আঁচনিখনৰ লক্ষ্য হৈছে আত্মনিয়োগ আৰু জীৱিকাৰ সুযোগৰ জৰিয়তে মহিলাসকলক সবলীকৰণ কৰা
আঁচনিখনৰ অধীনত ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব
প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰত ৭৫ লাখ মহিলাক ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব
লগতে প্ৰতিগৰাকী মহিলাক ১০,০০০ টকাকৈ, অতিৰিক্ত আৰ্থিক সহায় হিচাবে পৰৱৰ্তী সময়ত ২ লাখ টকাকৈ আগবঢ়াব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ছেপ্টেম্বৰৰ  দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টত ১০,০০০ টকাকৈ মুঠ ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব ।

বিহাৰ চৰকাৰৰ উদ্যোগত মহিলাসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লগতে স্ব-নিয়োজন তথা  জীৱিকাৰ সুবিধা প্ৰদানৰ জৰিয়তে মহিলা সৱলীকৰণৰ প্ৰসাৰৰ লক্ষ্যৰে এই আঁচনিখন গ্ৰহণ কৰা হৈছে । ইয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব, যাৰ ফলত তেওঁলোকে নিজৰ পছন্দৰ কৰ্মসংস্থাপন বা জীৱিকাৰ সন্ধান কৰিব পাৰিব। ইয়াৰ ফলত মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতা আৰু সামাজিক সবলীকৰণৰ  বাট প্ৰশস্ত হ'ব।

এই আঁচনিৰ অধীনত প্ৰতিগৰাকী  হিতাধিকাৰীয়ে প্ৰাৰম্ভিক অনুদান হিচাবে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে লাভ কৰিব ১০,০০০ টকা। পৰৱৰ্তী পৰ্যায়ত ২ লাখ টকা পৰ্যন্ত অতিৰিক্ত আৰ্থিক সহায় লাভৰো  সম্ভাৱনা আছে। । কৃষি, পশুপালন, হস্তশিল্প, টেইলৰিং, বয়ন আৰু অন্যান্য ক্ষুদ্ৰ উদ্যোগকে ধৰি হিতাধিকাৰীৰ পছন্দৰ ক্ষেত্ৰত এই সাহায্য ব্যৱহাৰ কৰিব পাৰিব।

 

আঁচনিখন সামাজিকভাবে  পৰিচালিত হ’ব,  য’ত আৰ্থিক সহায়ৰ লগতে আত্মসহায়ক গোটৰ সৈতে জড়িত সমল ব্যক্তিসকলে তেওঁলোকৰ প্ৰচেষ্টাক সহায় কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিব। তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ৰাজ্যত গ্ৰামীণ  হাট-বজাৰসমূহ অধিক উন্নত কৰা হ’ব।

 

মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ আৰম্ভণিতে ৰাজ্যখনৰ একাধিক প্ৰশাসনিক পৰ্যায়ত —জিলা, ব্লক, ক্লাষ্টাৰ আৰু গাঁৱত—ৰাজ্যজোৰা কাৰ্যসূচী অনুষ্ঠিত হ’ব আৰু ১ কোটিৰো অধিক মহিলাই এই কাৰ্যসূচীৰ সাক্ষী হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Women’s employment rate rises to 39% in 2025 from 22% in 2017: Mansukh Mandaviya

Media Coverage

Women’s employment rate rises to 39% in 2025 from 22% in 2017: Mansukh Mandaviya
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the true resolve of a representative
April 29, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting the true resolve of a representative.

The Prime Minister remarked that as vigilant citizens of the country, it is our duty to ensure record voting to make democracy even stronger.

The Prime Minister wrote on X:

"देश के एक सजग नागरिक के रूप में हमारा कर्तव्य है कि हम लोकतंत्र को और अधिक सशक्त बनाने के लिए रिकॉर्ड मतदान सुनिश्चित करें। इस तरह हम न केवल भारतवर्ष के नवनिर्माण में अपनी सक्रिय भागीदारी निभा सकते हैं, बल्कि एक समर्थ और समृद्ध राष्ट्र की नींव को और मजबूत कर सकते हैं।

राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम्।

दक्षिणा वृत्तिसाम्यं च दीक्षितस्याभिषेचनम्॥"

From the perspective of the welfare of the people, continuously uplifting them, faithfully performing duties as a sacred responsibility, ensuring fair judgment, giving generously, treating everyone with equality, and keeping oneself pure, disciplined and dedicated with a consecrated spirit, this is the true resolve of a representative.