মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
অহা তিনিটা বছৰত মহিলা ‘এছএইচজি’সসমূহক ১৫,০০০ ড্ৰোন প্ৰদান কৰা হ'ব
‘এইমছ দেওঘৰ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ নৱেম্বৰৰ পুৱা ১১ বজাত ‘ভিডিঅ' কনফাৰেন্স’-ৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। এই আঁচনিসমূহৰ লাভ সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰা হৈছে।
স্বাস্থ্যসেৱা সুলভ আৰু সহজে উপলব্ধ কৰাটো হৈছে এক স্বাস্থ্যৱান ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰশিলা। এই দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সুলভ মূল্যত ঔষধ উপলব্ধ কৰাৰ বাবে ‘জন ঔষধী কেন্দ্ৰ’ স্থাপন কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টো উচৰ্গা কৰিব। তদুপৰি, দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে।

মহিলাৰ নেতৃত্বত উন্নয়ন নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’-ৰ শুভাৰম্ভ কৰিব। ই মহিলা ‘আত্ম-সহায়ক গোট’সমূহক ড্ৰোন প্ৰদান কৰিব, যাতে এই প্ৰযুক্তিটো তেওঁলোকে জীৱিকা নিৰ্বাহৰ সহায়ক হ’ব পৰাকৈ ব্যৱহাৰ কৰিব পাৰে। অহা তিনিটা বছৰৰ ভিতৰত মহিলা ‘আত্মসহায়ক গোট’সমূহক ১৫,০০০ ড্ৰোন প্ৰদান কৰা হ'ব। মহিলাসকলক ড্ৰোন উৰুওৱা আৰু ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই পদক্ষেপে কৃষিক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহিত কৰিব।

স্বাস্থ্যসেৱা সুলভ আৰু সহজে উপলব্ধ কৰাটো হৈছে এক স্বাস্থ্যৱান ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰশিলা। এই দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সুলভ মূল্যত ঔষধ উপলব্ধ কৰাৰ বাবে ‘জন ঔষধী কেন্দ্ৰ’ স্থাপন কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টো উচৰ্গা কৰিব। তদুপৰি, দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে।

মহিলা ‘এছএইচজি’সমূহক ড্ৰোন প্ৰদান আৰু ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা এই দুয়োটা পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ঘোষণা কৰিছিল। কাৰ্যসূচীটোৱে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাটোকে চিহ্নিত কৰে।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PM's Vision Turns Into Reality As Unused Urban Space Becomes Sports Hubs In Ahmedabad

Media Coverage

PM's Vision Turns Into Reality As Unused Urban Space Becomes Sports Hubs In Ahmedabad
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates all the Padma awardees of 2025
January 25, 2025

The Prime Minister Shri Narendra Modi today congratulated all the Padma awardees of 2025. He remarked that each awardee was synonymous with hardwork, passion and innovation, which has positively impacted countless lives.

In a post on X, he wrote:

“Congratulations to all the Padma awardees! India is proud to honour and celebrate their extraordinary achievements. Their dedication and perseverance are truly motivating. Each awardee is synonymous with hardwork, passion and innovation, which has positively impacted countless lives. They teach us the value of striving for excellence and serving society selflessly.

https://www.padmaawards.gov.in/Document/pdf/notifications/PadmaAwards/2025.pdf