প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ‘ভাৰত ৬জি ভিজন ডকুমেণ্ট’ উন্মোচনৰ লগতে ‘৬জি আৰ এণ্ড ডি টেষ্ট বে’ড’
দেশত উদ্ভাৱন, সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰযুক্তিৰ দ্ৰুত গ্ৰহণৰ পৰিৱেশ ৰচনা কৰিব এইসমূহ পদক্ষেপে
প্ৰধানমন্ত্ৰীয়ে ‘কল বিফৰ ইউ ডিগ এপ্’-ও মুকলি কৰিব
‘প্ৰধানমন্ত্ৰী গতি-শক্তি’ৰ অধীনত চৰকাৰৰ সামগ্ৰিক দৃষ্টিভংগীয়ো প্ৰতিফলিত কৰিব এই ‘এপ্’-য়ে
সাম্ভৱ্য ব্যৱসায়িক লোকচান লাঘৱ কৰাৰ উপৰি অত্যাৱশ্যকীয় সেৱাসমূহত ব্যাঘাতৰ হাৰ অৱনমিত কৰি নাগৰিকসকলক সকাহ দিব ‘এপ্’-টোৱে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চ, ২০২৩ তাৰিখে দুপৰীয়া ১২:৩০ বজাত ‘বিজ্ঞান ভৱন’ত অনুষ্ঠিত এক কাৰ্যসূচীত ভাৰতৰ নতুন ‘আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ’ (আইটিইউ)ৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰটো উদ্বোধন কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে ‘ভাৰত ৬জি ভিজন ডকুমেণ্ট’ উন্মোচন কৰাৰ লগতে ‘৬জি আৰ এণ্ড ডি টেষ্ট বে’ড’-য়ো মুকলি কৰিব। একেটা অনুষ্ঠানতে তেওঁ 'কল বিফোৰ ইউ ডিগ' এপ্-টোও মুকলি কৰি অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে৷

আইটিইউ হৈছে ‘তথ্য আৰু যোগাযোগ প্ৰযুক্তি’ (আইচিটি)ৰ বাবে ৰাষ্ট্ৰসংঘ স্থাপন কৰা এক বিশেষ সংস্থা। জেনেভাত মুখ্য কাৰ্যালয় থকা সংস্থাটোৰ ইয়াত ক্ষেত্ৰীয়, আঞ্চলিক তথা আঞ্চলিক কাৰ্যালয়ৰ নেটৱৰ্ক আছে।  ভাৰতে ২০২২ চনৰ মাৰ্চ মাহত আইটিইউৰ সৈতে আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে এখন আয়োজক দেশ হিচাপে চুক্তি স্বাক্ষৰ কৰিছিল। ভাৰতৰ আঞ্চলিক কাৰ্যালয়ে ইয়াত এটা উদ্ভাৱন কেন্দ্ৰ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছিল, যাৰ ফলত ‘আইটিইউ’ৰ অন্যান্য আঞ্চলিক কাৰ্যালয়সমূহৰ ভিতৰত এইটো কাৰ্যালয় অনন্য হিচাপে পৰিগণিত হব। ভাৰতে সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰা আঞ্চলিক কাৰ্যালয়টো নতুন দিল্লীৰ মেহৰৌলীস্থিত ‘টেলিমেটিক্স উন্নয়ন কেন্দ্ৰ’ (চি-ডিঅ'টি)ৰ ভৱনৰ দ্বিতীয়টো মহলাত স্থাপন কৰা হৈছে। ই ভাৰত, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তান আৰু ইৰাণক সেৱা আগবঢ়োৱাৰ উপৰি ৰাষ্ট্ৰসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব আৰু অঞ্চলটোত পাৰস্পৰিক ভাৱে লাভজনক অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰিব।

