সন্মিলনত ‘লাইফ’, জলবায়ু পৰিৱৰ্তন, প্লাষ্টিক-আৱৰ্জনাৰে মোকাবিলা কৰা, বন্যপ্ৰাণী তথা বন-প্ৰবন্ধন আদি প্ৰসংগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ কাম-কাজৰ মাজত অধিক সমন্বয় সৃষ্টিৰ প্ৰয়াস কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৩ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ১০.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে দেশৰ ৰাজ্যসমূহৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। এই উপলক্ষে সমবেত হোৱা সমজুৱাক সম্বোধি তেওঁ ভাষণো প্ৰদান কৰিব।

সমবায়মূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ লক্ষ্যৰে সন্মিলনখনত ‘লাইফ’-‘লাইফষ্টাইল ফৰ এনভাৰ্ণমেণ্ট’, জলবায়ু পৰিৱৰ্তন, প্লাষ্টিক-আৱৰ্জনাৰে মোকাবিলা কৰা, বন্যপ্ৰাণী তথা বন-প্ৰবন্ধন আদি প্ৰসংগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ কাম-কাজৰ মাজত অধিক সমন্বয় সৃষ্টিৰ প্ৰয়াস কৰা হ’ব। এই সন্মিলনত গুণগত মান অৱনত হোৱা মাটিৰ উৰ্বৰা পুনৰুদ্ধাৰৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ত বিশেষ গুৰুত্ব প্ৰদানৰে বনানীকৰণৰ পৰিসৰ বৃদ্ধিৰ প্ৰসংগও আলোচনা কৰা হ’ব।

২৩ আৰু ২৪ ছেপ্টেম্বৰত দুদিনীয়াকৈ আয়োজিত সন্মিলনখনত ‘লাইফ’, জলবায়ু পৰিৱৰ্তন(কাৰ্বন নিৰ্গমণৰ হাৰ প্ৰশমিতকৰণ আৰু জলবায়ু প্ৰভাৱৰে অভিয়োজনৰ বাবে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাজ্যৰ কৰ্ম-পৰিকল্পনাসমূহৰ শেহতীয়াকৰণ), পৰিৱেশ(সংহত ‘গ্ৰীণ-ক্লীয়াৰেন্স’ৰ বাবে ‘ছিংগল উইণ্ড’ ব্যৱস্থা), বন-প্ৰবন্ধন, প্ৰদূষণৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, বন্যপ্ৰাণী প্ৰবন্ধন, প্লাষ্টিক আৰু আৱৰ্জনা প্ৰবন্ধন আদি প্ৰসংগত ছখন অধিৱেশন অনুষ্ঠিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth