এই বঁটা হৈছে ‘গল্পকাৰিতা’, ‘সামাজিক পৰিৱৰ্তনৰ পক্ষত যুক্তি দাঙি ধৰা’, ‘পাৰিপাৰ্শ্বিকতাৰ সুস্থিৰতা’, ‘শিক্ষা’, ‘গে’মিং’ কে ধৰি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা তথা প্ৰভাৱ চিনাক্তকৰণৰ এক প্ৰয়াস
১.৫ লাখতকৈয়ো অধিক মনোনয়ন আৰু প্ৰায় ১০ লাখ ভোটদানেৰে এই বঁটাৰ সামগ্ৰিক প্ৰক্ৰিয়াই ৰাইজৰ ব্যাপক অংশগ্ৰহণ প্ৰত্যক্ষ কৰিছে
বিশটা শ্ৰেণীত এই বঁটা প্ৰদান কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৮ মাৰ্চ তাৰিখে নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত পুৱা ১০:৩০ বজাত প্ৰথমবাৰৰ বাবে ‘ৰাষ্ট্ৰীয় ৰচনাকাৰ বঁটা’ প্ৰদান কৰিব। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে সমবেত সকলক সম্বোধনো কৰিব।

‘ৰাষ্ট্ৰীয় ৰচনাকাৰ বঁটা’ৰ জৰিয়তে ‘গল্পকাৰিতা’, ‘সামাজিক পৰিৱৰ্তনৰ পক্ষত যুক্তি দাঙি ধৰা’, ‘পাৰিপাৰ্শ্বিক সুস্থিৰতা’, ‘শিক্ষা’, ‘গে’মিং’ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা আৰু প্ৰভাৱ চিনাক্তকৰৰ এক প্ৰয়াস কৰা হৈছে। ইতিবাচক পৰিৱৰ্তনৰ বাবে সৃষ্টিশীলতা ব্যৱহাৰ কৰাৰ উদ্দেশ্যে এই বঁটাটোক এক ‘প্ৰেৰণা-মঞ্চ’ হিচাপে গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে।

‘ৰাষ্ট্ৰীয় ৰচনাকাৰ বঁটা’ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ৰাইজৰ ব্যাপক অংশগ্ৰহণৰ দৃষ্টান্ত প্ৰত্যক্ষ কৰা হৈছে। প্ৰথম পৰ্যায়ত ২০ টা বিভিন্ন শ্ৰেণীৰ বাবে ১.৫ লাখতকৈয়ো অধিক মনোনয়ন লাভ কৰা হৈছিল। পৰৱৰ্তী সময়ত অনুষ্ঠিত ভোটদান পৰ্যায়ত, বিভিন্ন বঁটা শ্ৰেণীত ‘ডিজিটেল ৰচনাকাৰ’ৰ বাবে প্ৰায় ১০ লাখ ভোটদান কৰা হৈছিল। ইয়াৰ পিছত, তিনিগৰাকী ‘আন্তৰ্জাতিক ৰচনাকাৰ’সহ ২৩ গৰাকীক বিজয়ী বুলি সিদ্ধান্ত লোৱা হয়। ৰাইজৰ বিপুল সঁহাৰিয়ে বঁটাটোৰ প্ৰতি জনমানসত সৃষ্টি হোৱা পছন্দকে প্ৰতিফলিত কৰিছে।

শ্ৰেষ্ঠ গল্পকাৰ বঁটাকে ধৰি বিশটা শ্ৰেণীত এই বঁটা প্ৰদান কৰা হ'ব; শিতানসমূহ হৈছে- ‘বছৰটোৰ শিৰোনাম দখলকাৰী’; ‘বছৰটোৰ তাৰকা ৰচনাকাৰ’; ‘গ্ৰীণ চেম্পিয়ন বঁটা’; ‘সামাজিক পৰিৱৰ্তনৰ বাবে সৰ্বশ্ৰেষ্ঠ ৰচনাকাৰ’; আটাইতকৈ প্ৰভাৱশালী কৃষি ৰচনাকাৰ; ‘বছৰটোৰ সাংস্কৃতিকদূত’; ‘আন্তৰ্জাতিক ৰচনাকাৰ বঁটা’; ‘শ্ৰেষ্ঠ ভ্ৰমণ ৰচনাকাৰ বঁটা’; স্বচ্ছতাদূত বঁটা’; ‘নতুন ভাৰত চেম্পিয়ন বঁটা’; ‘টেক ৰচনকাৰ বঁটা’; ‘হেৰিটেজ ফেশ্বন আইকন বঁটা’; ‘সৰ্বাধিক সৃষ্টিশীল ৰচনাকাৰ’ (পুৰুষ আৰু মহিলা); ‘খাদ্য শ্ৰেণীৰ শ্ৰেষ্ঠ ৰচনাকাৰ’; ‘শিক্ষা শ্ৰেণীৰ শ্ৰেষ্ঠ ৰচনাকাৰ’; ‘গে’মিং শ্ৰেণীৰ শ্ৰেষ্ঠ ৰচনাকাৰ’; ‘সৰ্বশ্ৰেষ্ঠ মাইক্ৰ' ৰচনাকাৰ’; ‘শ্ৰেষ্ঠ নেনো ৰচনাকাৰ’; ‘সৰ্বশ্ৰেষ্ঠ স্বাস্থ্য আৰু ফিটনেছ ৰচনাকাৰ’।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches $1.5 billion maritime insurance pool, issues first covers

Media Coverage

India launches $1.5 billion maritime insurance pool, issues first covers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure