প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ জুনৰ  পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য বিদ্যানন্দ জী মহাৰাজৰ শতবাৰ্ষিকী  অনুষ্ঠান উদযাপনৰ শুভাৰম্ভণি কৰিব।  এই উপলক্ষে্য আয়োজিত  সভাত  প্ৰধানমন্ত্ৰীয়ে ভাষণো দিব।

 

 ভাৰত চৰকাৰৰ উদ্যোগত তথা  ভগৱান মহাবীৰ অহিংসা ভাৰতী ট্ৰাষ্টৰ সহযোগত জৈন আধ্যাত্মিক গুৰু তথা সমাজ সংস্কাৰক আচাৰ্য বিদ্যানন্দ জী মহাৰাজৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা   হৈছে বছৰজোৰা  এই অনুষ্ঠানৰ।  জৈন আধ্যাত্মিক গুৰুগৰাকীৰ প্ৰতি জাতীয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ হিচাবে এই অনুষ্ঠান  ২৮ জুনত ৱ    আনুষ্ঠানিক আৰম্ভণি কৰা হ'ব। বছৰজোৰা এই উদযাপনত সমগ্ৰ দেশতে সাংস্কৃতিক, সাহিত্যিক, শৈক্ষিক আৰু আধ্যাত্মিক  আদি পদক্ষেপ গ্ৰহণ কৰা হ’ব। যি পদক্ষেপৰ লক্ষ্য হ’ব জৈন আধ্যাত্মিক গুৰুগৰাকীৰ  জীৱন আৰু উত্তৰাধিকাৰক উদযাপন কৰা তথা  তেওঁৰ বাৰ্তা প্ৰচাৰ কৰা।

 

আচাৰ্য বিদ্যানন্দ জী মহাৰাজে জৈন দৰ্শন আৰু নৈতিকতাৰ বিষয়ত  ৫০ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষত প্ৰাচীন জৈন মন্দিৰৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ বিশেষকৈ প্ৰাকৃত, জৈন দৰ্শন, ধ্ৰুপদী ভাষাত শিক্ষা ক্ষেত্ৰত  বহু উল্লেখনীয়  কাম  কৰিছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi