নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ তীখা প্লাণ্টটো দেশৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে; ২৩,৮০০ কোটি টকাতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা এই প্ৰকল্পই বাষ্টাৰক বিশ্বৰ তীখাৰ মানচিত্ৰত স্থান দিব
জগদালপুৰ ৰে’লৱে ষ্টেচন উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
ছত্তীশগড়ত একাধিক ৰে’ল আৰু পথ খণ্ডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
তেলেংগানাত প্ৰায় ৮০০০ কোটি টকাৰ প্ৰকল্পৰ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে
এনটিপিচিৰ তেলেংগানা ছুপাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ৮০০ মেগাৱাট ইউনিট দেশবাসীৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে; বিভিন্ন ৰে’ল আন্তঃগাঁথনি প্ৰকল্পও উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত নিৰ্মাণ হ’বলগীয়া সমগ্ৰ তেলেংগানাৰ ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ অক্টোবৰ, ২০২৩ত ছত্তীশগড় আৰু তেলেংগানা ভ্ৰমণ কৰিব।

পুৱা প্ৰায় ১১ বজাত বাষ্টাৰৰ জগদালপুৰত প্ৰধানমন্ত্ৰীয়ে নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ ষ্টীল প্লাণ্টকে ধৰি ছত্তীশগড়ত ২৬,০০০ কোটিতকৈ অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব৷ বিয়লি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ নিজামাবাদত উপস্থিত হ’ব, য’ত তেওঁ  শক্তি, ৰে’ল আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ প্ৰায় ৮০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব৷

 

ছত্তীশগড়ত প্ৰধানমন্ত্ৰী

আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক এক ডাঙৰ প্ৰেৰণা যোগাব পৰা এক পদক্ষেপত প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ জিলাৰ নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ তীখা উদ্যোগটো দেশবাসীৰ নামত উৎসৰ্গা কৰিব। ২৩,৮০০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মিত এই তীখা উদ্যোগটো হৈছে উচ্চমানৰ তীখা উৎপাদন কৰিব পৰা গ্ৰীণফিল্ড প্ৰকল্প। নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ তীখা প্ৰকল্পটোৱে ইয়াৰ লগতে আনুষংগিক আৰু অন্যান্য খণ্ডত হাজাৰ হাজাৰ লোকক নিয়োগৰ সুযোগ প্ৰদান কৰিব৷ ইয়াৰ দ্বাৰা বাষ্টাৰক বিশ্বৰ তীখাৰ মানচিত্ৰত স্থান দিয়াৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত এক উদ্গনি যোগাব।

সমগ্ৰ দেশতে ৰে’ল আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কাৰ্যসূচীৰ সময়ত একাধিক ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ প্ৰতি সমৰ্পন কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে আন্তগড় আৰু তাৰোকিৰ মাজত নতুন ৰে’ল লাইন আৰু জগদালপুৰ আৰু দন্তেৱাৰাৰ মাজত ৰে’ল লাইন দ্বৈত পথলৈ উন্নীতকৰণ প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰিব। তেওঁ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত বৰিদান্দ -সুৰজপুৰ ৰে’ল লাইন দ্বৈত পথলৈ উন্নীত আৰু জগদালপুৰ ষ্টেচন পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে তাৰোকি–ৰায়পুৰ ডেমু ৰে’ল সেৱাৰো শুভাৰম্ভ কৰিব। এই ৰেল প্ৰকল্পসমূহে ৰাজ্যৰ জনজাতীয় অঞ্চলসমূহৰ সংযোগৰ উন্নতি সাধন কৰিব। উন্নত ৰে’ল আন্তঃগাঁথনি আৰু নতুন ৰে’ল সেৱাই স্থানীয় জনসাধাৰণক উপকৃত কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৪৩ৰ ‘কুংকুৰিৰ পৰা ছত্তীশগড়-ঝাৰখণ্ড সীমান্ত অংশ’লৈকে পথ উন্নীতকৰণ প্ৰকল্পও দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। নতুন পথটোৱে পথ সংযোগৰ উন্নতি সাধন কৰিব, যাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ’ব৷

