মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
অহা তিনিটা বছৰত মহিলা ‘এছএইচজি’সসমূহক ১৫,০০০ ড্ৰোন প্ৰদান কৰা হ'ব
‘এইমছ দেওঘৰ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ নৱেম্বৰৰ পুৱা ১১ বজাত ‘ভিডিঅ' কনফাৰেন্স’-ৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। এই আঁচনিসমূহৰ লাভ সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰা হৈছে।
স্বাস্থ্যসেৱা সুলভ আৰু সহজে উপলব্ধ কৰাটো হৈছে এক স্বাস্থ্যৱান ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰশিলা। এই দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সুলভ মূল্যত ঔষধ উপলব্ধ কৰাৰ বাবে ‘জন ঔষধী কেন্দ্ৰ’ স্থাপন কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টো উচৰ্গা কৰিব। তদুপৰি, দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে।

মহিলাৰ নেতৃত্বত উন্নয়ন নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’-ৰ শুভাৰম্ভ কৰিব। ই মহিলা ‘আত্ম-সহায়ক গোট’সমূহক ড্ৰোন প্ৰদান কৰিব, যাতে এই প্ৰযুক্তিটো তেওঁলোকে জীৱিকা নিৰ্বাহৰ সহায়ক হ’ব পৰাকৈ ব্যৱহাৰ কৰিব পাৰে। অহা তিনিটা বছৰৰ ভিতৰত মহিলা ‘আত্মসহায়ক গোট’সমূহক ১৫,০০০ ড্ৰোন প্ৰদান কৰা হ'ব। মহিলাসকলক ড্ৰোন উৰুওৱা আৰু ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই পদক্ষেপে কৃষিক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহিত কৰিব।

স্বাস্থ্যসেৱা সুলভ আৰু সহজে উপলব্ধ কৰাটো হৈছে এক স্বাস্থ্যৱান ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰশিলা। এই দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সুলভ মূল্যত ঔষধ উপলব্ধ কৰাৰ বাবে ‘জন ঔষধী কেন্দ্ৰ’ স্থাপন কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টো উচৰ্গা কৰিব। তদুপৰি, দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে।

মহিলা ‘এছএইচজি’সমূহক ড্ৰোন প্ৰদান আৰু ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা এই দুয়োটা পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ঘোষণা কৰিছিল। কাৰ্যসূচীটোৱে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাটোকে চিহ্নিত কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up

Media Coverage

Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 আগষ্ট 2026
August 24, 2026

Beyond Announcements: Real Milestones Proving India’s Rise Across Defence, Tech & Economy Under the Leadership of PM Modi