In a key step to boost connectivity in North-East, PM to inaugurate first greenfield airport in Arunachal pradesh - ‘Donyi Polo Airport, Itanagar’
Airport’s name reflects the age-old indigenous reverence to Sun (‘Donyi’) and the Moon (‘Polo’) in Arunachal Pradesh
Developed at a cost of more than 640 crore, the airport will improve connectivity and will act as a catalyst for the growth of trade and tourism in the region
PM to also dedicate 600 MW Kameng Hydro Power Station to the Nation - developed at a cost of more than Rs 8450 crore
Project will make Arunachal Pradesh a power surplus state
PM to inaugurate ‘Kashi Tamil Sangamam’ - a month-long programme being organised in Varanasi
Programme reflects the spirit of ‘Ek Bharat Shreshtha Bharat’
​​​​​​​It aims to celebrate, reaffirm and rediscover the age-old links between Tamil Nadu and Kashi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰ, ২০২২ ত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ ডনি প’ল’ বিমানবন্দৰ উদ্বোধন কৰিব আৰু ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ পিছতেই তেখেত উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’বগৈ, তাত তেখেতে দিনৰ প্ৰায় ২ বজাত ‘কাশী-তামিল সংগম’ উদ্বোধন কৰিব।

অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী

উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীনফিল্ড বিমানবন্দৰ - ‘ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ’ ৰ উদ্বোধন কৰিব। বিমানবন্দৰৰ নামটোৱে অৰুণাচল প্ৰদেশৰ পৰম্পৰা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য তথা সূৰ্য্য (‘ডনি’) আৰু চন্দ্ৰ (‘প’ল’’) ৰ প্ৰতি যুগে-যুগে অব্যাহত শ্ৰদ্ধাকে প্ৰতিফলিত কৰিছে।

অৰুণাচল প্ৰদেশৰ প্ৰথম গ্ৰীনফিল্ড বিমানবন্দৰটোক ৬৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৬৯০ একৰৰো অধিক এলেকাত স্থাপন কৰা হৈছে। ২৩০০ মিটাৰ ৰানৱে’ৰ সৈতে এই বিমানবন্দৰটো সকলো বতৰতে উৰণ-অৱতৰণৰ বাবে উপযোগী হৈ উঠিব। বিমানবন্দৰৰ টাৰ্মিনেলটোক এটা আধুনিক ভৱন হিচাপে গঢ়ি তোলা হৈছে যিয়ে শক্তি সক্ষমতা, নবীকৰণযোগ্য শক্তি আৰু সম্পদৰ পুনঃব্যৱহাৰক প্ৰোৎসাহিত কৰিছে।

ইটানগৰত এই নতুন বিমানবন্দৰৰ স্থাপনে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনেই নহয়, বৰঞ্চ বাণিজ্য আৰু পৰ্যটনৰ বিকাশতো অনুঘটক হিচাপে কাম কৰিব, যাৰ ফলশ্ৰুতিত অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ’ব।

এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্পও ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ৮৪৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৮০ কিলোমিটাৰৰো অধিক অঞ্চলত পৰিবেষ্টিত এই প্ৰকল্পটোৱে অৰুণাচল প্ৰদেশক অতিৰিক্ত শক্তিসম্পন্ন ৰাজ্য হিচাপে পৰিগণিত কৰিব তথা গ্ৰিডৰ সুস্থিৰতা আৰু সংহতিৰ ক্ষেত্ৰত নেশ্যনেল গ্ৰিডকো উপকৃত কৰিব। এই প্ৰকল্পই সেউজ শক্তিৰ অভিযোজনাৰ বৰ্ধনৰ অৰ্থে দেশখনৰ অংগীকাৰ পৰিপূৰণৰ ক্ষেত্ৰত এক বৃহৎ অৰিহণা যোগাব।

বাৰাণসীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰে অগ্ৰসৰ হৈ চৰকাৰখনে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ ৰ উদ্দীপনাক প্ৰোৎসাহিতকৰণৰ ক্ষেত্ৰত অন্যতম অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এই দৃষ্টিক প্ৰতিফলিত কৰা আন এটি পদক্ষেপ হিচাপে কাশী (বাৰাণসী) ত ‘কাশী-তামিল সংগম’ নামেৰে এমাহজোৰা কাৰ্য্যক্ৰমৰ আয়োজন কৰা হৈছে আৰু ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ উদ্বোধন কৰিব।

এই কাৰ্য্যক্ৰমৰ উদ্দেশ্য হৈছে দেশখনৰ দুখন গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষাপীঠ তামিলনাডু আৰু কাশীৰ মাজত যুগে-যুগে প্ৰবাহমান সংযোগক উদযাপন, পুনৰ সুদৃঢ় আৰু পুনৰ আৱিষ্কাৰ কৰা। এই কাৰ্য্যক্ৰমৰ লক্ষ্য হৈছে উভয় স্থানৰ পণ্ডিত, ছাত্ৰ, দাৰ্শনিক, ব্যৱসায়ী, শিপিনী, শিল্পী আদিকে ধৰি সকলো শ্ৰেণীৰ লোকক একত্ৰিতকৰণেৰে স্বকীয় জ্ঞান, সংস্কৃতি আৰু উত্তম পদ্ধতিৰ ভাগ-বতৰা আৰু পৰস্পৰে-পৰস্পৰৰপৰা শিকাৰ এটি সুযোগ প্ৰশস্ত কৰা। এই উপলক্ষে তামিলনাডুৰ ২৫০০ ৰোধিক প্ৰতিনিধিয়ে কাশী ভ্ৰমণ কৰিব। তেওঁলোকে আলোচনা চক্ৰ, ক্ষেত্ৰ ভ্ৰমণ আদিত অংশগ্ৰহণেৰে একে ধৰণৰ ব্যৱসায়, পেছা আৰু আগ্ৰহৰ স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিব। কাশীত হস্ততাঁত, হস্তশিল্প, অ’ডিঅ’পিৰ সামগ্ৰী, কিতাপ, তথ্যচিত্ৰ, খাদ্য, কলা, ইতিহাস, পৰ্যটনস্থলী আদিৰ এমাহজোৰা প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে।

ভাৰতীয় জ্ঞান ব্যৱস্থাৰ সম্পদক আধুনিক জ্ঞান ব্যৱস্থাৰে একত্ৰিতকৰণৰ ক্ষেত্ৰত এনইপি, ২০২০ য়ে আৰোপ কৰা গুৰুত্বৰ সৈতে এই প্ৰচেষ্টাৰ সামঞ্জস্য আছে। এই কাৰ্য্যক্ৰমত আইআইটি, মাদ্ৰাজ আৰু বিএইচইউ য়ে ৰূপায়ণকাৰী সংস্থাৰ ভূমিকা পালন কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"