আঁচনিখনৰ লক্ষ্য হৈছে আত্মনিয়োগ আৰু জীৱিকাৰ সুযোগৰ জৰিয়তে মহিলাসকলক সবলীকৰণ কৰা
আঁচনিখনৰ অধীনত ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব
প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰত ৭৫ লাখ মহিলাক ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব
লগতে প্ৰতিগৰাকী মহিলাক ১০,০০০ টকাকৈ, অতিৰিক্ত আৰ্থিক সহায় হিচাবে পৰৱৰ্তী সময়ত ২ লাখ টকাকৈ আগবঢ়াব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ছেপ্টেম্বৰৰ  দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টত ১০,০০০ টকাকৈ মুঠ ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব ।

বিহাৰ চৰকাৰৰ উদ্যোগত মহিলাসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লগতে স্ব-নিয়োজন তথা  জীৱিকাৰ সুবিধা প্ৰদানৰ জৰিয়তে মহিলা সৱলীকৰণৰ প্ৰসাৰৰ লক্ষ্যৰে এই আঁচনিখন গ্ৰহণ কৰা হৈছে । ইয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব, যাৰ ফলত তেওঁলোকে নিজৰ পছন্দৰ কৰ্মসংস্থাপন বা জীৱিকাৰ সন্ধান কৰিব পাৰিব। ইয়াৰ ফলত মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতা আৰু সামাজিক সবলীকৰণৰ  বাট প্ৰশস্ত হ'ব।

এই আঁচনিৰ অধীনত প্ৰতিগৰাকী  হিতাধিকাৰীয়ে প্ৰাৰম্ভিক অনুদান হিচাবে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে লাভ কৰিব ১০,০০০ টকা। পৰৱৰ্তী পৰ্যায়ত ২ লাখ টকা পৰ্যন্ত অতিৰিক্ত আৰ্থিক সহায় লাভৰো  সম্ভাৱনা আছে। । কৃষি, পশুপালন, হস্তশিল্প, টেইলৰিং, বয়ন আৰু অন্যান্য ক্ষুদ্ৰ উদ্যোগকে ধৰি হিতাধিকাৰীৰ পছন্দৰ ক্ষেত্ৰত এই সাহায্য ব্যৱহাৰ কৰিব পাৰিব।

 

আঁচনিখন সামাজিকভাবে  পৰিচালিত হ’ব,  য’ত আৰ্থিক সহায়ৰ লগতে আত্মসহায়ক গোটৰ সৈতে জড়িত সমল ব্যক্তিসকলে তেওঁলোকৰ প্ৰচেষ্টাক সহায় কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিব। তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ৰাজ্যত গ্ৰামীণ  হাট-বজাৰসমূহ অধিক উন্নত কৰা হ’ব।

 

মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ আৰম্ভণিতে ৰাজ্যখনৰ একাধিক প্ৰশাসনিক পৰ্যায়ত —জিলা, ব্লক, ক্লাষ্টাৰ আৰু গাঁৱত—ৰাজ্যজোৰা কাৰ্যসূচী অনুষ্ঠিত হ’ব আৰু ১ কোটিৰো অধিক মহিলাই এই কাৰ্যসূচীৰ সাক্ষী হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sold-out hotels, packed flights: How India is becoming a global concert destination

Media Coverage

Sold-out hotels, packed flights: How India is becoming a global concert destination
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
On the Statehood Day of Manipur, Meghalaya & Tripura, PM Modi shares a Sanskrit verse highlighting continuous effort and progress
January 21, 2026

The Prime Minister, Shri Narendra Modi today extended his warm greetings to the people of Manipur, Meghalaya and Tripura as the three North Eastern states celebrate their Statehood Day.

The Prime Minister conveyed his heartfelt wishes to all brothers and sisters of the region and expressed hope that, through their own efforts, they achieve success in every sphere of life.

On the occasion, the Prime Minister also shared a Sanskrit Subhashitam highlighting the spirit of continuous effort and progress.

The Sanskrit verse-
“चरैवेति चरैवेति चरन्वै मधु विन्दति।
सूर्यास्य पश्य श्रेमाणं न मामार न जीर्यति॥” conveys that one must keep moving and keep advancing, as only a consistently diligent person can taste the sweetness of progress, just as the sun tirelessly and endlessly illuminates the world with its energy.

Shri Modi posted on X;

“आज नॉर्थ ईस्ट के तीन राज्य मणिपुर, मेघालय और त्रिपुरा अपना स्थापना दिवस मना रहे हैं। इस अवसर पर यहां के अपने सभी भाई-बहनों को मेरी बहुत-बहुत शुभकामनाएं। अपने प्रयासों से जीवन के हर क्षेत्र में उन्हें सफलता मिले, यही कामना है।

चरैवेति चरैवेति चरन्वै मधु विन्दति।

सूर्यास्य पश्य श्रेमाणं न मामार न जीर्यति॥”