ভাৰত6জি ভিজন ডকুমেণ্ট প্ৰযুক্তি উদ্ভাৱন গোটে ৬জি (টিআইজি-৬জি)ত প্ৰস্তুত কৰিছে যিটো ২০২১ চনৰ নৱেম্বৰ মাহত বিভিন্ন মন্ত্ৰালয়/বিভাগ, গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান, শিক্ষা, মানক সংস্থা, টেলিকম সেৱা প্ৰদানকাৰী আৰু উদ্যোগৰ সদস্যসকলৰ সৈতে ভাৰতত ৬জিৰ বাবে পথনিৰ্দেশনা আৰু কাৰ্য পৰিকল্পনা বিকশিত কৰাৰ বাবে গঠন কৰা হৈছিল। ৬জি টেষ্ট বেড-য়ে শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ, ষ্টাৰ্ট-আপ, এমএছএমই, উদ্যোগ আদিৰ বিকশিত আইচিটি প্ৰযুক্তিসমূহৰ পৰীক্ষা আৰু বৈধতা নিৰূপণ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব। ‘ভাৰত ৬জি ভিজন ডকুমেণ্ট’ আৰু ‘৬জি টেষ্ট বে’ড’-য়ে দেশত উদ্ভাৱন, সামৰ্থ্য বৰ্দ্ধন আৰু দ্ৰুত প্ৰযুক্তি গ্ৰহণৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তুলিব।

‘প্ৰধানমন্ত্ৰী গতি শক্তি’ৰ অধীনত আন্তঃগাঁথনি সংযোগ প্ৰকল্পসমূহৰ একত্ৰিত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ উদাহৰণ স্বৰূপে, ‘কল বিফোৰ ইউ ডিগ (চিবিইউডি) এপ’ হৈছে ‘অপ্টিকেল ফাইবাৰ কেবল’ৰ দৰে অন্তৰ্নিহিত সম্পদৰ ক্ষতি প্ৰতিহত কৰাৰ বাবে পৰিকল্পনা কৰা এক সঁজুলি, যিয়ে দেশত প্ৰতি বছৰে হোৱা প্ৰায় ৩০০০ কোটি টকাৰ ক্ষতিৰ পৰা সকাহ দিব। ‘ম'বাইল এপ্’ ‘চিবিইউডি’য়ে ‘এছএমএছ/ইমেইল’ অধিসূচনাৰ জৰিয়তে খননকাৰী আৰু সম্পদসমূহৰ স্বত্বাধিকাৰসকলক সংযুক্ত কৰিব আৰু ‘কল’ কৰিবলৈ ‘ক্লিক’ কৰিব, যাতে ভূগৰ্ভস্থ সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰি সময়ত দেশত পৰিকল্পিত খনন কাৰ্য সম্ভৱ কৰিব পৰা যায়।

‘চিবিইউডি’-য়ে, দেশৰ শাসনত 'চৰকাৰৰ সামগ্ৰিক দৃষ্টিভংগী'ৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে স্বাচ্ছন্দ্যৰে কাম-কাজ কৰাৰ বাবে পৰিৱেশ উন্নত কৰি সকলো অংশীদাৰক লাভান্বিত কৰিব। ই সাম্ভাৱ্য ব্যৱসায়িক লোকচান ৰক্ষা কৰিব আৰু পথ, টেলিকম, পানী, গেছ আৰু বিদ্যুতৰ দৰে অত্যাৱশ্যকীয় সেৱাত হোৱা ব্যাঘাত হ্ৰাস কৰি নাগৰিকসকলক স্বস্তি প্ৰদান কৰিব।

এই কাৰ্যসূচীত ‘আইটিইউ’ৰ বিভিন্ন ক্ষেত্ৰীয় কাৰ্যালয়ৰ তথ্য প্ৰযুক্তি/টেলিকম দপ্তৰৰ মন্ত্ৰী, ‘আইটিইউ’ৰ মহাসচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়া, ভাৰতৰ ৰাষ্ট্ৰসংঘ/অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মূৰব্বী, ৰাষ্ট্ৰদূত, উদ্যোগখণ্ডৰ নেতা, ‘ষ্টাৰ্ট-আপ’ আৰু ‘এমএছএমই’ খণ্ডৰ নেতা বৌদ্ধিক মহলৰ প্ৰতিনিধি, শিক্ষাৰ্থী আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI expands international presence to Cambodia through KHQR linkage

Media Coverage

UPI expands international presence to Cambodia through KHQR linkage
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a fire incident in Malviya Nagar, Delhi
June 03, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today described the loss of lives due to a fire incident in Malviya Nagar, Delhi, as tragic. He extended his heartfelt condolences to those who have lost their loved ones and wished a speedy recovery to the injured. He noted that authorities are providing all possible assistance to those affected.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also stated that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"The loss of lives due to a fire incident in Malviya Nagar, Delhi is tragic. My condolences to those who have lost their loved ones. Wishing a speedy recovery to the injured. Authorities are providing all possible assistance to those affected.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"