প্ৰধানমন্ত্ৰীয়ে এক লাখতকৈয়ো অধিক ‘এছএইচজি’ সদস্যৰ বাবে ‘বীজ মূলধনী সাহায্য’ বিতৰণ কৰিব
‘ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩’ কাৰ্যক্ৰমৰ সময়ত ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উদ্ভাৱন আৰু সামৰ্থ্য প্ৰদৰ্শন কৰা হ'ব
খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠানসমূহৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’সহ ৮০ খনতকৈয়ো অধিক দেশৰ অংশগ্ৰহণকাৰীসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব
মুখ্য আকৰ্ষণ: ‘ফুড ষ্ট্ৰীট’ৰ জৰিয়তে পৰম্পৰাগত ভাৰতীয় ৰন্ধনপ্ৰণালীসমূহৰ এক অনন্য অভিজ্ঞতাৰ পৰিৱেশন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰৰ পুৱা ১০ বজাত নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ৰ ‘ভাৰত মণ্ডপম’ত বিশাল খাদ্য মেলা কাৰ্যক্ৰম  'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩'ৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰিব।

‘আত্ম-সহায়ক গোট’(এছএইচজি)সমূহক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে এক লাখতকৈয়ো অধিক ‘এছএইচজি’ সদস্যৰ বাবে ‘প্ৰাৰম্ভিক মূলধনী সাহায্য’ বিতৰণ কৰিব। এই সহযোগিতাই উন্নত পেকেজিং আৰু মানক নিৰ্মাণৰ জৰিয়তে বজাৰত এছএইচজিসমূহক উন্নত মূল্য আহৰণ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩’ৰ অংশ হিচাপে ‘ফুড ষ্ট্ৰীট’-ও উদ্বোধন কৰিব। ইয়াত আঞ্চলিক ৰন্ধনপ্ৰণালী আৰু ৰাজকীয় ৰন্ধন ঐতিহ্যসমূহৰ প্ৰদৰ্শন কৰা হ'ব, য'ত ২০০ৰো অধিক ৰান্ধনীয়ে অংশগ্ৰহণ কৰিব আৰু পৰম্পৰাগত ভাৰতীয় ৰন্ধনপ্ৰণালীসমূহ উপস্থাপন কৰিব, ইয়াৰ ফলত দৰ্শনাৰ্থীসকলে এক অনন্য ৰন্ধন অভিজ্ঞতা লাভ কৰিব পাৰিব।

অনুষ্ঠানটোৰ লক্ষ্য হৈছে ভাৰতক 'বিশ্বৰ খাদ্যৰ কৰণি' হিচাপে প্ৰদৰ্শন কৰা আৰু ২০২৩ক ‘আন্তৰ্জাতিক বাজ্ৰা বৰ্ষ’ হিচাপে উদযাপন কৰা। ই চৰকাৰী সংস্থা, উদ্যোগ পেছাদাৰ, কৃষক, উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক আলোচনাত লিপ্ত হ'বলৈ, অংশীদাৰিত্ব স্থাপন কৰিবলৈ আৰু কৃষি-খাদ্য খণ্ডত বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ এক ‘নেটৱৰ্কিং আৰু ব্যৱসায়িক মঞ্চ’ প্ৰদান কৰিব। বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য প্ৰসংগত গুৰুত্ব দি ‘মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেল’ অনুষ্ঠিত হ'ব।

 

ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উদ্ভাৱন আৰু সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ বিভিন্ন ‘পেভিলিয়ন’ স্থাপন কৰা হ'ব। অনুষ্ঠানটোত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰি ৪৮খন অধিৱেশন অনুষ্ঠিত হ'ব, য'ত যন্ত্ৰপাতি আৰু প্ৰযুক্তিবিদ্যাত বিত্তীয় সৱলীকৰণ, মানক নিশ্চিতি আৰু উদ্ভাৱন প্ৰদৰ্শনত গুৰুত্ব আৰোপ কৰা হ'ব।

অনুষ্ঠানটোত বিশিষ্ট খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰতিষ্ঠানৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’সহ ৮০ খনতকৈয়ো অধিক দেশৰ অংশগ্ৰহণকাৰীসকলক আতিথ্য প্ৰদানৰ বাবে সাজু হৈছে। ইয়াত ৮০ খনতকৈয়ো অধিক দেশৰ ১২০০ৰো অধিক বিদেশী ক্ৰেতাৰ সৈতে এক ‘বিপৰীত ক্ৰেতা-বিক্ৰেতা সন্মিলন’ অনুষ্ঠিত কৰা হ'ব। নেডাৰলেণ্ডে অংশীদাৰ দেশ হিচাপে সহযোগিতা আগবঢ়াব, আনহাতে জাপান হ'ব অনুষ্ঠানটোৰ কেন্দ্ৰীয় গুৰুত্বৰ দেশ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways plans four-laning of 11,000-km high-density network to boost train capacity

Media Coverage

Indian Railways plans four-laning of 11,000-km high-density network to boost train capacity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi