উক্ত অনুষ্ঠানত সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে যোগদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ১৮ জানুৱাৰী, ২০২৪ তাৰিখে দুপৰীয়া ১২:৩০ বজাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা লোকসকলক সম্বোধন কৰিব।

সমগ্ৰ দেশৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰিব।

২০২৩ চনৰ ১৫ নৱেম্বৰত আৰম্ভ হোৱাৰ পৰা প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে নিয়মীয়াকৈ বাৰ্তালাপ কৰি আহিছে।  ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পাঁচবাৰ বাৰ বাৰ্তালাপ হৈছে (৩০নৱেম্বৰ, ৯ডিচেম্বৰ ১৬ডিচেম্বৰ, ২৭ডিচেম্বৰ আৰু ৪জানুৱাৰী, ২০২৪)। লগতে, প্ৰধানমন্ত্ৰীয়ে যোৱা মাহত বাৰাণসী ভ্ৰমণৰ সময়ত একেৰাহে দুদিন (১৭-১৮ ডিচেম্বৰ) বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মুখামুখিকৈ বাৰ্তালাপত মিলিত হয়।

সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ কৰা হৈছে। ইয়াৰ লক্ষ্য চৰকাৰৰ প্ৰধান আঁচনিসমূহৰ পৰিপূৰ্ণতা প্ৰাপ্তি, যাতে এইটো সুনিশ্চিত কৰিব পৰা যায় যে এই আঁচনিসমূহৰ লাভালাভ সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীয়ে পাব পাৰে।

বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণকাৰীৰ সংখ্যা ১৫ কোটি অতিক্ৰম কৰিছে। ই তৃণমূল স্তৰত গভীৰ প্ৰভাৱ সৃষ্টি কৰাত যাত্ৰাৰ সফলতাৰ প্ৰমাণ, যি সমগ্ৰ দেশৰ লোকসকলক বিকশিত ভাৰতৰ এক অংশীদাৰী দৃষ্টিভংগীৰ প্ৰতি একত্ৰিত কৰি আছে।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-KISAN crosses ₹4.27 lakh crore disbursal, over 9.35 crore farmers benefit

Media Coverage

PM-KISAN crosses ₹4.27 lakh crore disbursal, over 9.35 crore farmers benefit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মাৰ্চ 2026
March 25, 2026

PM Modi’s Blueprint for a Stronger India: Empowerment, Infrastructure & Economic Resilience in Action