ছত্তীশগড় ৰাজ্য গঠনৰ ২৫ বছৰ উপলক্ষে অনুষ্ঠিত হ"বলগীয়া ছত্তীশগড় ৰজত মহোৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে পথ, উদ্যোগ, স্বাস্থ্যসেৱা আৰু শক্তিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহত ১৪,২৬০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে শ্বহীদ বীৰ নাৰায়ণ সিং স্মাৰক আৰু জনজাতীয় মুক্তিযুঁজাৰু সংগ্ৰহালয় উদ্বোধন কৰিব
দিল কি বাতঃ জন্মগত হৃদৰোগৰ চিকিৎসাধীন শিশুৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰিব আৰু ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব
ব্ৰহ্মকুমাৰীসকলৰ আধ্যাত্মিক শিক্ষা আৰু ধ্যানৰ আধুনিক কেন্দ্ৰ 'শান্তি শিখৰ" উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ নৱেম্বৰত ছত্তীশগড় ভ্ৰমণ কৰিব।

'দিল কি বাত' কাৰ্যসূচীৰ অংশ হিচাপে দিনৰ প্ৰায় ১০ বজাত তেওঁ নৱ ৰায়পুৰ অটল নগৰৰ শ্ৰী সত্য সাই সঞ্জীৱনী হাস্পতালত 'গিফ্ট অব লাইফ' অনুষ্ঠানত জন্মগত হৃদৰোগৰ সফলতাৰে চিকিৎসা গ্ৰহণ কৰা ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰিব।

তাৰ পিছত দিনৰ প্ৰায় ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মকুমাৰীসকলৰ আধ্যাত্মিক শিক্ষা, শান্তি আৰু ধ্যানৰ আধুনিক কেন্দ্ৰ "শান্তি শিখৰ" উদ্বোধন কৰিব।

তাৰ পিছত দিনৰ প্ৰায় ১১.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱ ৰায়পুৰ অটল নগৰৰ ছত্তীশগড় বিধানসভাৰ নতুন ভৱনত ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰ পিছত তেওঁ ছত্তীশগড় বিধানসভাৰ নতুন ভৱন পৰিদৰ্শন আৰু উদ্বোধন কৰিব, যিটো সেউজ অট্টালিকাৰ ধাৰণাৰে নিৰ্মাণ কৰা হৈছে আৰু সৌৰ শক্তিৰ দ্বাৰা সম্পূৰ্ণৰূপে চালিত তথা বৰষুণৰ পানী সংৰক্ষণ প্ৰণালীৰে সুসজ্জিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই উপলক্ষে তেওঁ জনসাধাৰণকো সম্বোধন কৰিব।

দুপৰীয়া প্ৰায় ১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে শ্বহীদ বীৰ নাৰায়ণ সিং স্মাৰক আৰু জনজাতীয় মুক্তিযুঁজাৰু সংগ্ৰহালয় উদ্বোধন আৰু পৰিদৰ্শন কৰিব। এই সংগ্ৰহালয়টোৱে ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়ৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে সংগ্ৰহালয় প"ৰ্টেল আৰু স্বাধীনতা সংগ্ৰামীসকলক সন্মান জনোৱা ই-বুক "আদি শৌৰ্য" মুকলি কৰিব আৰু স্মাৰকস্থলীত শ্বহীদ বীৰ নাৰায়ণ সিঙৰ অশ্বাৰোহী প্ৰতিমূৰ্তি উন্মোচন কৰিব।

তাৰ পিছত, দুপৰীয়া প্ৰায় ২.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড় ৰাজ্য গঠনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত হোৱা ছত্তীশগড় ৰজত মহোৎসৱত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পথ, উদ্যোগ, স্বাস্থ্যসেৱা আৰু শক্তিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি ১৪২৬০ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক আৰু পৰিৱৰ্তনমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

গ্ৰামাঞ্চলৰ জীৱিকা শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ ৯খন জিলাত ১২টা নতুন ষ্টাৰ্ট-আপ ভিলেজ এণ্টাৰপ্ৰেনিউৰশ্বিপ প্ৰগ্ৰেম (এছভিইপি) ব্লক উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৩.৫১ লাখ সম্পূৰ্ণ হোৱা ঘৰৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্রামীণ)ৰ অধীনত ৩ লাখ হিতাধিকাৰীক কিস্তি হিচাপে ১২০০ কোটি টকা মুকলি কৰি দিব, যি সমগ্ৰ ৰাজ্যৰ গ্ৰাম্য পৰিয়ালসমূহৰ বাবে মৰ্য্যাদাপূৰ্ণ আৱাস আৰু নিৰাপত্তা সুনিশ্চিত কৰিব।

