অহা ২আগষ্ট ২০২১ৰ বিয়লি ৪.৩০বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যস্থাৰে এক ব্যক্তি আৰু উদ্দেশ্যবিশিষ্ট ‘ডিজিটেল পৰিশোধ সমাধান’ ‘ই-ৰুপি’-ৰ শুভাৰম্ভ ঘোষণা কৰিব।

ডিজিটেল পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে সদায়ে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। বিগত বছৰসমূহত চৰকাৰ আৰু হিতাধিকাৰীসকলৰ মাজত অন্যৰ হস্তক্ষেপ তেনেই সীমিত কৰাৰ জৰিয়তে হেৰ-ফেৰৰ আশংকা-শূণ্য কৰি লক্ষ্য-নিৰ্দিষ্ট হিতাধিকাৰীসকলক প্ৰদান কৰিব বিচৰা লাভ নিশ্চিত ৰূপত আদায় দিয়াৰ বাবে বহু সংখ্যক কাৰ্যক্ৰম গ্ৰহণ কৰি আহিছে। ‘ইলেক্ট্ৰনিক ভাউচাৰ’ৰ অৱধাৰণাই সু-শাসনৰ সপোনক আগুৱাই নিয়াত বিশেষ সহযোগিতা আগবঢ়াব।

ই-ৰুপিৰ বিষয়ে

‘ই-ৰুপি’ হৈছে নগদ আৰু স্পৰ্শ-শূণ্য এবিধ ‘ডিজিটেল পৰিশোধ আহিলা’। দৰাচলতে ই ‘কিউআৰ কোড’ অথবা ‘এছএমএছ’ বিশিষ্ট এবিধ ‘ই-ভাউচাৰ’, যাক মোবাইলৰ মাধ্যমেৰে হিতাধিকাৰীসকললৈ প্ৰেৰণ কৰা হ’ব। তেনেই সহজ এই এককালীন দেনা ব্যৱস্থা ব্যৱহাৰ কৰোতাসকলে ‘কাৰ্ড’, ‘ডিজিটেল পেমেণ্ট এপ্’ অথবা ‘ইণ্টাৰনেট বেংকিং’-ব্যৱস্থাত প্ৰৱেশ নকৰাকৈয়ে এই ‘ভাউচাৰ’ৰ ধনৰাশিৰ উপযোগ কৰিব পাৰিব। ‘নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অব ইণ্ডিয়া’ই ‘বিত্তীয় সেৱা বিভাগ’, ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়’ আৰু ‘ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’ৰ সহযোগত ইয়াৰ ‘ইউপিআই প্লেটফৰ্ম’ত এই আহিলা বিকশিত কৰি উলিয়াইছে।

‘ই-ৰুপি’-য়ে হিতাধিকাৰী আৰু সেৱা আগবঢ়াওতাৰ সৈতে সেৱাৰ পৃষ্ঠপোষকতাকৰোতাসকলক সোঁ-শৰীৰে সম্পৰ্কলৈ নহাকৈয়ে ‘ডিজিটেল’ মাধ্যমেৰে সংযোজিত কৰে। তদুপৰি ই সেৱা আগবঢ়াওতাক আদায় দিব লগা ধন লেন-দেন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচতহে সম্পন্ন হোৱাটো নিশ্চিত কৰে। ই মধ্যস্থতাকাৰীক জড়িত নকৰাকৈয়ে সেৱা আগবঢ়াওতালৈ দিবলগা ধন নিৰ্দ্ধাৰিত সময়ত আদায় দিয়াটোও নিশ্চিত কৰে।   

কল্যাণকামী সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত হেৰ-ফেৰৰ আশংকাশূণ্য প্ৰেৰক ব্যৱস্থা নিশ্চিত কৰাৰ দিশত ই এক বৈপ্লৱিক পদক্ষেপ হিচাপেই চিহ্নিত হ’ব বুলি আশা কৰা হৈছে। এই ব্যৱস্থাক ‘মাতৃ আৰু শিশু কল্যাণ আঁচনি’ৰ অধীনত ঔষধ আৰু পৰিপুষ্টি সহযোগিতা, ‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন ঔষধী যোজনা’ৰ অধীনত ‘যক্ষ্মা নিবাৰণ কাৰ্যক্ৰম’, ‘ঔষধ আৰু ৰোগ-বিশ্লেষণ’ তথা সাৰ আৰু ৰাসায়ণ আদিৰ ৰাজসাহায্য প্ৰদানৰ বেলিকাও ব্যৱহাৰ কৰিব পৰা যাব। আনকি, কৰ্মচাৰী কল্যাণ আৰু কৰ্পোৰেট সামাজিক দায়বদ্ধতা কাৰ্যক্ৰম আদিৰ দৰে ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ নিকায়সমূহেও এই ‘ডিজিটেল ভাউচাৰ’ৰ সহযোগিতা গ্ৰহণ কৰিব পাৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's defence production more than double in five years, hits record Rs 1.78 lakh crore

Media Coverage

India's defence production more than double in five years, hits record Rs 1.78 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the virtues of truth, service, learning and action
June 18, 2026

The Prime Minister, Shri Narendra Modi said that wealth follows truthfulness, fame follows selfless service, knowledge follows constant practice and wisdom follows action. He noted that these values play a vital role in shaping individual character and contributing to collective progress.

The Prime Minister shared a Sanskrit Subhashitam-

“सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।

अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी।।”

The Prime Minister wrote on X;