 

তেলেংগানাত প্ৰধানমন্ত্ৰী

দেশত উন্নত শক্তি দক্ষতাৰ সৈতে শক্তি উৎপাদন বৃদ্ধিৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এনটিপিচিৰ তেলেংগানা ছুপাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ প্ৰথমটো ৮০০ মেগাৱাট ইউনিট দেশবাসীৰ নামত উৎসৰ্গা কৰা হ’ব। ই তেলেংগানাক কম খৰচী শক্তি প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত এক উত্থান প্ৰদান কৰিব। ইয়াৰ উপৰিও ই দেশৰ অন্যতম পৰিৱেশ অনুকূল বিদ্যুৎ কেন্দ্ৰ হ’ব।

প্ৰধানমন্ত্ৰীয়ে মনোহাৰাবাদ আৰু চিদ্দিপেট সংযোগী নতুন ৰে’ল লাইনকে ধৰি ৰাষ্ট্ৰীয় ৰে’ল প্ৰকল্পৰ দেশবাসীৰ নামত উৎসৰ্গা কৰিব; আৰু ধৰ্মাবাদ-মনোহৰাবাদ আৰু মহাবুবনগৰ-কুৰ্ণুলৰ মাজত বিদ্যুতীকৰণ প্ৰকল্প শুভাৰম্ভ কৰিব, যাৰদ্বাৰা তেলেংগানাৰ ৰে’ল আন্তঃগাঁথনি লাভৱান হ’ব৷ ৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ মনোহাৰাবাদ-ছিদ্দিপেট ৰে’ল লাইনে অঞ্চলটোৰ বিশেষকৈ মেডাক আৰু ছিদ্দিপেট জিলাৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব। ধৰ্মাবাদ-মনোহৰাবাদ আৰু মহাবুবনগৰ-কুৰ্নুলৰ মাজত ৰে’ল লাইনৰ বিদ্যুতীকৰণ প্ৰকল্পই ৰে’লৰ গড় গতি উন্নত কৰাত সহায় কৰিব আৰু অঞ্চলটোত পৰিৱেশ অনুকূল ৰে’ল পৰিবহণৰ সূচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে ছিদ্দিপেট-ছেকেন্দৰাবাদ-ছিদ্দিপেট ৰে’ল সেৱাও শুভাৰম্ভ কৰিব, যাৰ ফলত অঞ্চলটোৰ স্থানীয় ৰে’ল যাত্ৰীসকল উপকৃত হ’ব।

তেলেংগানাৰ স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত সমগ্ৰ ৰাজ্যতে ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ (চিচিবি) আধাৰশিলা স্থাপন কৰিব। এই চিচিবিসমূহ আদিলাবাদ, ভদ্ৰদ্ৰী কোঠাগুডেম, জয়শংকৰ ভূপালপল্লী, জোগুলাম্বা গাডৱাল, হায়দৰাবাদ, খাম্মাম, কুমুৰাম ভীম আছিফাবাদ, মানচেৰিয়াল, মহাবুবনগৰ (বাডেপালী), মুলুগু, নগৰকুৰনুল, নলগোণ্ডা, নাৰায়ণপেট, নিৰ্মল, ৰাজন্না ছিৰচিল্লা, ৰঙাৰেডী (মহেশ্বৰম) জিলাত নিৰ্মাণ কৰা হ’ব৷ সূৰ্যপেট, পেড্ডাপল্লী, বিকাৰবাদ আৰু ৱাৰংগল (নৰসম্পেট)। এই চিচিবিসমূহে সমগ্ৰ তেলেংগানাত জিলা পৰ্যায়ৰ ক্ৰিটেকেল কেয়াৰ আন্তঃগাঁথনি বৃদ্ধি কৰি ৰাজ্যখনৰ লোকসকলক উপকৃত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rameswaram temple in backdrop as Modi welcomes leaders

Media Coverage

Rameswaram temple in backdrop as Modi welcomes leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”