সংযোগৰ উন্নতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে পাথালগাঁও-কুঙ্কুৰিৰ পৰা ছত্তীশগড়-ঝাৰখণ্ড সীমালৈ চাৰি লেনৰ গ্ৰীণফিল্ড ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব, যিটো ভাৰতমালা পৰিযোজনাৰ অধীনত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এনএইচএআই) প্ৰায় ৩১৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰিব। এই কৌশলগত কৰিডৰে কোৰ্বা, ৰায়গড়, যশপুৰ, ৰাঁচী আৰু জামচেদপুৰৰ মূল কয়লা খনি, ঔদ্যোগিক অঞ্চল আৰু ষ্টীল প্ৰকল্পসমূহক সংযোগ কৰিব, যি এক প্ৰধান অৰ্থনৈতিক ধমনী হিচাপে কাম কৰি আঞ্চলিক বাণিজ্যিক সংযোগ শক্তিশালী কৰিব আৰু মধ্য ভাৰতক পূবৰ অঞ্চলসমূহৰ সৈতে একত্ৰিত কৰিব।

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ আৰু নাৰায়ণপুৰ জিলাৰ একাধিক খণ্ডত ৰাষ্ট্ৰীয় ঘাইপথ-১৩০ ডি (নাৰায়ণপুৰ-কস্তুৰমেটা-কুটুল-নীলাঙ্গুৰ-মহাৰাষ্ট্ৰ সীমান্ত)ৰ নিৰ্মাণ আৰু উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-১৩০চি (মাদাংমুদা-দেওভোগ-ওড়িশা সীমান্ত)ৰ উন্নতীকৰণৰ কামো উদ্বোধন কৰিব। এইবোৰে জনজাতীয় আৰু আভ্যন্তৰীণ অঞ্চলত পথ সংযোগ যথেষ্ট বৃদ্ধি কৰিব, স্বাস্থ্যসেৱা, শিক্ষা আৰু বজাৰৰ সুবিধা উন্নত কৰিব আৰু দূৰৱৰ্তী অঞ্চলসমূহত আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি কৰিব।

বিদ্যুৎ খণ্ডত, প্ৰধানমন্ত্ৰীয়ে আন্তঃআঞ্চলিক ই. আৰ.-ডব্লিউ. আৰ. আন্তঃসংযোগ প্ৰকল্প উদ্বোধন কৰিব, যি পূব আৰু পশ্চিম গ্ৰীডসমূহৰ মাজত আন্তঃআঞ্চলিক বিদ্যুৎ স্থানান্তৰ ক্ষমতা ১৬০০ মেগাৱাট বৃদ্ধি কৰিব, গ্ৰীডৰ নিৰ্ভৰযোগ্যতা উন্নত কৰিব আৰু সমগ্ৰ অঞ্চলটোত এক সুস্থিৰ বিদ্যুৎ যোগান নিশ্চিত কৰিব।

ইয়াৰ লগতে, প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ বিদ্যুৎ আন্তঃগাঁথনি শক্তিশালী কৰা, যোগানৰ নিৰ্ভৰযোগ্যতা উন্নত কৰা আৰু সঞ্চালন ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ৩৭৫০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক শক্তি খণ্ডৰ প্ৰকল্পৰ উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

নৱীকৃত বিতৰণ খণ্ড আঁচনি (আৰ. ডি. এছ. এছ.)ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৮৬০ কোটি টকাৰ কাম উৎসৰ্গা কৰিব, যাৰ ভিতৰত আছে নতুন বিদ্যুৎ লাইন নিৰ্মাণ, ফিডাৰ বিভাজন, ৰূপান্তৰক স্থাপন, পৰিবাহীৰ ৰূপান্তৰ আৰু গ্ৰাম্য আৰু কৃষি বিদ্যুৎ যোগান উন্নত কৰাৰ বাবে নিম্ন চাপৰ নেটৱৰ্ক শক্তিশালী কৰা। প্ৰধানমন্ত্ৰীয়ে ৰায়পুৰ, বিলাসপুৰ, দুৰ্গ, বেমেতাৰা, গৰিয়াবন্দ আৰু বাষ্টাৰৰ দৰে জিলাসমূহত প্ৰায় ৪৮০ কোটি টকা ব্যয়েৰে নিৰ্মিত ৯টা নতুন বিদ্যুৎ উপকেন্দ্ৰও উদ্বোধন কৰিব। এইবোৰে স্থিৰ ভোল্টেজ নিশ্চিত কৰি, বিভ্রাট হ্ৰাস কৰি আৰু আনকি দূৰৱৰ্তী আৰু জনজাতীয় অঞ্চলতো নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰদান কৰি ১৫ লাখৰো অধিক লোকক উপকৃত কৰিব। ইয়াৰ উপৰি, কাংকেৰ আৰু বালোদাবাজাৰ-ভাটাপাৰাত মুখ্য সুবিধাসমূহকে ধৰি ১৪১৫ কোটি টকাতকৈও অধিক মূল্যৰ নতুন উপকেন্দ্ৰ আৰু সঞ্চালন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব, লগতে ৰাজ্যখনত বিদ্যুতৰ প্ৰৱেশাধিকাৰ আৰু মানদণ্ড অধিক সম্প্ৰসাৰিত কৰিবলৈ কেইবাখনো জিলাত নতুন আৰ. ডি. এছ. এছ.-ৰ কাম কৰা হ'ব।

পেট্ৰ"লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত, প্ৰধানমন্ত্ৰীয়ে ৰায়পুৰত এইচ. পি. চি. এল.-ৰ অত্যাধুনিক পেট্ৰ"লিয়াম তেল ডিপো উদ্বোধন কৰিব, যিটো পেট্ৰ"ল, ডিজেল আৰু ইথানলৰ বাবে ৫৪,০০০ কিল'লিটাৰ (কে. এল.) সংৰক্ষণ ক্ষমতাৰে ৪৬০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। এই সুবিধাই ছত্তীশগড় আৰু চুবুৰীয়া ৰাজ্যসমূহত নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰি এক প্ৰধান ইন্ধন কেন্দ্ৰ হিচাপে কাম কৰিব। ১০০০০ কে. এল. ইথানল সংৰক্ষণৰ সৈতে, ডিপোটোৱে ইথানল মিশ্ৰণ কাৰ্যসূচীকো সমৰ্থন কৰে, জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু পৰিষ্কাৰ শক্তি বিকাশ প্ৰসাৰিত কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯৫০ কোটি টকা ব্যয়েৰে নিৰ্মিত ৪৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাগপুৰ-ঝাৰছুগুডা প্ৰাকৃতিক গেছ পাইপলাইনো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্ৰকল্পটো ভাৰতৰ শক্তি মিশ্ৰণত প্ৰাকৃতিক গেছৰ অংশ ১৫ শতাংশলৈ বৃদ্ধি কৰা আৰু "এক ৰাষ্ট্ৰ, এক গেছ গ্ৰিড"ৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পাইপলাইনে ছত্তীশগড়ৰ ১১খন জিলাক ৰাষ্ট্ৰীয় গেছ গ্ৰিডৰ সৈতে সংযোগ কৰিব, ঔদ্যোগিক বিকাশ বৃদ্ধি কৰিব আৰু অঞ্চলটোত পৰিষ্কাৰ আৰু সুলভ ইন্ধন প্ৰদান কৰিব।

ঔদ্যোগিক বিকাশ আৰু নিযুক্তিৰ প্ৰসাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে দুটা স্মাৰ্ট ঔদ্যোগিক অঞ্চলৰ আধাৰশিলা স্থাপন কৰিব-এটা জাঞ্জগিৰ-চম্পা জিলাৰ চিলাদেহী-গাটোৱা-বিৰা আৰু আনটো ৰাজনন্দগাঁও জিলাৰ বিজলেটালাত। ইয়াৰ উপৰি, প্ৰধানমন্ত্ৰীয়ে নৱ ৰায়পুৰ অটল নগৰৰ চেক্টৰ-২২ত এখন ফাৰ্মাচিউটিকেল পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। এই উদ্যানখনে ঔষধ আৰু স্বাস্থ্যসেৱা উৎপাদনৰ বাবে এক নিৰ্দিষ্ট অঞ্চল হিচাপে কাম কৰিব, স্বাস্থ্যসেৱা খণ্ডক উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীয়ে পাঁচখন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব- মানেন্দ্ৰগড়, কবিৰধাম, জাঞ্জগিৰ-চম্পা, আৰু গীদাম (দান্তেৱাড়া), বিলাসপুৰত চৰকাৰী আয়ুৰ্বেদ মহাবিদ্যালয় আৰু চিকিৎসালয়। এই প্ৰকল্পসমূহে সমগ্ৰ ছত্তীশগড়ত চিকিৎসা শিক্ষাক শক্তিশালী কৰিব, স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰিব আৰু পৰম্পৰাগত ঔষধৰ প্ৰচাৰ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety

Media Coverage

Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising on the triumph of truth
March 12, 2026

The Prime Minister Shri Narendra Modi, paid homage to all the great personalities who participated in the Dandi March, which began on this very day in 1930.

The Prime Minister shared a Sanskrit Subhashitam emphasising on the triumph of truth:

“सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः।

येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥”

The Subhashitam conveys that, truth always prevails and falsehood is ultimately destroyed. Therefore, one should follow the path on which the Sages attained bliss and realised the supreme truth.

The Prime Minister wrote on X;

“सन् 1930 में आज ही के दिन दांडी मार्च की शुरुआत हुई थी। इसमें शामिल सभी विभूतियों का श्रद्धापूर्वक स्मरण!

सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः।

येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥”