প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জুলাই, ২০২২ তাৰিখে পুৱা ১০ বজাত কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বাৰ্তালাপ কৰিব। বাৰ্তালাপটোত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকো অন্তৰ্ভুক্ত থাকিব।

প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ মুখ্য ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আগতে খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ এটা অংশ। যোৱা বছৰ প্ৰধানমন্ত্ৰীয়ে টকিঅ' ২০২০ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলৰ লগতে টকিঅ' ২০২০ পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় পেৰা-এথলীটৰ দলৰ সৈতে বাৰ্তালাপ কৰিছিল।

আনকি ক্ৰীড়া প্ৰতিযোগিতাৰ সময়তো প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ প্ৰগতিৰ প্ৰতি গভীৰ আগ্ৰহ দেখে। কেইবাবাৰো তেওঁ খেলুৱৈসকলক ব্যক্তিগতভাৱে ফোন কৰে আৰু তেওঁলোকৰ সফলতা আৰু আন্তৰিক প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায় আৰু তেওঁলোকক উন্নত প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰে। তদুপৰি, ভাৰতীয় দলটো দেশলৈ উভতি অহাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপ কৰে।

কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ অনুষ্ঠিত হ’ব ২৮ জুলাই, ২০২২ ৰ পৰা ০৮ আগষ্ট, ২০২২ লৈ। এই প্ৰতিযোগিতা বাৰ্মিংহামত অনুষ্ঠিত হ'ব। ১৯ বিধ ক্ৰীড়াৰ ১৪১ টা ইভেণ্টত কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ত মুঠ ২১৫ জন খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi