প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ নৱেম্বৰৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সাংসদসকলৰ বাবে নিৰ্মিত বহুমহলীয়া ফ্লেট উদ্বোধন কৰিব। লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা এই অনুষ্ঠানত উপস্থিত থাকিব।

 

নতুন দিল্লীৰ ডঃ বি ডি মাৰ্গত এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ৮০ বছৰ পুৰণি ৮টা বঙলাক পুনঃনিৰ্মাণ কৰি ৭৬টা ফ্লেট নিৰ্মাণ কৰা হৈছে। এই নিৰ্মাণ কাৰ্যৰ বাবে নিৰ্ধাৰিত মুঠ ধনৰ ১৪শতাংশ কম খৰচ হৈছে আৰু কভিড-১৯ মহামাৰীৰ প্ৰভাৱ সত্ত্বেও বহু কম সময়তে এই কাৰ্য সম্পূৰ্ণ হৈছে।

 

এই আৱাসসমূহ নিৰ্মাণৰ সময়ত বিভিন্নধৰণৰ পৰিৱেশ অনুকুল উদ্যোগ গ্ৰহণ কৰা হৈছে। ফ্লাই ছাইৰ পৰা তৈয়াৰী ইটাৰে এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। পুৰণি ভৱন ভাঙি তাৰ বৰ্জ্য পদাৰ্থসমূহ পুনৰ ব্যৱহাৰ কৰা হৈছে। থাৰ্মেল ইনচুলেশ্যনৰ বাবে ডাবল লেজযুক্ত খিৰিকী লগোৱা হৈছে। ফ্লেটসমূহত বিদ্যুত্ ৰাহিৰ বাবে এলইডি লাইট, লাইট নিয়ন্ত্ৰণৰ বাবে ছেন্সৰ ব্যৱস্থা, কম বিদ্যুতৰ সহায়ত ভিআৰভি ব্যৱস্থাৰে চলা বাতানুকুল যন্ত্ৰ, পানী সংৰক্ষণৰ বাবে যাতে কম পানী পৰে তাৰ ব্যৱস্থা, বৰষুণৰ পানী ধৰি ৰখা আৰু চাদত ছোলাৰ প্লেণ্টৰ ব্যৱস্থা কৰা হৈছে।  

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Safe, Inclusive AI For All': PM Modi Says India Helping Shape 'Force For Good' Conversation

Media Coverage

'Safe, Inclusive AI For All': PM Modi Says India Helping Shape 'Force For Good' Conversation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 ফেব্ৰুৱাৰী 2026
February 18, 2026

23 Nations, One Vision: PM Modi Takes India Stack & Responsible AI Global