প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ মাৰ্চ ২০২০ তাৰিখে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে জন ঔষধি দিৱস উদযাপনত অংশগ্ৰহণ কৰিব৷ শ্ৰী মোদীয়ে সাতটা প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰৰ সৈতে বাৰ্তালাপ কৰিব৷ আঁচনিটোৰ সাফল্য উদযাপিত কৰিবলৈ তথা পৰৱৰ্তী কাৰ্যাৱলী প্ৰস্তুতিৰ বাবে ৭ মাৰ্চ দিনটোক ‘জন ঔষধি দিৱস’ হিচাপে সমগ্ৰ ভাৰততে পালন কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে সেইদিনা নিৰ্বাচিত বিপণীসমূহৰ স্বত্বাধিকাৰী তথা হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব৷ প্ৰতিটো জন ঔষধি বিপণীয়ে দূৰদৰ্শনযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তা সম্প্ৰচাৰ কৰিব৷ নিৰ্বাচিত বিপণীসমূহত এই ঔষধসমূহৰ বিষয়ে চিকিৎসক, সংবাদ মাধ্যমৰ ব্যক্তি, ফাৰ্মাচিষ্ট তথা হিতাধিকাৰীসকলৰ সৈতে আলোচনা কৰা হ’ব৷

কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰত অংশগ্ৰহণ কৰিব৷ আনহাতে কেন্দ্ৰীয় ৰাজ্যিক জাহাজ পৰিবহণ আৰু কেন্দ্ৰীয় ৰাজ্যিক ৰাসায়নিক আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী মনসুখ লক্ষ্ণণভাই মাণ্ডৱ্যই জম্মু আৰু কাশ্মীৰৰ পুলৱামাত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰত অংশগ্ৰহণ কৰিব৷

৭০০খন জিলাত প্ৰায় ৬২০০ বিপণীৰ সৈতে জন ঔষধি কেন্দ্ৰসমূহ বিশ্বৰ ভিতৰতে বৃহৎ খুচুৰা ফাৰ্মা শৃংখল হিচাপে বিবেচনা কৰা হয়৷ ২০১৯-২০ বিত্তীয় বৰ্ষত ৩৯০ কোটি টকাতকৈও অধিক পৰিমাণৰ ঔষধ বিক্ৰী হৈছিল আৰু সাধাৰণ জনতাৰ প্ৰায় ২২০০ কোটি টকা ৰাহি হৈছিল৷ এই আঁচনিয়ে স্ব-নিয়োজনৰ সৈতে বহনক্ষম তথা নিয়মীয়া উপাৰ্জনৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰিছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sweden backs India's permanent UNSC seat, sees defence manufacturing as next big chapter in bilateral ties

Media Coverage

Sweden backs India's permanent UNSC seat, sees defence manufacturing as next big chapter in bilateral ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi