যুৱ দক্ষতা বিকাশৰ বাবে এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৬০,০০০ কোটি টকাৰ বিনিয়োগেৰে সমগ্ৰ দেশতে ১০০০খন চৰকাৰী আই টি আইৰ উন্নীতকৰণৰ বাবে পি এম-সেতু শুভাৰম্ভ কৰিব
মূল কেন্দ্ৰবিন্দু : বিহাৰত যুৱ দক্ষতা আৰু শিক্ষা
প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ নৱীকৃত মুখ্যমন্ত্ৰী নিশ্বয় স্বয়ম সহায়তা ভাট্টা যোজনা আৰম্ভ কৰিব, যত দুবছৰৰ বাবে ৫ লাখ স্নাতকক মাহিলী ১০০০ টকাকৈ ভাট্টা প্ৰদান কৰা হব
উদ্যোগমুখী পাঠ্যক্ৰম আৰু বৃত্তিমূলক শিক্ষাক উৎসাহিত কৰিবলৈ বিহাৰত জন নায়ক কাৰ্পুৰী ঠাকুৰ দক্ষতা বিশ্ববিদ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ চাৰিখন বিশ্ববিদ্যালয়ত নতুন শৈক্ষিক আৰু গৱেষণা সুবিধাৰ আধাৰশিলা স্থাপন কৰিব আৰু বিহটাত এন আই টি পাটনাৰ নতুন চৌহদ উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰীয়ে ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৱোদয় বিদ্যালয় আৰু একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা ১২০০টা বৃত্তিমূলক দক্ষতা পৰীক্ষাগাৰ উদ্বোধন কৰিব
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।

যুৱ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ ১১ বজাত ৬২,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক উত্থান ঘটিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৬০,০০০ কোটি টকা বিনিয়োগেৰে কেন্দ্ৰীয় পৃষ্ঠপোষকতাযুক্ত আঁচনি পিএম-সেতু (উন্নত আই টি আই-ৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ দক্ষতা আৰু নিয়োগযোগ্যতাৰ পৰিৱৰ্তন) শুভাৰম্ভ কৰিব। এই আঁচনিখনে সমগ্ৰ দেশতে ১০০০ টা চৰকাৰী আই টি আইক হাব-এণ্ড-স্পক মডেললৈ উন্নীত কৰাৰ পৰিকল্পনা কৰিছে, য’ত ২০০ টা হাব আই টি আই আৰু ৮০০ টা স্পক আই টি আই আছে। প্ৰতিটো হাব গড়ে চাৰিটা স্পকৰ সৈতে সংযুক্ত কৰা হ’ব, যাৰ ফলত উন্নত আন্তঃগাঁথনি, আধুনিক বাণিজ্য, ডিজিটেল শিক্ষণ প্ৰণালী আৰু ইনকিউবেচন সুবিধাৰে সজ্জিত ক্লাষ্টাৰ সৃষ্টি হ’ব। এংকৰ ইণ্ডাষ্ট্ৰী অংশীদাৰসকলে এই ক্লাষ্টাৰসমূহ পৰিচালনা কৰিব আৰু বজাৰৰ চাহিদাৰ সৈতে মিল থকা ফলাফলভিত্তিক দক্ষতা বিকাশ নিশ্চিত কৰিব। এই হাবসমূহত উদ্ভাৱন কেন্দ্ৰ, প্ৰশিক্ষক প্ৰশিক্ষণৰ সুবিধা, উৎপাদন গোট, আৰু নিযুক্তি সেৱাও থাকিব, আনহাতে স্পোকবোৰে প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব দিব। সামগ্ৰিকভাৱে পিএম-সেতুৱে ভাৰতৰ আইটিআই পৰিৱেশতন্ত্ৰক পুনৰ সংজ্ঞায়িত কৰিব, বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ বিশ্বব্যাপী সহ-বিত্তীয় সমৰ্থনত ইয়াক চৰকাৰী মালিকানাধীন অথচ উদ্যোগ-পৰিচালিত কৰি তুলিব। আঁচনিখনৰ ৰূপায়ণৰ প্ৰথম পৰ্যায়ত পাটনা আৰু দৰভংগাত থকা আইটিআই.সমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ"ব।

প্ৰধানমন্ত্ৰীয়ে ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪০০খন নৱোদয় বিদ্যালয় আৰু ২০০খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা ১২০০টা বৃত্তিমূলক দক্ষতা পৰীক্ষাগাৰ উদ্বোধন কৰিব। এই পৰীক্ষাগাৰসমূহে দুৰ্গম আৰু জনজাতীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰীকে ধৰি তথ্য-প্ৰযুক্তি, অটোমোটিভ, কৃষি, ইলেক্ট্ৰনিকছ, লজিষ্টিক আৰু পৰ্যটনৰ দৰে ১২টা উচ্চ চাহিদাৰ খণ্ডত হাতে-কামে প্ৰশিক্ষণ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু চিবিএছইৰ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি এই প্ৰকল্পত উদ্যোগ সম্পৰ্কীয় শিক্ষা প্ৰদান আৰু নিয়োগদক্ষতাৰ ভেটি স্থাপনৰ বাবে ১২০০ গৰাকী বৃত্তিমূলক শিক্ষকক প্ৰশিক্ষণ দিয়া হৈছে।

এই কাৰ্যসূচীৰ এক বিশেষ গুৰুত্ব বিহাৰৰ পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ ওপৰত থাকিব, যি ৰাজ্যখনৰ সমৃদ্ধ উত্তৰাধিকাৰ আৰু যুৱ জনসংখ্যাক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ নৱীকৰণ কৰা মুখ্যমন্ত্ৰী নিশ্বয় স্বয়ম সহায়তা ভাট্টা যোজনা আৰম্ভ কৰিব, যাৰ অধীনত দুবছৰৰ বাবে প্ৰায় পাঁচ লাখ স্নাতক যুৱকে মাহিলী ১০০০ টকা ভাট্টা আৰু বিনামূলীয়া দক্ষতা প্ৰশিক্ষণ লাভ কৰিব। তেওঁ পুনৰ নিৰ্মাণ কৰা বিহাৰ ছাত্ৰ ক্ৰেডিট কাৰ্ড আঁচনিও মুকলি কৰিব, যিয়ে ৪ লাখ টকা পৰ্যন্ত সম্পূৰ্ণ সুতমুক্ত শিক্ষা ঋণ প্ৰদান কৰিব, যাৰ ফলত উচ্চ শিক্ষাৰ আৰ্থিক বোজা বহু পৰিমাণে লাঘৱ হব। এই আঁচনিৰ অধীনত ইতিমধ্যে ৩.৯২ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে ৭,৮৮০ কোটি টকাৰো অধিক মূল্যৰ ঋণ লাভ কৰিছে। ৰাজ্যখনত যুৱ সবলীকৰণক অধিক শক্তিশালী কৰি ৰাজ্যখনৰ যুৱ জনসংখ্যাৰ শক্তিক পথ প্ৰদৰ্শন আৰু ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলৰ বাবে বিহাৰ যুৱ আয়োগ নামৰ এখন বিধিবদ্ধ আয়োগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিহাৰত জন নায়ক কৰ্পূৰী ঠাকুৰ দক্ষতা বিশ্ববিদ্যালয়ও উদ্বোধন কৰিব, যাৰ দ্বাৰা বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰ্মশক্তি সৃষ্টি কৰিবলৈ উদ্যোগমুখী পাঠ্যক্ৰম আৰু বৃত্তিমূলক শিক্ষা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে।

উচ্চ শিক্ষাৰ সুযোগ উন্নত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক আগবঢ়াই নি প্ৰধানমন্ত্ৰীয়ে পি এম-উষা (প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান)ৰ অধীনত বিহাৰৰ চাৰিখন বিশ্ববিদ্যালয় অৰ্থাৎ পাটনা বিশ্ববিদ্যালয়, মাধেপুৰাৰ ভূপেন্দ্ৰ নাৰায়ণ মণ্ডল বিশ্ববিদ্যালয়, চাপ্ৰাৰ জয়প্ৰকাশ বিশ্ববিদ্যালয় আৰু পাটনাৰ নালন্দা মুক্ত বিশ্ববিদ্যালয়ত নতুন শৈক্ষিক আৰু গৱেষণা সুবিধাৰ আধাৰশিলা স্থাপন কৰিব। সৰ্বমুঠ ১৬০ কোটি টকাৰ এই প্ৰকল্পসমূহে আধুনিক শৈক্ষিক আন্তঃগাঁথনি, উন্নত পৰীক্ষাগাৰ, ছাত্ৰাবাস, আৰু বহুবিষয়ক শিক্ষা সক্ষম কৰি ২৭,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে এন আই টি পাটনাৰ বিহটা চৌহদ ৰাষ্ট্ৰলৈ উছৰ্গা কৰিব। ৬,৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সুবিধাযুক্ত এই চৌহদত উন্নত সুবিধাসমূহৰ বৈশিষ্ট্য আছে, য’ত ৫জি ব্যৱহাৰৰ ক্ষেত্ৰ পৰীক্ষাগাৰ, ইছৰোৰ সহযোগত স্থাপিত আঞ্চলিক মহাকাশ শিক্ষা কেন্দ্ৰ আৰু ইতিমধ্যে নটা ষ্টাৰ্ট-আপক সহায় কৰা উদ্ভাৱন আৰু ইনকিউবেচন কেন্দ্ৰ আছে।

প্ৰধানমন্ত্ৰীয়ে বিহাৰ চৰকাৰৰ অধীনত নতুনকৈ নিযুক্তি পোৱা ৪০০০ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব আৰু মুখ্যমন্ত্ৰী বালক/বালিকা বৃত্তি আঁচনিৰ অধীনত নৱম আৰু দশম শ্ৰেণীৰ ২৫ লাখ ছাত্ৰ-ছাত্ৰীক প্ৰত্যক্ষ লাভ স্থানান্তৰৰ জৰিয়তে ৪৫০ কোটি টকাৰ বৃত্তি প্ৰদান কৰিব।

আৰম্ভ কৰিবলগীয়া এই পদক্ষেপসমূহে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। শিক্ষা, দক্ষতা বিকাশ, উদ্যোগীকৰণ আৰু উন্নত আন্তঃগাঁথনিক একত্ৰিত কৰি তেওঁলোকে দেশৰ প্ৰগতিৰ বাবে এক সুদৃঢ় ভেটি প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিহাৰক বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনে দক্ষ মানৱশক্তিৰ কেন্দ্ৰ হিচাপে বিকশিত হোৱাৰ আৰু আঞ্চলিক তথা ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The inauguration of Swaminarayan Temple is a new milestone in the cultural relations between India and France: PM Modi
September 06, 2026
It is a matter of great joy that BAPS Swaminarayan Hindu Mandir is being inaugurated in Paris: PM
This temple will surely enrich the diversity of France and energize our cultural relations: PM
India-France Strategic Partnership is special as it rests on the strong foundation of old cultural and political bonds: PM

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!