প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ৭ ডিছেম্বৰত দিনৰ ১টাত গোৰখপুৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণত তেওঁ ৯ হাজাৰ ৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্রকল্প জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব।
প্রধানমন্ত্রীয়ে গোৰখপুৰত সাৰ কাৰখানা জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। উল্লেখ্যযোগ্য যে ২০১৬ চনৰ ২২ জুলাইত এই সাৰ কাৰখানাটোৰ আধাৰশিলা স্থাপন কৰিছিল তেওঁ। ৩০ বছৰৰো অধিক কাল ধৰি এইটো বন্ধ অবস্থাত আছিল। এই কাৰখানাটোক পুনৰুজ্জীৱিত কৰা হৈছে। প্রায় ৮ হাজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষে এই সাৰ কাৰখানাটো পুনর্নির্মিত হৈছে। ইয়াৰ ফলত এতিয়াৰ পৰা ইউৰিয়া উৎপাদিত হ'ব। প্রধানমন্ত্রীৰ সপোনেই হ’ল, সাৰ কাৰখানাসমূহৰ পুনৰুজ্জীৱন ঘটাই দেশত ইউৰিয়া উৎপাদনত আত্মনির্ভৰতা অর্জন কৰা। গোৰখপুৰৰ এই কাৰখানাৰ পৰা বছৰত ১২.৭ লাখ মেট্রিক টন ইউৰিয়া উৎপাদিত হ'ব। এই ইউৰিয়া সাৰে দেশৰ পূর্বাঞ্চলৰ চাহিদা পূৰাবলৈ তথা পার্শ্বৱর্তী এলেকাত কৃষকসকলৰ বাবে বিশেষ সহায় কৰিব। ইয়াৰ ফলত, এই অঞ্চলৰ সামগ্রিক অর্থনৈতিক বৃদ্ধি সম্ভৱ হ'ব।
নেচনেল থার্মেল পাৱাৰ কর্প'ৰেচন, ক'ল ইণ্ডিয়া লিমিটেড, ইণ্ডিয়ান অইল কর্প'ৰেচন লিমিটেড, ফার্টিলাইজাৰ কর্প'ৰেচন অফ ইণ্ডিয়া আৰু হিন্দুস্তান ফার্টিলাইজাৰ কর্প'ৰেচন লিমিটেডৰ সমন্বয়ত গঠিত হিন্দুস্তান উৰ্বৰক এণ্ড ৰসায়ন লিমিটেড (এইচইউআৰএল)য়ে এই সাৰ কাৰখানাটো গঢ়ি তুলিছে। গোৰখপুৰ, সিন্ধ্রি আৰু বাৰাউনি সাৰ কাৰখানাসমূহৰ পুনৰুজ্জীৱনৰ বাবে কাম চলোৱা হৈছে। গোৰখপুৰৰ এই সাৰ কাৰখানাটোত প্রযুক্তিগতভাবে সহায় কৰিছে জাপানৰ টয়ো ইঞ্জিনিয়াৰিং কর্প'ৰেচন আৰু টয় ইঞ্জিনিয়াৰিং ইণ্ডিয়া প্রাইভেট লিমিটেডে। এই প্রকল্পত ১৪৯.২ মিটাৰ দীঘল বিশ্বৰ প্রিলিং টাৱাৰ আছে। আনকি, উন্নত নিৰাপত্তা ব্যৱস্থাও ইয়াত আছে।
প্রধানমন্ত্রীয়ে সেইদিনা গোৰখপুৰৰ এআইআইএমএছ (এইমছ)ৰ সম্পূর্ণ কার্যকৰী কমপ্লেক্সটোও জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। ১ হাজাৰ কোটি টকা ব্যয়েৰে এইটো নির্মিত হৈছে। ২০১৬ চনৰ ২২ জুলাইত এই কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিছিল তেওঁ। 'প্রধানমন্ত্রী স্বাস্থ্য সুৰক্ষা যোজনা'ৰ আওতাত এইটো প্রতিষ্ঠিত হৈছে। ইয়াত উন্নতমানৰ চিকিৎসা পৰিসেৱাৰ ব্যৱস্থা আছে। এই এইমছ হাস্পতালত ৭৫০খন বিছনা আছে। তদুপৰি, মেডিকেল কলেজ, নাৰ্ছিং কলেজ, আয়ুষ বিল্ডিং, সকলো কর্মীৰে থকাৰ বাবে আৱাস, স্নাতক ও স্নাতকোত্তৰ শিক্ষার্থীসকলৰ বাবে ছাত্রাবাস আছে।
প্রধানমন্ত্রীয়ে অহা ৭ ডিছেম্বৰত গোৰখপুৰৰ আইচিএমআৰ – ৰিজিওনেল মেডিকেল ৰিছার্চ চেণ্টাৰৰ নতুন ভবনৰো উদ্বোধন কৰিব। জাপানি এনকেফেলাইটিছ/একিউট এনকেফেলাইটিছ ছিন্ড্রমৰ সমস্যাৰ মোকাবিলাত এই কেন্দ্রই যথেষ্ট সহায়ক ভূমিকা পালন কৰিছে। অত্যাধুনিক সুযোগ-সুবিধা সম্বলিত এই নতুন ভবনটোৱে সংক্রামক আৰু অসংক্রামক ৰোগৰ ক্ষেত্রত গৱেষণাত নতুন দিগন্তৰ সূচনা কৰিব আৰু লগতে এই অঞ্চলৰ অন্যান্য মেডিচিন ইন্সটিটিউটত সহযোগিতা প্রদান কৰিব।


