প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ আগষ্ট, ২০২৫ তাৰিখে দিনৰ প্ৰায় ১২:৩০ বজাত দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত সভাতো ভাষণ আগবঢ়াব।
প্ৰকল্পসমূহ — দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশ আৰু আৰ্বান এক্সটেনচন ৰোড-২ (ইউইআৰ-২) — ৰাজধানীখনক ভিৰমুক্ত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা বিস্তৃত পৰিকল্পনাৰ অধীনত এয়া নিৰ্মাণ কৰা হৈছে, যাৰ লক্ষ্য হৈছে সংযোগক বহু পৰিমাণে উন্নত কৰা, যাত্ৰাৰ সময় হ্ৰাস কৰা আৰু দিল্লী তথা ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ যান-বাহনৰ সংখ্যা হ্ৰাস কৰা। এই পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টিৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে, যিয়ে জীৱন-যাপনৰ ক্ষেত্ৰত সহজতা বৃদ্ধি কৰিব আৰু নিৰৱচ্ছিন্ন গতিশীলতা নিশ্চিত কৰিব ।
১০.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশটো প্ৰায় ৫,৩৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। । এই শাখাটোৱে যশোভূমী, ডি এম আৰ চি ব্লু লাইন আৰু অৰেঞ্জ লাইন, আগন্তুক বিজৱাসন ৰে'লৱে ষ্টেচন তথা দ্বাৰকা ক্লাষ্টাৰ বাছ ডিপোলৈও বহুমুখী সংযোগ প্ৰদান কৰিব। এই খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে:
• পেকেজ I: শিৱ মূৰ্তি ছেক্সনৰ পৰা দ্বাৰকা ছেক্টৰ-২১ৰ ৰোড আণ্ডাৰ ব্ৰীজ (RUB)লৈকে ৫.৯ কিলোমিটাৰ।
• পেকেজ II: ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বাৰকা ছেক্টৰ-২১ আৰইউবিৰ পৰা দিল্লী-হাৰিয়ানা সীমান্তলৈ , নগৰ সম্প্ৰসাৰণ পথ-IIৰ সৈতে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা এক্সপ্ৰেছৱেৰ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰিয়ানা অংশ উদ্বোধন কৰিছিল ।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫,৫৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত নগৰ সম্প্ৰসাৰণ পথ-II (ইউইআৰ-II)ৰ আলিপুৰৰ পৰা দিচাওন কলন ষ্ট্ৰেচৰ লগতে বাহাদুৰগড় আৰু শোণিপাটৰ নতুন সংযোগ উদ্বোধন কৰিব। । ইয়াৰ জৰিয়তে দিল্লীৰ অন্তৰ্ভাগ আৰু বাহিৰৰ ৰিং ৰোড তথা মুকাৰবা চক, ধৌলা কুৱান আৰু ০৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে ব্যস্ত স্থানত যান-বাহনৰ সংখ্যা হ্ৰাস কৰিব । নতুন প্ৰকল্পসমূহে বাহাদুৰগড় আৰু শোণিপাটলৈ পোনপটীয়া প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব, উদ্যোগিক সংযোগ উন্নত কৰিব, চহৰৰ যান-বাহনৰ ভিৰ হ্ৰাস কৰিব, এনচিআৰত সামগ্ৰীৰ পৰিবহন ক্ষিপ্ৰ কৰি তুলিব।


