দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
এনচিআৰত আৰ্বান এক্সটেনচন ৰোড-২ প্ৰকল্পও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰকল্পসমূহে মাল্টি-ম’ডাল সংযোগ প্ৰদান কৰাৰ লগতে দিল্লীক ভিৰমুক্ত কৰাত সহায় কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ আগষ্ট, ২০২৫ তাৰিখে দিনৰ প্ৰায় ১২:৩০ বজাত দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা  দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত সভাতো ভাষণ আগবঢ়াব।

প্ৰকল্পসমূহ — দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশ আৰু আৰ্বান এক্সটেনচন ৰোড-২ (ইউইআৰ-২) — ৰাজধানীখনক ভিৰমুক্ত কৰিবলৈ  চৰকাৰে গ্ৰহণ কৰা  বিস্তৃত পৰিকল্পনাৰ অধীনত এয়া নিৰ্মাণ কৰা হৈছে, যাৰ লক্ষ্য হৈছে সংযোগক বহু পৰিমাণে উন্নত কৰা, যাত্ৰাৰ সময় হ্ৰাস কৰা  আৰু দিল্লী  তথা ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ যান-বাহনৰ সংখ্যা হ্ৰাস কৰা। এই পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টিৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে,  যিয়ে জীৱন-যাপনৰ ক্ষেত্ৰত সহজতা বৃদ্ধি কৰিব  আৰু নিৰৱচ্ছিন্ন গতিশীলতা নিশ্চিত কৰিব ।

১০.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বাৰকা এক্সপ্ৰেছৱেৰ  দিল্লী অংশটো প্ৰায় ৫,৩৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। । এই শাখাটোৱে যশোভূমী, ডি এম আৰ চি ব্লু লাইন আৰু অৰেঞ্জ লাইন, আগন্তুক বিজৱাসন ৰে'লৱে ষ্টেচন তথা দ্বাৰকা ক্লাষ্টাৰ বাছ ডিপোলৈও বহুমুখী সংযোগ প্ৰদান কৰিব। এই খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে:

• পেকেজ I: শিৱ মূৰ্তি ছেক্সনৰ পৰা দ্বাৰকা ছেক্টৰ-২১ৰ ৰোড আণ্ডাৰ ব্ৰীজ (RUB)লৈকে ৫.৯ কিলোমিটাৰ।

• পেকেজ II:  ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বাৰকা ছেক্টৰ-২১ আৰইউবিৰ পৰা দিল্লী-হাৰিয়ানা সীমান্তলৈ , নগৰ সম্প্ৰসাৰণ পথ-IIৰ সৈতে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা এক্সপ্ৰেছৱেৰ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰিয়ানা অংশ উদ্বোধন কৰিছিল ।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫,৫৮০ কোটি টকা  ব্যয় সাপেক্ষে নিৰ্মিত নগৰ সম্প্ৰসাৰণ পথ-II (ইউইআৰ-II)ৰ আলিপুৰৰ পৰা দিচাওন কলন ষ্ট্ৰেচৰ লগতে বাহাদুৰগড় আৰু শোণিপাটৰ নতুন সংযোগ  উদ্বোধন কৰিব। । ইয়াৰ জৰিয়তে দিল্লীৰ অন্তৰ্ভাগ আৰু বাহিৰৰ ৰিং ৰোড তথা মুকাৰবা চক, ধৌলা কুৱান আৰু ০৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে ব্যস্ত স্থানত যান-বাহনৰ সংখ্যা হ্ৰাস কৰিব । নতুন প্ৰকল্পসমূহে বাহাদুৰগড় আৰু শোণিপাটলৈ পোনপটীয়া প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব, উদ্যোগিক সংযোগ উন্নত কৰিব, চহৰৰ যান-বাহনৰ ভিৰ  হ্ৰাস কৰিব, এনচিআৰত সামগ্ৰীৰ পৰিবহন  ক্ষিপ্ৰ  কৰি তুলিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026