কেঁচা সামগ্ৰীৰ পৰা প্ৰস্তুত সামগ্ৰীলৈকে বস্ত্ৰৰ সমগ্ৰ মূল্য শৃংখলা সামৰি কৰা এক অনন্য অনুষ্ঠান
নীতি প্ৰণেতা আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ মুখ্য কাৰ্যবাহী বিষয়া, প্ৰদৰ্শক, ১২০ খন দেশৰ আন্তৰ্জাতিক ক্ৰেতাই অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰীৰ দিনা আবেলি প্ৰায় ৪ বজাত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ‘ভাৰত টেক্স ২০২৫’ত অংশগ্ৰহণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত সকলক সম্বোধন কৰিব।

‘ভাৰত মণ্ডপম’ত ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ‘ভাৰত টেক্স ২০২৫’ এক বৃহৎ গোলকীয় অনুষ্ঠান। কেঁচা সামগ্ৰীৰ পৰা প্ৰস্তুত বস্ত্ৰলৈকে আনুষঙ্গিক সামগ্ৰীসহ সমগ্ৰ মূল্য শৃংখলাটো এখন চালৰ তলত সমাৱেশিত কৰা ই আক্ষৰিক অৰ্থতে এক অনন্য কাৰ্যক্ৰম।

‘ভাৰত টেক্স’ মঞ্চ হৈছে বস্ত্ৰ উদ্যোগৰ সৰ্ববৃহৎ আৰু আটাইতকৈ বিস্তৃত অনুষ্ঠান য'ত দুটা স্থানত বিস্তৃত এক বৃহৎ ‘এক্সপো’ আৰু সমগ্ৰ বস্ত্ৰ পৰিস্থিতিতন্ত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াত ৭০ খনতকৈয়ো অধিক সন্মিলন সত্ৰ, ঘূৰণীয়া মেজমেল, আলোচনা চক্ৰ আৰু ‘মাষ্টাৰ ক্লাছ’ৰ সৈতে এক গোলকীয় পৰিমাপৰ সন্মিলন তথা প্ৰদৰ্শনীৰ দিহা কৰা হৈছে। ইয়াত উদ্ভাৱন আৰু ‘ষ্টাৰ্ট আপ পেভিলিয়ন’ৰ বিশেষ প্ৰদৰ্শনী অন্তৰ্ভুক্ত থাকিব। ইয়াত ‘হেকাথন’ আধাৰিত ‘ষ্টাৰ্টআপ পিচ ফেষ্ট’ আৰু ‘উদ্ভাৱন উৎসৱ’, ‘টেক টেংক’ আৰু ‘আৰ্হি প্ৰতিযোগিতা’ অন্তৰ্ভুক্ত থাকিব যি আগশাৰীৰ বিনিয়োগকাৰীৰ জৰিয়তে ষ্টাৰ্টআপৰ বাবে পুঁজি সংগ্ৰহৰ সুযোগ প্ৰদান কৰিব। ‘ভাৰত টেক্স ২০২৫’-য়ে নীতি নিৰ্ধাৰক আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা মুখ্য কাৰ্যবাহী বিষয়া, ৫০০০ ৰো অধিক প্ৰদৰ্শক, ১২০ খন দেশৰ ৬০০০ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাকে ধৰি বিশাল সংখ্যক দৰ্শনাৰ্থীক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। ‘আন্তৰ্জাতিক বস্ত্ৰ নিৰ্মাতা সংঘ’ (আইটিএমএফ), ‘আন্তৰ্জাতিক কপাহ উপদেষ্টা সমিতি’ (আইচিএচি), ‘ইউৰেটেক্স’, ‘টেক্সটাইল এক্সচেঞ্জ’, ‘ইউএছ ফেশ্বন ইণ্ডাষ্ট্ৰী এছ'চিয়েশ্যন’ (ইউএছএফআইএ)কে ধৰি সমগ্ৰ বিশ্বৰ ২৫ টাতকৈয়ো অধিক আগশাৰীৰ গোলকীয় বস্ত্ৰ সংস্থা আৰু সংগঠনেও অংশগ্ৰহণ কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 এপ্ৰিল 2026
April 21, 2026

Aatmanirbhar Bharat Goes Global: PM Modi Turns India into Manufacturing Superpower & Innovation Powerhouse