৪২ বছৰৰ পিছত ভাৰতত এই সভা অনুষ্ঠিত হ'ব
প্ৰধানমন্ত্ৰীয়ে গ্ল'বেল এভিয়েচন চিইঅ'সকলক সম্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ বিশ্ব-মানৰ বিমান আন্তঃগাথঁনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ অৰ্থে অংগীকাৰৰে সংগতি ৰাখি ২ জুনৰ বিয়লি প্ৰায় ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত (AGM) অংশগ্ৰহণ কৰিব। তেখেতে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।

 

১-৩ জুনত সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলন (WATS) অনুষ্ঠিত হৈছে। ৪২ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৩-ত ভাৰতত এই বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছিল। এই সভাত বিশ্ব এভিয়েচন উদ্যোগৰ শীৰ্ষ নেতা, চৰকাৰী বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় মিডিয়া প্ৰতিনিধিসকলকে প্ৰমুখ্য কৰি ১,৬০০ ৰো অধিক অংশগ্ৰহণকাৰী সমবেত হ'ব।

 

বিশ্ব বিমান পৰিবহণ সন্মিলনত এয়াৰলাইন উদ্যোগৰ অৰ্থনীতি, বিমান সংযোগ, শক্তি সুৰক্ষা, বিমান ইন্ধনৰ বহনক্ষম উৎপাদন, ডিকাৰ্বনাইজেচনলৈ পুঁজি যোগান, উদ্ভাৱন আদিকে প্ৰমুখ্য কৰি এভিয়েচন উদ্যোগটোৰ মূল-মূল বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ'ব। ইয়াত সমগ্ৰ বিশ্বৰ এভিয়েচন উদ্যোগৰ নেতৃবৃন্দ আৰু মিডিয়া প্ৰতিনিধিসকলে এভিয়েচন বাতাবৰণত ভাৰতৰ উল্লেখযোগ্য ৰূপান্তৰ আৰু দেশৰ আৰ্থ-সামাজিক উন্নয়নলৈ ইয়াৰ বৰঙণি আগবঢ়োৱা কাৰ্য্য প্ৰত্যক্ষ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 আগষ্ট 2026
August 10, 2026

History, Heritage & High Growth: Why India’s Youth Feel Unstoppable Under PM Modi’s Leadership