প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰপ্ৰদেশৰ চিত্ৰকূটত অহা ২৯ফেব্ৰুৱাৰীতঅনুষ্ঠিত হ’ব লগা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বুন্দেলখণ্ড এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনাই তেওঁ ইতিমধ্য দেশজুৰি গঠিত কৰা ১০,০০০টা ‘কৃষক-উত্পাদক সংস্থা’ চমুকৈ ‘এফপিঅ’ৰো আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰিব।

এই এক্সপ্ৰেছৱে’ই ভাৰত চৰকাৰে ২০১৮চনৰ ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা‘উত্তৰপ্ৰদেশ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিড’ৰ’ৰ সামৰ্থ্য বৰ্দ্ধন কৰিব। উত্তৰপ্ৰদেশ চৰকাৰে নিৰ্মাণৰ উদ্যোগ লোৱা এইচোৱা পথ ৰাজ্যখনৰ চিত্ৰকূট জিলাৰ মাজেৰে গৈ, বান্দা, হামিৰপুৰ আৰু জালৌনক সংযোজিত কৰিব। ইফালে, ‘আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ আৰু ‘যমুনা এক্সপ্ৰেছৱে’ত সংলগ্ন হোৱা এইচোৱা পথে বুন্দেলখণ্ডক দেশৰ ৰাজধানী দিল্লীৰেও সংযোজিত কৰাৰ লগতে সামগিকভাবে অঞ্চলটোৰ উন্নযণৰ গতি ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। মুঠ ২৯৬কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাই চিত্ৰকূটৰ লগতে বান্দা, মহোবা,হামিৰপুৰ,জালৌন, ৱাৰিয়া, আৰু ইটোৱা জিলাক বাৰুকৈয়ে উপকৃত কৰিব।

২০১৮চনৰ ২১ ফেব্ৰুৱাৰীত লক্ষ্ণৌত অনুষ্ঠিত শীৰ্ষ সন্মিলনৰ সিদ্ধান্ত মৰ্মে উত্তৰপ্ৰদেশত স্থাপন কৰা ২৫০বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ পুঁজিৰে স্থাপিত ঔদ্যোগিক পৰিমণ্ডলটোক উপকৃত কৰিব পৰাকৈ নিৰ্মাণ কৰিব খোজা ‘প্ৰতিৰক্ষা ঔদ্যোগিক কৰিড’ৰ’টোৰ ই এটা অংশ।

কৃষক-উত্পাদক সংস্থা

দেশৰ কৃষক আৰু ক্ষুদ্ৰ উত্পাদকসকলৰ আয় বৰ্তমানৰ হাৰৰ পৰা দুগুণে বৃদ্ধি কৰিব পৰাকৈ এক প্ৰেক্ষাপট ৰচনা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত দেশ জুৰি গঠন কৰা ১০,০০০টা ‘কৃষক-উতপাদক সংস্থা’ৰ আন্ষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হ’ব এই অনুষ্ঠানতে।

দেশৰ প্ৰায় ৮৬শতাংশ কৃষকেই ক্ষুদ্ৰ আৰু দুৰ্দশা পীড়িত। এওঁলোকৰ গড় মাটিৰ পৰিমাণ ১.১ হেক্টৰতৈও কম। এনেবোৰ কৃষকে খেতিৰ মাটিৰ আকাৰ কম হোৱাৰ লগতে আৰ্থিক অনাটনৰ বাবেই খেতি পথাৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ লগতে উতকৃষ্ট মানৰ বীজ, সাৰ আনকি প্ৰয়োজনীয় পুঁজিৰো যোগাৰ কৰিব নোৱাৰে। ফলত এইসকল কৃষকে স্বচ্চল জীৱনৰ সপোন সাৰ্থক কৰিবলৈ যাওতে বাৰুকৈয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়। সেয়ে এনেবোৰ সমস্যাৰ পৰা সকাহ দিয়াৰ বাবে চৰকাৰে ক্ষুদ্ৰ আৰু উপান্ত কৃষক- উত্পাদকসকলৰ কেতবোৰ গোট গঠন কৰি সমূহীয়া ভাবে এনে প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিব পাৰকৈ এই গোটসমূহৰ শক্তি বৰ্ধনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা যুগুতাই উলিয়াছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win