আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য মিচন এনে এক অনলাইন প্লেটফৰ্মৰ গঢ় দিব, যি ডিজিটেল স্বাস্থ্য ব্যৱস্থাক আৰু অধিক কার্যকৰী কৰি তুলিব

এক ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (২৭ ছেপ্টেম্বৰ) পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰিব৷ তেওঁ এই উপলক্ষে ভাষণো প্ৰদান কৰিব৷

উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে ২০২০ চনৰ ১৫ আগষ্টত লালকিল্লাৰ প্রাচীৰৰ পৰা পৰীক্ষামূলক ভাবে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচনৰ কথা ঘোষণা কৰিছিল৷ বর্তমান এই স্বাস্থ্য মিচন পৰীক্ষামূলকভাবে ৬খন কেন্দ্রশাসিত অঞ্চলত ৰূপায়ণ কৰা হৈছে৷

ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অধীনত আয়ূষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ তৃতীয় বর্ষপূর্তি উদযাপনৰ সৈতে দেশজুৰি প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনৰ শুভাৰম্ভ কৰা হৈছে৷ এই উপলক্ষে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী উপস্থিত থাকিব৷

প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচন (পিএম-ডিএইচএমসম্পর্কে

জনধন, আধাৰ আৰু মোবাইল (জাম)এই ত্রিপাক্ষিক প্ৰচেষ্টা চৰকাৰৰ অন্যান্য ডিজিটেল কর্মসূচীৰ ওপৰত ভিত্তি কৰি হাতত লোৱা প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনে এনে এক অনলাইন প্লেটফৰ্ম গঢ়ি তুলিব, যাৰ সহায়ত বিভিন্ন ডাটা, তথ্য, আন্তঃগাঁথনি সম্পৰ্কীয় সেৱাকে ধৰি স্বাস্থ্য সম্পৰ্কীয় ব্যক্তিগত তথ্যৰ গোপনীয়তা বজাই ৰখা সম্ভৱ হ’ব৷ তদুপৰি, ডিজিটেল স্বাস্থ্য মিচনৰ জৰিয়তে নাগৰিকসকলৰ সন্মতিৰ ভিত্তিত স্বাস্থ্য সম্পৰ্কীয় তথ্য জনা আৰু সেইবোৰ বিনিময় কৰিব পৰা যাব৷

প্রধানমন্ত্রী ডিজিটেল স্বাস্থ্য মিচনত প্রতিগৰাকী নাগৰিকৰ বাবে এক স্বাস্থ্য পৰিচয় পত্ৰ কার্ড প্ৰস্তুত কৰা হ’ব৷ প্রকৃতাৰ্থত এই কাৰ্ডে প্রত্যেক নাগৰিকৰ স্বাস্থ্য একাউণ্ট হিচাপে কাম কৰিব৷ তদুপৰি ব্যক্তিগত স্বাস্থ্য সম্পৰ্কীয় তথ্য মোবাইল এপ্লিকেশ্যনৰ সহায়ত লিংক কৰাৰ লগতে সেইটো চাব পাৰিব৷ এই মিচনত স্বাস্থ্য সেৱা বৃত্তিৰ পঞ্জীয়ন আৰু স্বাস্থ্য সুবিধা পঞ্জীয়ন থাকিব, যি আধুনিক আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সৈতে জড়িত সকলো স্বাস্থ্য সেৱাদাতাৰ তথ্য ভাণ্ডাৰ হিচাপে কাম কৰিব৷ এই নতুন ব্যৱস্থাৰ ফলত হাস্পতাল আৰু স্বাস্থ্য সেৱাদাতাসকলে সহজে সেৱা প্ৰদান কৰিব পাৰিব৷

ডিজিটেল স্বাস্থ্য মিচনৰ আন এক অংগ হৈছে চেণ্ড বক্স। এই পদ্ধতিৰ সহায়ত প্রযুক্তি আৰু সেৱাৰ গুণমান পৰীক্ষা কৰা সম্ভৱ হ’ব৷

ডিজিটেল স্বাস্থ্য মিচনে ডিজিটেল স্বাস্থ্য ব্যৱস্থাত পাৰস্পৰিক তথ্য লেনদেনৰ কাম কৰিব৷ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেছ(ইউপিআই) যেনেকৈ মাছুল প্রদান ব্যৱস্থাত বিপ্লৱ আনিছে, ডিজিটেল স্বাস্থ্য মিচনেও তেনেদৰে স্বাস্থ্য সেৱা ব্যৱস্থাত আমূল পৰিৱর্তন আনিব৷ ইয়াৰ ফলত সাধাৰণ জনতাই সহজে স্বাস্থ্য সেৱাৰ সুবিধা ল’ব পাৰিব৷

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi