প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে শ্ৰী অৰবিন্দৰ সন্মানত স্মাৰক মুদ্ৰা আৰু ডাক টিকট জাৰি কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ডিচেম্বৰ, ২০২২ত সন্ধিয়া ৫ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত শ্ৰী অৰবিন্দৰ ১৫০তম জয়ন্তী উপলক্ষে আয়োজিত এক কাৰ্যক্ৰমত ভাগ ল'ব। প্ৰধানমন্ত্ৰীয়ে আজাদী কা অমৃত মহোৎসৱৰ তত্বাৱধানত কম্বন কলাই সংগম, পুডুচেৰীত আয়োজিত হ'বলগা এই কাৰ্যক্ৰমত শ্ৰী অৰবিন্দৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট জাৰি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিব, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰী অৰবিন্দৰ অনুগামী উপস্থিত থাকিব।

শ্ৰী অৰবিন্দৰ জন্ম ১৫ আগষ্ট, ১৮৭২ত হৈছিল। তেওঁ এজন দূৰদৰ্শী ব্যক্তি আছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসাধাৰণ অৰিহণা আগবঢ়ায় । দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজাদী কা অমৃত মহোৎসৱ পালন কৰি থকা হৈছে। এই মহোৎসৱৰ সময়ত ভাৰতৰ জনসাধাৰণ, ইয়াৰ সংস্কৃতি আৰু প্ৰাপ্তিৰ গৌৰৱপূৰ্ণ ইতিহাসৰ উৎসৱ পালনৰ এটা প্ৰয়াস। এই উপলক্ষে দেশজুৰি বছৰজোৰা কাৰ্যকলাপ আৰু কাৰ্যক্ৰমৰ আয়োজন কৰি শ্ৰী অৰবিন্দৰ ১৫০তম জয়ন্তীও পালন কৰি থকা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Space Economy Takes Off As Private Sector Gains Momentum

Media Coverage

India’s Space Economy Takes Off As Private Sector Gains Momentum
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity