প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ অক্টোবৰ, ২০২১ ৰ সন্ধিয়া ৬ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈশ্বিক তেল আৰু গেছ খণ্ডৰ চিইঅ’ আৰু বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰিব। এয়া ২০১৬ ত আৰম্ভ হোৱা এনে ধৰণৰ ষষ্ঠ বাৰ্ষিক মত-বিনিময় আৰু তেল আৰু গেছ খণ্ডটোৰ বৈশ্বিক নেতৃত্বই ইয়াত অংশগ্ৰহণ কৰে, যিয়ে খণ্ডটোৰ গুৰুত্বপূৰ্ণ প্ৰসংগৰাজিৰ ওপৰত আলোচনা আৰু ভাৰতৰ সৈতে সহযোগিতা আৰু বিনিয়োগৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ অন্বেষণ কৰে।

আগন্তুক মত-বিনিময়ৰ বিস্তৃত বিষয় হৈছে স্বচ্ছ বিকাশ আৰু বহনক্ষমতাক প্ৰোৎসাহন। এই মত-বিনিময়ত ভাৰতত হাইড্ৰ'কাৰ্বন খণ্ডত অন্বেষণ আৰু উৎপাদনত উদগনি যোগোৱা, শক্তিৰ স্বাধীনতা, গেছ নিৰ্ভৰ অৰ্থনীতি, স্বচ্ছ আৰু শক্তি দক্ষ সমাধানৰ জৰিয়তে নিৰ্গমন হ্ৰাস, সেউজ হাইড্ৰজেন অৰ্থনীতি, জৈৱ ইন্ধনৰ উৎপাদন বৰ্ধন আৰু আৱৰ্জনাৰপৰা সম্পদ সৃষ্টিৰ দৰে ক্ষেত্ৰসমূহত গুৰুত্ব প্ৰদান কৰা হ'ব। আগশাৰীৰ বহুজাতিক নিগম আৰু শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ চিইঅ’ আৰু বিশেষজ্ঞসকলে এই ধাৰণা বিনিময়ত অংশগ্ৰহণ কৰিব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut

Media Coverage

Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi