
ভাৰতত ছুজুকিৰ ৪০ বছৰীয়া স্মৃতি দিৱস উপলক্ষে কাৰ্যসূচীত ভাষণ আগবঢ়াব আৰু ভাৰতত ছুজুকি গোটৰ দুটা মূল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ আৰু ২৮ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব। ২৭ আগষ্টৰ সন্ধিয়া প্ৰায় ৫:৩০ বজাত আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত প্ৰধানমন্ত্ৰীয়ে খাদী উৎসৱত ভাষণ প্ৰদান কৰিব। ২৮ জুনৰ পুৱা প্ৰায় ১০ বজাত ভূজত প্ৰধানমন্ত্ৰীয়ে স্মৃতি ভান স্মাৰক উদ্বোধন কৰিব। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে ভূজত আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছুজুকীৰ ৪০ বছৰ স্মৰণ কৰি গান্ধীনগৰত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰিব।

খাদী উসৱ

খাদীক জনপ্ৰিয় কৰা, খাদী সামগ্ৰীৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু যুৱক-যুৱতীসকলৰ মাজত খাদীৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে অহৰহ প্ৰচেষ্টা হাতত লৈ আহিছে। প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ২০১৪ চনৰ পৰা ভাৰতত খাদীৰ বিক্ৰী চাৰিগুণ বৃদ্ধি পোৱাৰ বিপৰীতে গুজৰাটত খাদী বিক্ৰীৰ ব্যাপক হাৰত আঠগুণ পৰ্যন্ত বৃদ্ধি পাইছে।

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে অনুষ্ঠিত হৈ থকা এক অনুষ্ঠান হিচাপে খাদী আৰু স্বাধীনতা সংগ্ৰামৰ সময়ত ইয়াৰ গুৰুত্বক শ্ৰদ্ধাঞ্জলি জনাই খাদী উৎসৱৰ আয়োজন কৰা হৈছে। আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত আয়োজন কৰা এই উৎসৱত গুজৰাটৰ বিভিন্ন জিলাৰ ৭,৫০০ গৰাকী মহিলা খাদী শিপিনীয়ে একে সময়তে আৰু একে ঠাইতে যঁতৰত সূতা কাটিব। এই অনুষ্ঠানত ১৯২০ চনৰ পৰা ব্যৱহৃত বিভিন্ন প্ৰজন্মৰ ২২টা যঁতৰ প্ৰদৰ্শন কৰি “যঁতৰৰ বিৱৰ্তন” প্ৰদৰ্শনীও অনুষ্ঠিত কৰিব। ইয়াত স্বাধীনতা সংগ্ৰামৰ সময়ত ব্যৱহৃত যঁতৰৰ প্ৰতীক “য়েৰৱাদা চৰখা”ৰ দৰে যঁতৰ, বৰ্তমান ব্যৱহৃত শেহতীয়া উদ্ভাৱন আৰু প্ৰযুক্তিৰে যঁতৰলৈকে অন্তৰ্ভুক্ত কৰা হ’ব। পোণ্ডুৰু খাদীৰ প্ৰযোজনাৰ পোনপটীয়া প্ৰদৰ্শনো কৰা হ’ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গুজৰাট ৰাজ্য খাদী গ্ৰামোদোগ ব’ৰ্ডৰ নতুন কাৰ্যালয় ভৱন আৰু সৱৰমতীত এখন ফুট অভাৰ ব্ৰীজো উদ্বোধন কৰিব।

ভূজত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ভূজ জিলাত স্মৃতি ভান স্মাৰক উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা স্মৃতি ভান এক বিশেষ ধৰণৰ পদক্ষেপ। ২০০১ চনৰ ভূজত হোৱা ভূমিকম্পৰ সময়ত প্ৰাণ হেৰুওৱা প্ৰায় ১৩,০০০ লোকৰ মৃত্যুৰ পিছত জনসাধাৰণে দেখুওৱা সহানুভূতিশীল মনোভাৱক উদযাপন কৰিবলৈ প্ৰায় ৪৭০ একৰ এলেকাত এই স্মাৰক নিৰ্মাণ কৰা হৈছে। স্মৃতিসৌধত ভূমিকম্পৰ সময়ত প্ৰাণ হেৰুওৱা লোকসকলৰ নাম লিপিবদ্ধ কৰা হৈছে।

অত্যাধুনিক স্মৃতি ভান ভূমিকম্প সংগ্ৰহালয়ক সাতটা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি সাতটা ব্লকত পৃথক কৰা হৈছে৷ সেয়া হৈছে—পুনৰ জন্ম, পুনৰ আৱিষ্কাৰ, পুনৰুদ্ধাৰ, পুনৰ নিৰ্মাণ, পুনৰ চিন্তা, পুনৰ জীয়াই আৰু নবীকৰণ। প্ৰথম ব্লকটো পুনৰ জন্ম বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, য’ত পৃথিৱীৰ বিৱৰ্তন আৰু প্ৰতিবাৰেই পৃথিৱীৰ অতিক্ৰম কৰাৰ ক্ষমতাক চিত্ৰিত কৰা হৈছে। দ্বিতীয়টো ব্লকত গুজৰাটৰ ভূ-প্ৰকৃতি আৰু ৰাজ্যখন দুৰ্বল হৈ পৰা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ প্ৰদৰ্শন কৰা হৈছে। তৃতীয় ব্লকটোৱে এজন লোকক ২০০১চনৰ ভূমিকম্পৰ পিছৰ তাৎক্ষণিক পৰিস্থিতিলৈ ঘূৰাই লৈ যায়। এই ব্লকৰ গেলেৰীসমূহে ব্যক্তিৰ লগতে সংগঠনসমূহেও গ্ৰহণ কৰা বৃহৎ সাহায্য প্ৰচেষ্টাক প্ৰদৰ্শিত কৰে। চতুৰ্থ ব্লকত গুজৰাটৰ পুনৰ নিৰ্মাণৰ পদক্ষেপ আৰু ২০০১ চনৰ ভূমিকম্পৰ পিছৰ সফলতাৰ কাহিনী প্ৰদৰ্শন কৰা হৈছে। পঞ্চম ব্লকটোৱে দৰ্শকক যিকোনো সময়তে বিভিন্ন ধৰণৰ তথা যিকোনো ধৰণৰ দুৰ্যোগৰ বাবে ভৱিষ্যতৰ প্ৰস্তুতিৰ বিষয়ে চিন্তা কৰিবলৈ আৰু জানিবলৈ প্ৰেৰণা যোগায়৷ ষষ্ঠ ব্লকটোৱে আমাক চিমুলেটৰৰ সহায়ত ভূমিকম্পৰ অভিজ্ঞতাক পুনৰ জীপাল কৰাত সহায় কৰে। এইটো ৫ডি চিমুলেটৰত ডিজাইন কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে দৰ্শকক এই স্কেলত এটা অনুষ্ঠানৰ প্ৰকৃত বাস্তৱতা প্ৰদান কৰা। সপ্তম ব্লকটোৱে মানুহক স্মৃতিৰ বাবে এক অৱকাশ দিয়ে, য’ত তেওঁলোকে হেৰুওৱা আত্মাবোৰক শ্ৰদ্ধাঞ্জলি জনাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে ভূজত প্ৰায় ৪,৪০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ সৰোৱৰ প্ৰকল্পৰ কচ্ছ শাখা খাল উদ্বোধন কৰিব। খালটোৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৩৫৭ কিলোমিটাৰ। ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে খালটোৰ এটা অংশ উদ্বোধন কৰিছিল আৰু বাকী অংশ এতিয়া উদ্বোধন কৰা হ’ব। খালটোৱে কচ্ছত জলসিঞ্চনৰ সুবিধা আৰু কচ্ছ জিলাৰ আটাইকেইখন ৯৪৮খন গাঁও আৰু ১০খন চহৰতে খোৱাপানীৰ ব্যৱস্থা কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে আন বিভিন্ন প্ৰকল্পৰ লগতে চৰহাদ দুগ্ধ উদ্যোগৰ নতুন স্বয়ংক্ৰিয় দুগ্ধ প্ৰস্তুতকৰণ আৰু পেকিং প্লাণ্টকে ধৰি; ভূজত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গান্ধীধামত ডাঃ বাবা চাহেব আম্বেদকাৰ কনভেনচন চেণ্টাৰ; আঞ্জাৰত বীৰ বাল স্মাৰক; নখত্ৰানাত থকা ভূজ ২ উপকেন্দ্ৰ আদি উদ্বোধন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ভূজ-ভীমাছাৰ ৰোডকে ধৰি ১৫০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

গান্ধীনগৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছুজুকীৰ ৪০ বছৰীয়া স্মৃতি উপলক্ষে গান্ধীনগৰৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছুজুকি গোটৰ দুটা মূল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, সেয়া হৈছে—গুজৰাটৰ হান্সলপুৰত থকা ছুজুকি মটৰ গুজৰাট বৈদ্যুতিক বাহনৰ বেটাৰী নিৰ্মাণৰ সুবিধা আৰু হাৰিয়ানাৰ খাৰখোদাত মাৰুতি ছুজুকীৰ পৰৱৰ্তী বাহন নিৰ্মাণৰ সুবিধা।

গুজৰাটৰ হান্সলপুৰত বৈদ্যুতিক বাহনৰ উন্নত কেমিষ্ট্ৰী চেল বেটাৰী নিৰ্মাণৰ বাবে  ৭,৩০০ কোটি টকা বিনিয়োগ কৰি ছুজুকি মটৰ গুজৰাট বৈদ্যুতিক বাহন বেটাৰী নিৰ্মাণ প্ৰকল্প স্থাপন কৰা হ’ব। হাৰিয়ানাৰ খাৰখোদাত থকা এই বাহন নিৰ্মাণৰ প্ৰতিষ্ঠানটোৱে বছৰি ১০ লাখ যাত্ৰীবাহী বাহন নিৰ্মাণৰ সক্ষমতা থাকিব, যাৰ ফলত ই বিশ্বৰ একক স্থানত সৰ্ববৃহৎ যাত্ৰীবাহী বাহন নিৰ্মাণৰ প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হ’ব। ১১,০০০ কোটি টকাৰো অধিক বিনিয়োগ কৰি প্ৰথম পৰ্যায়ৰ প্ৰকল্পটো স্থাপন কৰা হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Karnataka on 15th April
April 14, 2026
PM to inaugurate Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya
Sri Guru Bhairavaikya Mandira is a memorial dedicated to Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math
PM to also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji

Prime Minister, Shri Narendra Modi will visit Karnataka on 15th April 2026. At around 11 AM, Prime Minister will inaugurate the Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya district. He will also address the gathering on the occasion.

During the visit, Prime Minister will also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji.

Sri Guru Bhairavaikya Mandira is a memorial dedicated to the revered seer, Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math. Constructed in the traditional Dravidian architectural style, the Mandira stands as a tribute to the life and legacy of the late seer. The Mandira is envisioned not only as a place of reverence but also as a source of inspiration for future generations.

Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji was widely respected for his lifelong commitment to social service, having established numerous educational institutions and healthcare facilities. He firmly believed that service to society is the highest form of worship, and his teachings transcended barriers of caste, creed, and region, inspiring millions.