প্ৰধানমন্ত্ৰীয়ে অসমত প্ৰায় ১৫,৬০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব
প্ৰায় ১.৪ লাখ বৰ্গমিটাৰত বিস্তৃত নতুন টাৰ্মিনেল ভৱনটোক বছৰি ১.৩ কোটি যাত্ৰীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে
নতুন টাৰ্মিনেল ভৱনত “বেম্ব’ অৰ্কিড” বিষয়বস্তুৰ অধীনত অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে
প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমিপূজন কৰিব
১০,৬০০ কোটি টকাৰো অধিক আনুমানিক বিনিয়োগ সাপেক্ষে স্থাপন কৰিবলগীয়া প্ৰকল্পটোয়ে অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ তথা আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসত সহায় কৰিব
প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বৰাগাঁওস্থিত স্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব। ২০ ডিচেম্বৰৰ আবেলি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শনেৰে ইয়াৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। তেওঁ লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।

২১ ডিচেম্বৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পাছতে তেওঁ অসমৰ ডিব্ৰুগড়ৰ নামৰূপলৈ গৈ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন কৰিব। তেওঁ লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।

২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীৰ গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কাৰ্য্য অসমৰ যোগাযোগ ব্যৱস্থা, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বব্যাপী সংযোগৰ ক্ষেত্ৰত এক ৰূপান্তৰশীল মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।

প্ৰায় ১.৪ লাখ বৰ্গমিটাৰত বিস্তৃত উক্ত নৱ-নিৰ্মিত সংহত নতুন টাৰ্মিনেল ভৱনটোক বছৰি ১.৩ কোটি যাত্ৰীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াক ৰাণৱে’, এয়াৰফিল্ড চিষ্টেম, এপ্ৰন আৰু টেক্সিৱে’ৰ ব্যাপক উন্নীতকৰণেৰে সমৃদ্ধ কৰা হৈছে।

ভাৰতৰ প্রথমটো প্রকৃতি-বিষয়ক বিমানবন্দৰ টার্মিনেল হিচাপে নতুন টাৰ্মিনেল ভৱনত “বেম্ব’ অৰ্কিড” বিষয়বস্তুৰ অধীনত অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে। টাৰ্মিনেলটোত উত্তৰ-পূৰ্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্ৰায় ১৪০ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে। ইয়াৰে কাজিৰঙাৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, জাপি আকৃতি, মোহনীয়া গঁড়ৰ প্ৰতীক আৰু কপৌ ফুলক প্ৰতিফলিত কৰা ৫৭ বিধ অৰ্কিড-আধাৰিত স্তম্ভ সংস্থাপন কৰা হৈছে। প্ৰায় এক লাখ থলুৱা প্ৰজাতিৰ উদ্ভিদেৰে এক অনন্য “স্কাই ফৰেষ্ট”-এ ইয়াৰ যাত্ৰীসকলক এক গভীৰ, অৰণ্য-সদৃশ অভিজ্ঞতা প্ৰদান কৰিব।

টাৰ্মিনেলটোৱে যাত্ৰীসকলৰ সা-সুবিধা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। দ্ৰুত, নন-ইন্ট্ৰাছিভ চিকিউৰিটি স্ক্ৰিনিঙৰ বাবে ফুল-ব’ডি স্কেনাৰ, ‘ডিজিযাত্ৰা’-চালিত কন্টেক্টলেছ ট্ৰেভেল, স্বয়ংক্ৰিয় বেগেজ পৰিচালনা, ফাষ্ট-ট্ৰেক ইমিগ্ৰেচন আৰু এআই-চালিত এয়াৰপ’ৰ্ট অপাৰেচনে নিৰৱচ্ছিন্ন, নিৰাপদ আৰু ফলপ্ৰসূ যাত্ৰা নিশ্চিত কৰিব।

২১ ডিচেম্বৰৰ পুৱা নামৰূপলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰ দৰ্শন কৰিব। ইয়াত তেওঁ এখনি বিদেশী-মুক্ত অসম আৰু ৰাজ্যখনৰ পৰিচয় ৰক্ষাৰ সামূহিক সংকল্পক মূৰ্ত কৰা ছবছৰীয়া জন আন্দোলন, ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

তাৰ পাছত প্ৰধানমন্ত্ৰীয়ে অসমৰ ডিব্ৰুগড়ৰ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড (BVFCL)-ৰ বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমিপূজন কৰিব।

প্ৰধানমন্ত্ৰীৰ কৃষকৰ কল্যাণ সাধনৰ দৃষ্টিভংগীক আগুৱাই নি ১০,৬০০ কোটি টকাৰো অধিক আনুমানিক বিনিয়োগ সাপেক্ষে স্থাপন কৰিবলগীয়া প্ৰকল্পটোৱে অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, যথেষ্ট নিয়োগ সৃষ্টি কৰিব আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব। প্ৰকল্পটো ঔদ্যোগিক পুনৰুজ্জীৱন আৰু কৃষক কল্যাণৰ মূল স্তম্ভ হিচাপে পৰিগণিত হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From shirts to software: Services drive 67% of India’s export growth over the past decade

Media Coverage

From shirts to software: Services drive 67% of India’s export growth over the past decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights efforts to preserve and promote India’s cultural heritage
June 18, 2026

The Prime Minister, Shri Narendra Modi has highlighted efforts to preserve and promote India’s cultural heritage and said that India’s cultural heritage is being preserved, celebrated and carried forward with renewed vigour.

The Prime Minister stated that guided by the vision of ‘Virasat Bhi, Vikas Bhi’, efforts ranging from the repatriation of antiquities to strengthening spiritual and pilgrimage infrastructure are reconnecting people with India’s timeless traditions.

In a post on X, he said;

“India’s cultural heritage is being preserved, celebrated and carried forward with renewed vigour.

Guided by the vision of ‘Virasat Bhi, Vikas Bhi’, efforts ranging from the repatriation of antiquities to strengthening spiritual and pilgrimage infrastructure are reconnecting people with India’s timeless traditions.

#12YearsOfVikasBhiVirasatBhi”